Saturday, March 9, 2013

পেলেষ্টাইন দে

এহাল দম্পতিৰ কথোপকথন

:তাৰমানে কালিলৈ পেলেষ্টাইন দে?
:আপুনিও ভাল মানুহ দেই।
:কিয়? ভুল হৈছে নেকি?
:ভেলেন্টাইন দে টোও আপোনাৰ মনত নাথাকে নে?
:কিনো কবা আৰু। আমি কলেজত পঢ়োতে পেলেষ্টাইন নামৰ এখন ৰাষ্ট্ৰৰ নাম পাইছিলো। ভেলেন্টাইন নামৰ কোনো দিৱস পোৱা নাছিলো।
:হলেও। এইবোৰ জানিব লাগে।
:তাৰমানে কালিলৈ মই অফিচ যাব নোৱাৰিম?
:নোৱাৰিবা তো। কালিৰ দিনটোতো তুমি অফিচ যাবা?
:কিয় কালিলৈ নেচনেল হলিডে নেকি?
:হলিডে নহলেও কালিলৈ তুমি মোক কম্পেনি দিব লাগিব!
:কিয় বা?
:কালিলৈ সকলোৱে প্ৰিয়জনক কাষতে বিছাৰে!
:আনদিনা কাষত নিবিছাৰে নেকি?
:আনদিনাতকৈও কাষত বিছাৰে।
:তেনেহলে এটা কাম কৰিব পাৰো দেখোন?
:কি কোৱাচোন?
:মইয়ো বিছাৰিছো যে কালিলৈ তুমি মোৰ কাষতে থাকা!
:চিওৰ?
:চিওৰ তো। সেয়ে কৈছো:কালিলৈ তুমি মোৰ সতে আমাৰ অফিচলৈকে ওলাবা। মোৰ টেবুলৰ কাষতে চেয়াৰ এখন পাৰি দিম। কোনোবা পার্কত বহি তুমি মোৰ মূৰৰ ওকনি চাই থকাতকৈ মোৰ অফিচতে বহি মোৰ ওকনি চাই থাকিবা। তেতিয়া অন্তত মই পৰহিলৈ মোৰ বচক কালি কিয় নাহিলা জাতীয় প্ৰশ্নৰ কৈফিয়ত্‍ দিব নালাগে।

HOW ARE YOU?

এজনক ইংৰাজীত সুধিলোঃ HOW ARE YOU?
তেখেতে কলেঃ FINE.
উত্তৰটো শুনি মূৰটোহে গৰম হল।
এইটোনো কি লাখটকীয়া প্ৰশ্ন হল যে মই FINE ভৰিব লাগে?

সিদিনা এজনক সুধিলোঃ আমুক আছেনে?
তেখেতে কলেঃগাৱঁৰ ফালে গৈছে।
মই কলোঃ গাঁওবোৰক আপোনালোকেই ফালি দেখুৱাইছে।
তেখেতে সুধিলেঃ কিয়?
মই বোলোঃগাঁৱলৈ গৈছে বুলি কলেনো কি হয়?

এদিন আলহী এজন আহিল।কিছুপৰ বহাৰ পাছত কলেঃ পানী এগিলাচ খাও।
মই বোলোঃআপুনি মোক নোসোধাকৈ পানী গিলাচো নাখায়নেকি?
তেতিয়া মানুহজনে কলেঃআপুনি ভিতৰৰ পৰা আনি দিলেহে খাব পাৰো!
মই বোলোঃআপুনিতো মোক পানী এগিলাচ আনা বুলি কব পাৰিলেহেতেন?

সৰুতে এবাৰ ছাৰে সুধিলেঃপৃথিৱীখন কেনেকুৱা?
মই বোলোঃধুনীয়া।
দুই চাট দি কলেঃ বুর্বক।পৃথিৱীখন গোলাকাৰহে।
মই বোলোঃ আপুনিতো মোক পৃথিৱীৰ আকাৰৰ বিষয়ে সোধা নাছিল?

আকৌ এদিন স্কুলত পঢ়োতে এবাৰ ছাৰে সুধিছিলঃ মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল?
মই বোলোঃ নামটো জানো ছাৰ। কিন্তু নকও।
মোক সুধিলেঃ কিয়?
মই বোলোঃ পুৱাই পুৱাই হত্যাকাৰী এজনৰ নাম নলও।
ছাৰে হাহি এটা মাৰি কলেঃএটা ফালৰ পৰা তোৰ কথাখিনিত সত্যতা আছে।
আচলতে মইহে জানোঃ কিমান সত্যতা আছিল তাত! সচাঁ কবলৈ গলে বহুদিনৰ পাছতহে জানিছিলো হত্যাকাৰী জনৰ নাম।

কবিতা - অংক

যোগ বিয়োগ
পূৰণ হৰণৰ
তুমি এটা সৰল
অথচ
জটিল সমীকৰণ।
অহংকাৰৰ 'যোগ'
সৰলতাৰ 'বিয়োগ'
উচ্চাকাঙ্খাৰ 'পূৰণ'
আৰু পৰিণতিত
মোৰ নিদ্ৰা 'হৰণ'।

কবিতা - তোমাক ফুৰাব নোৱাৰিম

'ভুটান'ৰ ৰাষ্ট্ৰীয় আয়েৰে
'ভাৰতবর্ষ' চলাব নোৱাৰি।
বেয়া নাপাবা,
দেওবাৰ হ'লেও আজি মই
তোমাক ফুৰাব নোৱাৰিম।।

কবিতা - মহানগৰীৰ ফ্লেট

মহানগৰীৰ ফ্লেট'ত থাকিলেও
তুমি কেতিয়াও মোতকৈ
নিমখ বেছি নোখোৱা।
তথাপিতো তুমি কিয়
নিমখ হাৰাম হ'লা?

পৰাগৰেণু

'পৰাগে' 'ৰেণু'ক বিয়া কৰোৱাৰ পাছৰে পৰা ধেমালিতে সিহঁতৰ নাম 'পৰাগৰেণু' বুলিয়েই জনাজাত হ'ল। সিঁহতৰ সন্তানৰ নাম চকুচৰহা মানুহে কিয়নো 'কলী' ৰাখিলে এই কথা নাম ৰখাবোৰেহে জানিব।তথাপিতো ইমান ধুনীয়া ছোৱালীজনীৰ নাম 'কলী' ৰাখিব লাগেনে বাৰু? যি কি নহওক 'কলী'য়ে কিন্তু নিজৰ নামৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰপৰা শিক্ষা লৈ নিজৰ জীয়েকৰ নাম বহুতো ভাৱি গুনি 'ফুল' ৰাখিলে।নিজা সৌন্দর্যৰে 'ফুল' বিখ্যাত হ'ল। 'ফুল'ৰ পুত্ৰ সন্তানৰ নাম 'ফল'। এই নামটোও 'ফুলে' নিজেই দিছিল। 'ফল'ৰ পুতেক বীজ হোৱালৈ 'ফুল' সিফলীয়া হ'ল। নাতিনীয়েকৰ মুখ চোৱাৰ হেপাহখিনি 'ফুল'ৰ কোনোদিন নহ'ল।

আবেলি পৰত...

আবেলি পৰত আহিনীয়া বেলিটো নিলাজ হৈ পৰে! ৰাতিপুৱাই ৰিভলভিং চেয়াৰ এখনত ভৰি তুলি পুবৰ পৰা পশ্চিমলৈ টোপনীতে কাতি হৈ হৈ নিমজ আকাশৰ মজিয়াখনত চেয়াৰখন চোচোৰাই আনি আনি যেতিয়া আমাৰ পশ্চিম কোনৰ তামোলজোপাৰ পাতবোৰত উঠেহি তেতিয়াই তাৰ আচল মতলবটো ধৰিব পাৰি।ভেন্টিলেটৰৰ ফাকেদি সি ভিতৰবোৰ জুমি জুমি চায়।আমাৰ বেৰখনত তেতিয়া নিজৰ ঘাট জাল এখনত বহি মকৰা এজনীয়ে সন্তানক গাখীৰ খুৱাই থাকে। মকৰাজনীয়ে লাজতে পোৱালীকেইটা আতৰাই পথায়। কেলেন্দাৰৰ আৰঁত গর্ভৱতী জেঠী জনীয়ে পেট পেলাই শুই থাকে তেতিয়া। আহিনীয়া বেলিৰ টর্চৰ পোহৰ জেঠীজনীৰ পেটটোতে পৰে।আমাৰ ষ্টৰ ৰুমৰ ভগা পাচী এটাত পইতাচোৰা এজনীয়ে কাপোৰ সলায় গা ধোৱে সেই সময়ত।আহিনীয়া বেলীয়ে তাইকো জুমি চায়।আমাৰ অশোকফুলজোপাত থকা মৌপিয়াৰ বাহটোত চৰাইহালৰ আলিংগনখিনিকো সি চুৰ কৰি উপভোগ কৰে। তাৰ মতলব যে ভাল নহয় সেই কথা সকলোৱে জানে। সকলোৱে তাক শাও দিয়ে। তাৰ চকুদুটা ফুটাই দিবলৈ কয়। আৰু শাও লাগেও। আঘোণ মাহত বেলীটোৰ চকুত কুৱলীয়ে ধুলি চটিয়াই দিয়ে।আৰু তিনিমাহৰ বাবে বেলীটোৱে চকুৰে ভালদৰে নেদেখা হয়।মাঘৰ মেজীয়েহে তাক আৰোগ্য কৰে।

বৰষুণ জাকৰ শব্দত...

বৰষুণ জাকৰ শব্দত সাৰ পাই গলো।ছেঃ আজি আৰু কেনিও যোৱা নহব।মোৰ ফালে পিঠিটো দি এও শুই আছিল।বেছেৰীলৈ বেয়াই লাগে।সাতটা সন্তানৰ মাক বুলি তাইক কোনেও নকয়।ওলাই গলে এতিয়াও দগাবাজ কেইটাই তাইৰ পাছ লয়।একেটা ঘৰতে থাকিলেও বেছেৰীলৈ কোনোদিন চোৱাই নহয় ভালকৈ।চাওনো কৰপৰা? সময় হলেহে! পুৱাৰ পৰা গধুলিলৈকে নিজৰ পেটটোৰ কথা চিন্তা কৰোতেই যায়। এয়াই জীৱন আমাৰ। মুঠতে জীৱন নহয় সংগ্ৰাম।
বৰষুণজাক সহজে এৰাৰ আশা নাই। গতিকে এওৰ লগতে অলপ স্ফুর্তি কৰো বুলি ভৰিকেইটা কোচাই পিঠিটো এওৰ গাত লগাই দিলো।লগে লগে মুৰটোৱে মোৰ কপালতে এক খুন্দা দি দিলে। মন ভাল নাথাকিলে এও তেনেকুৱা কৰেই। মুৰটো হাওলি এইবাৰ তেওৰ ভৰিৰ কৰঙনত গুজি দিলো।আপত্তি নকৰা দেখি ভালেই পালো। অবুজ তৃপ্তিত চকুকেইটা মুদি দিলো।তাৰ পাছৰ কথাখিনি কলে আপোনালোকৰ হাহিহে উঠিব। নেগুৰ ডাল দাঙি তেঁও অর্থাত্‍ কলা পখৰা গাইজনীয়ে যে মোৰ মুৰটোতে হাগি দিব ভবাই নাছিলো বুজিছে। মোৰ বগা মুৰটো গোবৰেৰে ভৰি পৰিল।আনকি শিঙ দুটাও গোবৰেৰে লেতেৰা হল।তেওক গালি কেইটামান দি আগঠেং দুটাত ভৰ দি উঠি নেজডাল দাঙি মুৰটো জোকাৰি দিলো। থল থলকৈ গোবৰ এখিনি সৰি পৰিল।

লটিঘটি (১)

লটিঘটি (১)

:'হেৰি মহাশয়, আপুনি অথনিৰে পৰা কিয় ভৰিখন খজুৱাই আছে?'...
সহযাত্ৰীজনৰ কথাত অস্বস্তিত পৰিলো।
:'খজুৱাইছে কাৰণে খজুৱাইছো।তাতে আপোনাৰনো কি হ'ল?'...অলপ উষ্মাৰেই কলো।
মোৰ কথাত তেখেত অলপ তভক মাৰি ৰৈ তত্‍মুহুত্বতে সুৰটো কোমল কৰি কলেঃ
'মোৰ একো হোৱা নাই। কিন্তু মহাশয় আপোনাৰ জ্ঞাতার্থে এটা কথা জনাও যে আপুনি খজুৱাই থকা ভৰিখনৰ গৰাকী মইহে, আপুনি নহয়'।
হে হে।লাজতে তলমুৰ কৰিলো বুজিছে। কানত ধৰিছোঃ বাছত যাত্ৰা কৰা অৱস্হাত কেতিয়াও কবিতা ভাৱি নাযাও। কেবাবাৰো লাজ পাই থৈছো। কিন্তু শিক্ষাহে নহ'ল।এইবাৰ শাওণমহীয়া পুৱাতেই কবিতা এটাই মনত সুৰসুৰণি তুলি দিয়াত কবিতাটো কেতিয়া লিখো কেতিয়া লিখো লগাত শুই উঠিয়েই গেষ্টিকৰ পিল বুলি শ্লিপিং টেবলেট এটা খাই হালখন লৈ গৈ পথাৰত শুই থকা অৱস্হাত ঘৰৰ মানুহে উদ্ধাৰ কৰি আনিলে বুজিছে। সিদিনা আকৌ কি হল জানে? এজনে কবিতা এটা লিখিব কোৱাত কবিতাটো বিছাৰি বিছাৰি চাইকেলখন লৈ গৈ থাকোতে একোবত চাইকেলৰ পামটো কমি যোৱা যেন অনুভৱ হোৱাত চাইকেল দোকান এখনত পামটো দি থাকোতেই টায়াৰটো ব্লাষ্ট হৈ গল।তেতিয়াহে গম পালো যে সেইখন মোৰখন চাইকেল নাছিল।বেলেগ এখনতহে পাম দিছিলো বুজিছে। এনেই ১৫০টকা ভৰিলো।
(ক্ৰমশ)

লটিঘটি(২)

লটিঘটি(২)

ইমানবোৰ লাজ পাইয়ো কবিতা ভাবিবলৈ এৰা নাই বুজিছে।নুমলিগড়ত মোৰ পেহীজনীৰ ঘৰ।সিদিনা পুৱা পেহীৰ ঘৰত বিয়া খাবলৈ বুলি নগাওমুখী বাছ এখনত উঠিলো।বাছৰ কোমল চিটত হাউলিবলৈ পালেই মোৰ অনুভৱৰ চিটপখিলীজনী বহু সাগৰ, বহু ডাৱৰ পাৰ হৈ যাব খোজে। ভাড়া নিবলৈ আহি কন্ডাক্টৰ জনে তেনেতে ক'ত যাম সুধিলে।মই যোৰহাটলৈ যাম বুলি কবলৈহে পালো দুজনমানে বগা দাতকেইটা উলিয়াই হাহিয়েই দিলে। ভাৱত বিভোৰ হৈ থকাৰ বাবে যেনিবা নুমলিগড় বুলি নকৈ যোৰহাট বুলি কলোৱেই তাতনো কি ৰামায়নখন শকুনিয়ে লিখা বুলি কলো,ঢেকঢেককৈ যে হাহিব লাগে! এইবোৰকে লৈ কাহিনী এটা সাজো বুলি চকু মুদি ভাৱি থাকোতে থাকোতে নুমলীগড় পাৰ হৈ হতচিৰীহোৱা বাছখন বোকাখাট পালেগৈ।মইতো অসমৰ মুখ্যমন্ত্ৰী নহয় যে বোকাখাটৰ পৰা বাছখন নুমলীগড়লৈ বেক কৰি লৈ আহিম! বাছখন এৰি গোলাঘাটলৈ যোৱা 609এখনত উঠিলো। অনুভুতিবোৰে কনী অলপ পাৰি লৈ বাছৰ চীটৰ টেম্পেচাৰতে কনীবোৰ উমনী লৈ পোৱালী এসোপা জগাই জগাই আহি থাকোতে বাছৰ হেন্দিমেনৰ 'নামক, নামক' চিঞৰত সাৰ পাই খকমককৈ নামি আহিলো।কিন্তু হে প্ৰভু!এইখন দেখোন গোলাঘাটহে! নুমলীগড়খন ক'ত গল?
(ক্ৰমশ)

আমদালি

অৱশেষত তেঁও আহিল।
মোৰ দুৱাৰদলিৰ
শুকান আমদালিডালে
বতাহত তেতিয়া
হালি জালি আছিল।


অৱশেষত তেঁও আহিল।
মোৰ দুৱাৰদলিৰ
শুকান আমদালি
তেঁও তেতিয়াও দেখা নাছিল।

টকা এশ আৰু অপমানৰ পৰা ৰেহাই

:মোক টকা এশ দিয়ক। মই আপোনাক অপমানিত হোৱাৰ পৰা বচাম।
:কিনো? কথাটো কোৱাচোন।
:বিশ্বাস নকৰে যদি নালাগে। আৰু মই ডাঠি ক'ব পাৰো আপুনি অপমানিত হ'বই আজি।
:ছেঃ খেলিমেলি লগাই দিলা তুমি।
খুলি কোৱাচোন আগতে।
:আগতে টকা শ দি লওক।
:এহ কি বুলি বিশ্বাস
কৰিম তোমাক?
:মোৰ কথা মিছা হলে টকা ঘুৰাই দিম!
:লোৱা, লোৱা। এতিয়া কোৱা, কথাটো কি?

প্ৰিয় ৰাইজ,
আজি আবেলি মোৰ হাতত টকা নাছিল। তেনেতে দোকানৰ গাদীত মাৰোৱাৰী এজনক বহি থকা দেখিলো। ওপৰৰ কথাখিনি মাৰোৱাৰীজন আৰু মোৰ কথোপকথনহে দেই।
মাৰোৱাৰীটোৰ পৰা টকা শ লৈ তাক কলোঃ "পেন্টৰ চেইনডাল মাৰি লওক। মোৰ দেৰী হৈছে। যাও এতিয়া"। গুপগুপকৈ ওলাই আহিলো।

লটিঘটি(৩)

লটিঘটি(৩)

ইমানবোৰ হোৱাৰ পাছতো অনুভুতিজনীয়ে লগ নেৰা হ'ল বুজিছে। ইন্টাৰেষ্টিং কথা কি জানে? মই পুৱা গা ধোৱাৰ আগতে হেৰিলৈ গ'লেও তাই মোৰ কান্ধতে উঠি লয়হি।ইমান ডবিয়াও, নামি নাহেহে নাহে। অৱশ্যে এটা কথা মোৰ সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে কবিতাই হওক অথবা অন্য সাহিত্যই হওক কচৰত্‍ কৰাৰ বাবে সেই বাথৰুমৰ লগতে লাগি থকা হেৰি'তকৈ উপযুক্ত জাগা কিন্তু ভু ভাৰস্তত নাই।ইমান নিৰব জাগা সেইকন! ঘীন কৰিলেও কৰিব দেই! মোৰ কিন্তু বেছিভাগ লেখনীয়েই তাত ভুমিস্হ হোৱা। যি কি নহওক কিবা এটা ভাবি সেইদিনাও মই পাক এটা ঘূৰিবলৈও ঠাই নোহোৱা সেই হেৰি'টোত বহি আছিলো।ভাবি আছো ভাবিয়েই আছো। আহিল প্লট এটা।জুকিয়াই জুকিয়াই গৈ আছো। গৈ আছো।....হঠাত্‍
হুৰহুৰ হুৰহুৰ.. ঘটলং ঘটলং.. উ উ উ উ উ..
ভূমিকম্প ভূমিকম্প ভূমিকম্প। কেতিয়ানো দৰজাখন খুলি হেৰিৰ পৰা চোতাল পালোহি গমেই নাপালো। মই চোতাল পোৱালৈ ৰিখটাৰ স্কেলডালেও জিৰণি ললেগৈ চাগে।তেনেকুৱাতে মায়ে মোক উদ্যেশি কলেঃ 'ঐ নীলাজ, নীলাজ? যা ইয়াৰপৰা'।
তেতিয়াহে চকু পৰিল তললৈ।আদিম মানৱ এজন হৈ লাজতে দৌৰি আহিলো বুজিছে 'কোলাবেৰী কোলাবেৰী' গীতটো গাই।
(ক্ৰমশ)

হাতীপটী

ৰাতিৰ আকাশত ধিমিক ধামাক কৰা তৰাবোৰ কি বুলি ভাৱিছে? আমাৰ আইতা আজোআইতাহঁতে সন্ধা জ্বলোৱা মাটিচাকিহে সেইবোৰ।মৰাৰ পাছতো তেঁওলোকে পুৰণি অভ্যাস এৰি দিয়া নাই।আকাশত থাকি থাকি সেইবোৰকে কৰি থাকে।চাকিবোৰো সৰু নহয় কিন্তু।আমি ইয়াৰপৰা দেখোতেহে সৰু যেন দেখো।প্ৰায় এপোৱামান মিঠাতেল ধৰে তাত।সেয়ে ৰাতিটো ধিমিক ধামাককৈ জ্বলি থাকিব পাৰে। আকাশত কপাহ নথকা বাবে তেঁওলোকৰ শলিতাৰ অভাৱ হয়।সেয়ে শলিতা নথকাৰ দিনাই বতৰটো অটোমেটিক ডাৱৰীয়া হয়।ডাৱৰীয়া হলে তেঁওলোকে ভালেই পায়।ডাৱৰৰ পৰা শলিতা বনাই লয় সেইকেইদিন।তাৰ পাছত দিনৰ তাপত শুকুৱাই আকৌ চাকিবোৰ জ্বলায়। মৰাৰ পাছত মানুহবোৰক ভগবানে সেয়ে আকাশত মাটিচাকী জ্বলাবৰ বাবে ওপৰলৈ লৈ যায়। সেয়েহে আমি মৰাৰ পাছত মানুহবোৰ পৃথিবীত বিছাৰি নাপাও আকৌ। তেঁওলোকে আকৌ কেতিয়াবা কেতিয়াবাহে খোৱা বোৱা কৰে।তেঁওলোকে খাবৰ দিনা আপুনি ইয়াত থাকিয়েই গম পাই যাব কথাটো। তেঁওলোকে যেতিয়া ইমানবোৰ মানুহৰ বাবে ভাত বনায় তেতিয়া তেঁওলোকৰ পাকঘৰৰ পৰা যি ধোৱা ওলায় সেই ধোৱাৰ নামেই হাতীপটী আকৌ।সেয়ে ৰাতি এবাৰ তৰাবোৰ চাব।আপোনাৰ আপোনজনক তাতে পাব।

লটিঘটি(৪)

লটিঘটি(৪)

ঘৰত এদিন ভাত ৰন্ধাৰ পালটো মোৰ ভাগত পৰিল।অকল ভাত ৰন্ধাই নহয় নবৌ কিবা কামত বি জি থকাৰ বাবে এবছৰীয়া ভতিজাটোও মোৰ কোলাতে আছিল।মূঢ়া এটাত তাক বহুৱাইয়ো ৰাখো আৰু থুনথুনালে কোলাতো লও। মুঠতে এক গুলী দুই চিকাৰ।মনত তেতিয়াও হাজাৰ ভাৱৰ গুঞ্জন। কিবা এটা লিখাৰ তাগিদা। ভাৱি আছো ৰান্ধি আছো কেচুৱা লৈয়ো আছো।তেনেতে প্ৰেচাৰ কুকাৰে সুহুৰি মাৰিলে।কুকাৰটো ফ্লৰতে নমাই কেৰাহীখন পাতিলো।তেল দিলো।তেল পকি গল।নহৰু মেথি পাচফুৰণ দিলো।চৰচৰাই উঠিল।কলডিলৰ আঞ্জা বনাব লাগে। কলডিল দিবলৈ লওতে দেখিলো কলডিল কুটাই নাই। হে প্ৰভু!কি কৰো? যি হয় হব বুলি কটাৰীখনেৰে কলডিলটো বেঙেনা কটাৰ দৰে চকল কৰি দিলো ভাজি।খালে খাব নাখালে নাই সেই ভাৱত।তাৰ পাছত কুকাৰৰ ঢাকোন খুলি দাইল কন ঠাণ্ডা হব দিলো।ঢাকোনখন খুলি কলডিল ফ্ৰাইখিনি লৰাই দিলো।তেনেতে ভতিজাটোৱে দিলে নহয় কান্দি।আকৌ তাক লৈ এহাতেৰে ঢাকোনখন মাৰি তাক পুণৰ মূঢ়াটোত বহুৱাই দিলো।কিন্তু এইয়া কি?মূঢ়াটোত বহুওৱাৰ লগে লগে সি দেখোন জিকাৰ এটা মাৰি ঠেৰেঙা লাগিল!
'আয়ৈ খালে ঐ' বুলি চিঞৰি উঠিলো। ভতিজাটোৰ টিকাৰ মঙহ কুকাৰৰ দাতিত লাগি আহিল।মূঢ়া বুলি গৰম কুকাৰটোতে তাক মই পাপীষ্ঠই বহুৱাই দিছিলো।হায়। অনুভূতি।শেষ কৰি দিলা মোক!
(ক্ৰমশ)

কথোপকথন (১২)

এটি ছবছৰীয়া লৰা আৰু মাকৰ কথোপকথন

: মা আমাৰ মহা মাহী কিয় নাই?
: আজিকালি মাইনাবোৰৰ মহা মাহী নাথাকে সোণ!
: কিয়? আমাৰ লগৰ
দীপুহতৰ মহা মাহী জেঠাই চব আছে দেখোন!
: দীপুৰ ককাক আইতাকে দীপুক ভাল পায় বাবেই জেঠাই মাহীবোৰৰ জন্ম দিছিল আকৌ!
: আমাৰ ককাইনো কিয় নিদিলে?
: আমাৰ ককা আইতাই 'পৰিয়াল পৰিকল্পনা'ৰ চিকাৰ হ'ল সোন!
: পৰিয়াল পৰিকল্পনানো কি বস্তু মা'?
: ই চৰকাৰৰ এখন আচনি সোন। এই আচনিমতে এটা পৰিয়ালত এটা বা দুটা সন্তানহে থাকিব লাগে!
: এইবোৰনো চৰকাৰে কিয় কৰিছে মা? চৰকাৰে মাইনাবোৰ ভাল নাপায়নেকি?
: পায় সোন।বহুত ভাল পায়।
: পায় যদি চৰকাৰে বেছি মাইনা কিয় জন্ম হ'ব দিয়া নাই?
: তোমালোকৰ ভালৰ বাবেই চৰকাৰে তেনে কৰিছে সোন!
: কি ভাল কৰিছে? চৰকাৰৰ এই আচনিৰ বাবে আমি মহা মাহীৰ মৰমখিনি হেৰুৱাইছো। আৰু কিছুদিনৰ পাছত মহা মাহী শব্দৰ অর্থ বিছাৰি অভিধান মেলিব লাগিব। এটা পৰিয়ালত এটা ল'ৰা বা এজনী ছোৱালী থাকিলে পাছৰ প্ৰজন্মই ক'ত মহা মাহী পেহী পেহা পাব?...

মাইনাটোৰ কথাত মাকে মুৰে কপালে হাত দি ঠাইতে বহি দিলে। (এটা সচাঁ ঘটনাৰ আঁত ধৰি)

লটিঘটি(৫)

লটিঘটি(৫)

আমাৰ ক্লাৱৰ ৰুপালী জয়ন্তী অনুষ্ঠানলৈ তেতিয়া এসপ্তাহ আছিল।প্ৰকাশ পাবলগীয়া আলোচনীখন পাছদিনা প্ৰেছত দিব লাগে।লগৰ কেবাজনে ৰাতি ক্লাবত বহি লিখনী বোৰ চাই আছে।মই সম্পাদকীয়টো লিখি আছো।কেতিয়ানো ১২ বাজিল গমেই নাপালো।এজন এজনকৈ সকলো ইতিমধ্যে গুছি গৈছে। ৰুবুল আৰু মইহে যাব পৰা নাই।চুক এটাত বহি চিগাৰেটৰ কুণ্ডলী উৰুৱাই ৰুবুলে হিচাব নিকাচ মিলাই আছে।কেবাবাৰো চেষ্টা কৰিও সম্পাদকীয়টো মই সম্পূর্ণ কৰিব পৰা নাই।এবাৰ লিখো এবাৰ কাটো।ইপিনে টোপনীয়ে আগুৰি ধৰিছে।ৰুবুল তেতিয়াও নিজৰ কামত ব্যস্ত।একোবত কালিলৈ পুৱা লিখিম বুলি ঘৰ পালোহি। বিচনাত পৰি দিয়া মাত্ৰকে টোপনি গ'ল। পুৱা হুলস্হুলত সাৰ পাই গলো। ৰুবুলৰ গোটেই পৰিয়ালটো উঠি আহিছে।ৰুবুল নাই। বুকুখন চিৰিংকৈ গল। কেনি গল ৰুবুল? ঘৰৰ মানুহে কন্দা কটা কৰিছে। মানুহবোৰ পিঙা পিঙি দি ৰুবুলক বিছাৰি ফুৰিছে। পেন্টটো পিন্ধিবলৈ লওতেই পকেটৰ পৰা ক্লাবৰ ছাবি কোচা সৰি পৰিল। আৰু সেই ছাবি কোচাতে ৰুবুলৰ সন্ধান পাই গলো। লৰালৰিকৈ ক্লাব পালোগৈ।দৰজাখন খুলি দিলো।হাও হাওকৈ ওপৰলৈ মূখ মেলি চকীখনকে ৰুবুলে ঘৰৰ বিচনা কৰি লৈছে।চবে মোক কুকুৰে কাইট নোখোৱা কৰিলে। কাৰণ আগদিনা ৰাতি ময়েই তাক বন্দী কৰি থৈ গৈছিলো।
(ক্ৰমশ)

শৰত আৰু বৰষুণ

শৰত আৰু বৰষুণ। ইটোৰে সিটোৰ ৰাহি যোৰা নাহে। একেৰাহে বৰষুণ দি থকাৰ বাবে শৰতৰ মাদকতাখিনি এতিয়ালৈকে আমাৰ অগোচৰেই হৈ আছে।ওন্দোলা আকাশখন দেখি কিবা এটা কৰো বুলি পুৱাতে মনটো বান্ধি ল'লো। আমাৰ ঘৰৰ সন্মুখতে খুউব ওখ ইউকেলিপটাছ এজোপা আছিল। ১০০ মিটাৰ দীঘল ওৱায়েৰ এডাল লৈ এমুৰে প্লাগ এটা ফিটিং কৰি টেবুল ফেন এখনৰ সৈতে সংযোগ কৰিলো।তাৰ পাছত টেবুল ফেনখন পিঠিত বান্ধি লৈ গছজোপাৰ একেবাৰে ওপৰৰ ডাল এটাত আকাশলৈ মুৰ কৰি টানি বান্ধি দিলো। কামটো কৰি নামি আহিলো আৰু প্লাগটো চুইচ বর্ডখনৰ পিনকেইটাত ভৰাই চুইচটো দি দিলো। লগে লগে গছজোপাৰ ওপৰত ফেনখন তীব্ৰভাৱে ঘূৰিব ধৰিলে। ডাৱৰবোৰ চেদেলি ভেদেলি হৈ গ'ল। দুঘন্টামানৰ পাছত ক'ৰ ডাৱৰ কলৈ গ'ল ঠিকনা নাই। হাহি হাহি বেলিটো ওলাই আহিল। যোৰহাটৰ আকাশ মোৰ বাবেই ফৰকাল আজি।আন জিলাইয়ো যদি মোৰ এই কাণ্ডৰ পৰোক্ষ সুবিধা পাইছে নাজানো। আমি প্ৰচাৰ বিমুখ মানুহ।কোনো এটা নিউজ চেনেল আগবাঢ়ি নাহিল বুজিছে টেলিকাষ্ট কৰিবলৈ।
বেলেগে এই কামটো কৰাহ'লে দেখিলেহেতেন! গোটেই দিনটো লাইভকে দেখাই থাকিলেহেতেন! আপোনালোকেতো কমচেকম আপডেট এটা দিব পাৰিলেহেতেন!

লটিঘটি(৬)

লটিঘটি(৬)

সম্পর্কীয় জেঠাই এগৰাকীৰ গিৰিয়েক ঢুকাল।খবৰ কৰিবলৈ মায়ে খুউব কৈ আছিল।দেউতাই আগদিনাই কিবা কিবি আনি বেগত ভৰাই ফিটিং কৰি ৰাখিছে।মুঠতে মই লৈ গলেই হল।মৰাঘৰীয়াৰ মাতষাৰতো সুদা মুখেৰে লগাব নোৱাৰি।মাহ কল আপেল কমলা নাৰিকল এইকেইটা বস্তু হলেহে বেগটো গহীন হয়।দুপৰীয়া ১ মান বজাত তালৈকে উদ্যেশি ওলালো। মায়ে কলেঃবেগটো ষ্টৰ ৰুমতে আছে।চব ভৰাই থৈছো। বেগটো লৈ লৰালৰিকৈ মৃতকৰ ঘৰ পালোগৈ। জেঠাইৰ পুতেক বোৱাৰীয়েক ওলাই আহিল।ড্ৰইং ৰুমতে বহিবলৈ দি তেওঁলোকো ফ্লৰৰ কার্পেটখনতে বহি পৰিল।তেনেতে জেঠাই ওলাই অহাত বেগটো জেঠাইক দিলো।চাহ দিলে। প্ৰসাদ দিলে।এটা সময়ত যাও বুলি কৈ উঠি আহিব খোজোতে সকলোৰে মুখবোৰ সেমেনা সেমেনি কৰা দেখিলো।জেঠায়ে কলেঃ কথা এটা কও বেয়া নাপাবি।
মই কলোঃ নাপাও কোৱা জেঠাই।
জেঠায়ে কলেঃ খেতি খুউব কৰনেকি তই?
মই কলোঃদেউতাইহে কৰে।
আকৌ জেঠায়ে কলেঃ
সাৰ চাৰ দিয়নে নাই?
মই উত্‍সাহেৰে কলোঃ
দিয়ে। দিয়ে। খুউব দিয়ে।
কিছুপৰ ৰৈ জেঠায়ে পুণৰ কলেঃ
তেনেহলে তই বেগটো লৈ যা। দেউতাই সাৰ আৰু শইচৰ গুটি আনি থোৱা বেগটোকে তই লৈ আহিলি।তই অহাৰ পাছতে মাৰে কথাটো জানি মোক ফোনতে কথাবোৰ কৈছে।তই হেনো আজিকালি খুউব চিন্তা কৰি থাক?

শিল পৰা কপৌৰ দৰে মই থৰ লাগিলো।
(ক্ৰমশ)

কবিতা - সংবেদন

যাক দেখি আমিবোৰ
সংবেদনশীল হওঁ
সেই ফুলবোৰকে
ৰাতিৰ আকাশখনে ক'লা দেখে!

নতুন বোৱাৰী

নতুন বোৱাৰীজনীৰ বাউসীটোৰ পৰা খেদা খাই বুঢ়ী মহজনীয়ে কোনকোনাই কোনকোনাই মানুহ নথকা কোঠা এটাত উৰি ফুৰোতে বেৰৰ গজাল এটাত ওলোমাই থোৱা প্লাষ্টিকৰ ৰঙীণ বেগ এটা দেখিলে।বেগটোৰ বাহিৰত লিখি থোৱা আখৰবোৰ দেখি যেতিয়া গুৱাহাটীৰ জি এন আৰ চিৰ বেগ বুলি গম পালে তেতিয়া লাহেকৈ তাই বেগটোৰ ভিতৰত সোমাই গ'ল। চিকিত্‍সালয়ৰ কাগজবোৰ তাই জোটাই পঢ়ি যাওতে যাওতে একোবত ব্লাড ৰিপর্টটোত চকু পৰিল।ব্লাড ৰিপর্টটো পঢ়ি তাই ৰৈয়েই নাথাকিল।একেটা কোঠাতে থকা আলমাৰী এটাৰ তলত থকা তাইৰ ঘৰ পালেগৈ। লগৰ আটাইবোৰকে মাতি আনি তাই কলেঃ এই পৰিয়ালৰ মানুহ এজনৰ মেলেৰীয়া হৈছে।
তাইৰ কথাত আটাইবোৰ ম'হে আনন্দতে জপিয়াব ধৰিলে।কুন কুন কৰি ইমানেই আনন্দত জপিয়াব ধৰিলে যে সেই সময়ত টি ভি চাই থকা বোৱাৰীজনীয়ে "উঃস ইমান ম'হ!" বুলি কৈয়েই পেলালে। মাইকী ম'হজনীয়ে তেতিয়া আটাইকে থেলামুৰি একোটা দি কলেঃএইটো আনন্দৰ কথা হলেও ই আমাৰ বাবে বিপদৰো আগজাননী। স্বাস্হ্য বিভাগে এতিয়া আমাৰ বিৰুদ্ধে ডি ডি টি নামৰ ইউনিফাইণ্ড কমাণ্ড লগোৱাটো নিশ্চিত। গতিকে আজিৰ ভিতৰত যি যেনেকৈ পাৰে যাকে তাকে কামুৰি বাসস্হান বদলি কৰিব লাগিব। চব নিজৰ কামত যা এতিয়াই। মহজনীৰ কথাত ম'হজাক নিজৰ নিজৰ কামত উৰা মাৰিলে।

লটিঘটি(৭)

লটিঘটি(৭)

সৌ সিদিনাৰ কথা। শাওণ মহীয়া পুৱা। চাৰে তিনি মানতে পোহৰ হয়েই।চাহ একাপ খাই গৰুহাল মেলি হাললৈ যাব ওলাওতেই ক'ৰপৰানো জানো অনুৰাগ এখিনিয়ে কুটকুটাই দিলেহি মনটোত! শাওণ মাহ।মৃদু বতাহ এছাটিয়ে শৰীৰত ঢৌ তুলি অদ্ভুতভাৱে মনটো পুলকিত কৰি তুলিলে।গৈ গৈ গাৱঁৰ মুৰ পালোগৈ। মোৰ আগে আগে বিমল গৈ আছিল। লগ এটা বিছাৰি সিও পাছলৈ ঘুৰি ঘুৰি চাই গৈ আছিল। মোক দেখি সি ৰৈ দিলে। আতৰৰ পৰাই সি চিঞৰি চিঞৰি সুধিলেঃ 'ক'ত যাৱ?'
অপ্ৰত্যাশিত প্ৰশ্নটো শুনি আপুনিয়েই কওকচোন মানুহে বিমলক মগজুৰ বিকৃতি ঘটা বুলি নাভাবিবনে বাৰু? তাৰ প্ৰশ্নত মই কলোঃ'ৰাষ্ট্ৰপতি ভৱনৰ পৰা আহোগৈ।'
লগে লগে বিমলে কলেঃ 'তই যে তালৈকে যাবলৈ ওলাইছ, তোৰ চেহেৰা দেখিয়েই বুজিছো।'
বিমলৰ কথাত আচৰিত হৈ নিজৰ চেহেৰাটো পৰীক্ষা কৰিলো।থিকেই আছে চেহেৰা। আনদিনাৰ দৰে একো নিপিন্ধাকৈ থকা নাই। চব পিন্ধিছো। সেয়ে প্ৰত্যয়েৰে কলোঃ 'টোপনীৰ জালত উঠি আহিছ যে! চেহেৰা বেলেগ দেখিবিয়েই।'
তেতিয়াই সি মোক যিটোহে য়র্কাৰ মাৰি দিলে যে উইকেট বচাবই নোৱাৰিলো বুজিছে।নিজকে নিজে সুধিলোঃ
'হে যশোদা নন্দন! এটা গ'ৰু মই ক'ত এৰি থৈ আহিলো বাৰু! গোহালীতে এৰি আহিলো ছাগে!'
(ক্ৰমশ)

কাতি বিহুৰ পকেট খৰছ

মোৰ কথা শুনি মানুহগৰাকীয়ে নিজা স্বামীক মাতি আনিলে। ভয়ো লাগিল ধৰা পৰো বুলি।তথাপি লগোৱা দাড়ি কোচা থকাৰ বাবে আৰু মাতটো সলাব পৰা গুণটোৰ বাবে মোৰ সাহস বাঢ়িল। মোৰ কথাবোৰ শুনি মানুহগৰাকীৰ স্বামীদেৱতাও তবধ মানিলে। নামানিব কিয়। তেখেতৰ ঘৰখনৰ হুবহু বর্ণণা মই দি দিছো। সৰু পুতেকটোৰ পৰা যে তেওঁলোকৰ অশান্তি হৈছে সেই কথাও কৈছো। অলপ দিনৰ আগতে যে তেখেতৰ পকেটৰ পৰা টকা পাচ হাজাৰ হেৰাইছে তাকো কৈছো। তেখেতৰ এ টি এমত যে টকা ১২৭৬২ টকা আছে সেই কথাও কৈছো। তাৰোপৰি তেখেতৰ শোৱা ৰুমৰ টি ভি টোৰ কাষত যে গনেশৰ মূর্তি এটা আছে নোচোৱাকৈ সেই কথাও কৈছো। এজন অচিনাকী সাধুৱে আপোনাৰ ঘৰত প্ৰবেশ কৰি এই কথাকেইটা কৈ দিলে আপুনিও তবধ মানি নাযাব। অলপ পাছতে চাহ আহিল। জলপান আহিল। আৰু তেখেতৰ সৰু লৰাটোৰ বাবে তাবিজ এটাৰো প্ৰস্তাৱ আহিল। ফুং ফাং কৰি বেগৰ পৰা তাবিজ এটা উলিয়াই দি পশ্চিম দিশত পুতি থবলৈ কলো। নগদ এক হাজাৰ দি সেৱা কৰি মোক বিদায় দিলে। বিদায় লৈ ইফালে সিফালে চাই কোনো মানুহ নেদেখাত কাষৰ হাবি এখনলৈ সোমাই গলো।আৰু পোছাকযোৰ খুলি পেলালো।
প্ৰিয় পাঠক,এই যোগীজনেই মই অর্থাত্‍ সেই দম্পতিহালৰ সৰু পুতেকজন। কেনেকৈ নিজা ঘৰৰ পৰাই কাতি বিহুৰ পকেট খৰছ উলিয়ালো দেখিলে?

কবিতা - মৃগ পহু

আজি সন্ধিয়া তুমি
মৃগ পহু এজনী হৈ
তুলসীৰ তলত চৰি থাকিবা।
ৰামচন্দ্ৰ হৈ মই
শৰ মাৰি দিম।
হাতৰ প্ৰসাদ হাততে থাকিব
খাবলৈ পাহৰি থাকিবা।

কবিতা - আচল নে নকল?

তেওঁ মোক 'সোন' বুলি ভাৱে!
আৰু সেয়ে মোক
জুইত দি
আচল নকলৰ পৰীক্ষা কৰে।

ককাই ভাই

তিনিটা ককাই ভাই। তিনিওটা বেলেগ বেলেগ। ডাঙৰ দুজন মহাপ্ৰতাপী। সৰু জনৰ নাম কাতিৰাম কাই ওৰফে কাতি। ডাঙৰ দুয়োজনৰে অসমীয়া সমাজত মহা প্ৰতিপত্তি। দুয়োজনৰ আগমনত প্ৰতিঘৰ অসমীয়াই কাম বন বাদ দি তেওঁলোকৰ অভ্যর্থনাত ব্যস্ত হৈ পৰে।কিন্তু সৰুজন এলাগী।শাওণৰ পথাৰত ৰ'দে পোৰা গালখন লৈ তেওঁ দুৱাৰত টুকুৰিয়াইহি। পাত্তাই নিদিয়ে অসমীয়াই। দিনটো পানী অকনো নিদিয়াকৈ তুলসী ভেটীটোতে বহিব দিয়ে। ডাঙৰ দুজন হোৱা হ'লে চিধাই ড্ৰইংৰুমত নি দৈ চিৰা পিঠা পনাৰে দকচি দকচি খুৱায়। কাতিৰাম কাই ভিকহু বাবেই আদৰ নাই। অভ্যর্থনা নাপায়। কালিও আহিছিল তেও। দিনটো চোতালৰ আগৰ তুলসীৰ ভেটীটোতে বহি থাকিল। ৰ'দত ভোকে পিয়াহে পেট পুৰিল। চাহ একাপ খাওক বুলিও নকলে কোনো গৃহস্হই। সন্ধিয়ালৈ মাহ প্ৰসাদ কেইটামান দিলে অৱশ্যে। তেতিয়ালৈ কাতিৰাম কাই অৱশ হৈ পৰিল। অথচ প্ৰতিবছৰে কাতিৰাম কাইয়ে প্ৰতিঘৰ কৃষিজীৱি মানুহলৈ সোণোৱালী আশা এমোনা কঢ়িয়াই আনে। সেই আশাতে মানুহে নিজৰ ভৰালঘৰবোৰ মেৰামতি কৰে। ইমানবোৰৰ পাছতো কাতিৰাম কাইৰ আদৰ নাই। মাহ প্ৰসাদকেইটা খায়েই কাতিৰাম কাই গুছি গল। তেওঁৰ চিগনেল পালেহে আঘোণ আহে।
আশা কঢ়িয়াইয়ো যুগে যুগে এনেকৈয়ে কাতিৰাম কাই অনাদৃত হৈ আহিছে।

কি খুৱাম চাই থাক

ঘৰখনৰ কোনো মানুহে মোক দেখিব নোৱাৰে। অথচ মোৰ বাবেই তেওলোকে ভাতসাজ তৃপ্তিৰে খাব পাৰে।মোৰ ভাগৰ বস্তুটো বিছাৰি সদায় পুৱা তেওঁলোক মোৰ কোঠালৈ আহে আৰু বস্তুটো নাপালে যিহে মোক চৈধ্য গোষ্ঠী উজাৰি গালি এসোপা শুনাই গুছি যায়। কেনিও যাবই নোৱাৰো মই। চঞ্চল মনেৰে কেৱল বাৰীখনৰ ভিতৰতহে ঘুৰি ফুৰিব পাৰো। চোতালখনলৈ গলেও বুঢ়াটোৱে খেদি আহে। পাছফাললৈ গলেও বুঢ়ীজনী আৰু বোৱাৰীজনীয়ে যিহকে পায় তাকে দলিয়াই দিয়ে।মই হেনো ফেৰেক ফেৰেক হাগো। সেয়ে তেওঁলোকে ঘীন কৰে। হেৰ কোন জনমত মই তহঁতৰ ধাৰ খাই থৈছিলো তহঁতে যে মোক ইমান লেই লেই ছেই কৰ? পুৱা গধুলি খুদকন এটাও যদি তাহঁতৰ পৰা পালোহলে! কেবাদিনো কথাবোৰ লক্ষ্য কৰি আছিলো। ইহঁতকো এসেকা দিম ৰ বাপেক্কে।
তাহঁতকে দেখুৱাই সেয়ে মই লেতেৰা বস্তুবোৰ খাব ধৰিলো। বুঢ়াটোৱে খেকাৰ এসোপা পেলায় তাকো সোলোপ কৰে খাই থও। ইউৰিনেলৰ কাষৰ সেই পানী জমা হোৱা গেলা জেগাকনৰ পানীবোৰ খাও। তাতকৈও আচৰিত ঘৰখনৰ পেন্দুকনাটোৱে উলিয়াই দিয়া পায়খানাবোৰো খাবলৈ হেলা নকৰো আজিকালি!
চাল্লা। কনী খাবৰ বাবে 'মাইকী হাঁহ' পুহিব পাৰ অথচ দানা খুৱাব নোৱাৰ? এতিয়া মই পৰা কনী খাই ভাল পাবি তহঁতে! তহঁতে ঘীন কৰা বস্তুকে তহঁতক খুৱাম চাই থাক।

কবিতা - ডাষ্টবিন

ডাষ্টবিনক ঘীন কৰিলেও
কাৰোবাৰ ঈপ্সিত বস্তুটো
কেতিয়াবা তাতে পোৱা যায়।

কবিতা- সদ্যস্নাতা গাভৰুৰ মেঘালী চুলিৰ...

সদ্যস্নাতা গাভৰুৰ
মেঘালী চুলিৰ পানীবোৰেই
বাস্প হৈ আকাশত আজি
শৰতৰ শুকুলা ডাৱৰ হ'ল।

কবিতা - ওৱেটিং লিষ্টত তুমি

তোমাৰ কথা ভাবি
ভগবানৰ কথা পাহৰিলো।
সেয়ে ছাগে এতিয়া
মোৰ আবেদনবোৰ ভগবানে
ওৱেটিং লিষ্টত ৰাখিছে।

লটিঘটি(৮)

লটিঘটি(৮)

বাল্যকালৰ কথা। মোক টিউচন কৰিবলৈ আবেলি আমাৰ ঘৰলৈ অহা বাইদেউ গৰাকীৰ পৰা আবেলি মোৰ খেলা কার্যত ব্যাঘাট হৈছিল।সেয়ে বাইদেউগৰাকীক দেখিবলৈ মন নোযোৱা হৈছিল। আবেলিৰ সময়কন আমাৰ বাবে মূল্যবান আছিল।স্কুলৰ পৰা আহি কিবা এটা খাই খেলিবৰ যো জা কৰোহে তেখেত আহি ওলাইহিয়েই নহয়। মূৰটো আচন্দ্ৰাই যায় একেবাৰে। সেইদিনাও খেলিবৰ বাবে পথাৰলৈ যাবলৈ ওলাইছোহে। আহিল নহয় বাইদেউ। খঙটোৱে মুৰত উঠিলগৈ। বাইদেউক কিবা এটা কৰিবই লাগিব বুলি মন বান্ধিয়েই পেলালো।খঙৰ ভমকতে জুইশালত দেউতাই গৰম আঙঠাত ৰঙা কৰি ৰখা লোহাৰৰ বিন্ধনাটোকে লৈ বাইদেউৰ পেটত ভৰাবলৈ খেদি গ'লো। বাইদেউৱে মোৰ হাতত তপত বিন্ধনা দেখি চিঞৰি চিঞৰি আমাৰ ঘৰৰ চাৰিওফালে দৌৰিব ধৰিলে। বাইদেউৰ চিঞৰ শুনি দেউতানো ক'ৰ পৰা ওলালহি জানো হালোৱা এচাৰি এডাল লৈ মোক খেদি গ'ল।বাইদেউক এৰি এইবাৰ মই দেউতাৰ ভয়তহে পলাব লগা হ'ল। দেউতাই খেদি আছে মই দৌৰি আছো। এপাকত পাছফালৰ দৰজাখনেৰে সোমাই গৈ দৰজাৰ চুকটোত লুকালো। দেউতা মোৰ কাষেৰে পাৰ হৈ গ'ল। তেতিয়াই কাম এটা কৰিলো। তপত বিন্ধনাটো লুকুৱাবলৈ জেগা বিছাৰি নাপায় মোৰ পেন্টৰ চাইড পকেট এটাতে ভৰাই দিলো। তাৰ পাছত কি হ'ল সেইয়া নকলেও হ'ব ছাগে। এতিয়াও কৰঙনত মোৰ সেই দাগ জিলিকি আছে।
(ক্ৰমশ)

কবিতা - আঘোণীয়া বুকু

তোমাৰ মাটিৰ কাষত
কালিলৈ মই
ডাঙৰী বান্ধিমগৈ।
ৰবাব টেঙাটো
ফুটিওৱাৰ দৰে
কালিলৈ তুমি
আঘোণীয়া বুকুখন মোৰ
ফুটিয়াই পেলাবা ছাগে!

ৰান্ধনী মান্তি নহৈ পাৰেনে?

জুহালত থকা কেটলীটোক গেছ টেবুলৰ চাফা কেটলীটোৱে কলামোচোৰা বুলি ইতিকিং কৰিলে।ছাই লাগি ক'লা কেটলীটোৱে কান্দি কান্দি মাক জুহালক অভিযোগ দিলে।জুহালখনে গেছ টেবুললৈ যাবলৈ দুৰ হোৱাৰ বাবে ৰান্ধনীজনীকে অভিযোগটো দিলে।
ৰান্ধনীয়ে অভিযোগটোক কোনো গুৰুত্বই নিদিলে।ফলত জুহালৰ খং উঠি ৰান্ধনীক কলেঃ
আমাক যদি পাত্তাই নিদিয়া তেনেহলে উঠাই পেলালেই হল।
জুহালৰ কথাত ৰান্ধনীৰো খং উঠি গল।
খঙেৰেই কলেঃ যা যা।তই এতিয়া আগৰ দৰে লাগী হৈ থকা নাই।ডাবল চিলিন্দাৰৰ বাবে এপ্লাই কৰিছো। দুই এদিনতে চিলিন্দাৰটো পাম। তেতিয়া তোক পুতি পেলাম।
পাছদিনা যেতিয়া ডাবল চিলিন্দাৰটো আহিল সচাকৈয়ে জুহালখন পুতি পেলালে ৰান্ধনীজনীয়ে।

কেইমাহমানৰ পাছত গেছ চিলিন্দাৰৰ অভাৱ হোৱাত এদিন ৰান্ধনীয়ে জুহালখন আকৌ পাতিবলৈ যো জা কৰাত জুহালে খঙতে ভোৰভোৰাই উঠিল। ৰান্ধনীয়ে জুহালৰ ভৰিয়ে হাতে ধৰিলে। জুহালে তেতিয়া ৰান্ধনীক এটা চর্ত দিলে।চর্ত মানিবলৈ ৰান্ধনী মান্তি হল। জুহালে তেতিয়া কলেঃ যিটো কেটলীয়ে জুহালৰ ছাই লাগি কলা হোৱা কেটলীটোক কলামোচোৰা বুলি ইতিকিং কৰিছিল সেই কেটলীটোক ধুই মেলি গেছ টেবুলত থব লাগে আৰু গেছ টেবুলত থকা চাফা কেটলীটোক জুহাললৈ আনিব লাগে।
ৰান্ধনী মান্তি নহৈ পাৰেনে?

পাচলি আখ্যান

'মূলা' এটাই মূল বিছাৰি তললৈ গৈ থাকোতে 'চালগোম' এটাৰ চালখনত লাগি ধৰে। 'কাঠ আলু' এটাই তেতিয়া কাঠ এডাল চুচি 'পালেংশাক'ৰ বাবে সজা পালেং এখনত 'বীট' এটাৰ সৈতে বীট এটা লগাই থাকে।'লাই শাক'ৰ পৰা লাই পাই পাই 'মটৰমাহ' মটৰৰ পৰা ননমাই হয়।'ফ্ৰেন্সবীনে' ফ্ৰেন্সৰ পৰা অনা বিন এখন বজাই থাকোতে 'জিকা' এটাই আনন্দতে জিকাৰ এটা মাৰি টিকা উলিয়াই নাচি থকা দেখি 'দাংবডি'ৰ বডিটো এনেয়ে দাং খাই যায়। 'টিয়ঁহ' এটাই চিঞৰ এটা মাৰি চিগাৰেট হুপি ধোৱাৰ কুন্দুলী উৰুৱাই ফুৰা 'কুন্দুলী' আৰু 'ধুন্দুলী'ক মাতি আনে। 'ধনীয়া'ৰ পৰা ধন ধাৰলৈ নি 'ধেৰুৱা' ধৰুৱা হৈ পৰে।'উৰহী'ৰ ৰহী খাই 'গাজৰ'ৰ জ্বৰ হয়। 'বাবৰি'য়ে বৰী দিয়ে খাবলৈ। 'জলকীয়া'ৰ সৈতে সি জলক্ৰীড়া কৰিব পৰা হয়।'পটলে' পটককৈ তলত পৰি 'জিলমিল'ৰ সৈতে মিলমিলাই থাকে। বেঙা 'বেঙেনা'ই খঙতে কাইট এডালেৰে 'লফা'ক লফালফ কৰে। 'চিৰাল'ৰ গাটো ফাটি চিৰাচিৰ হয়।

পৰুৱাৰ ডিউটি

পৰুৱা এজনীয়ে ডিউটি দিবলৈ পুৱা বাংকাৰৰ পৰা ওলায়েই বাটত চিপাহী এটাৰ সতে ভেটা ভেটি হল। চিপাহীক দেখি তাইৰ খং উঠিল।বাৰান্দা এখনত আজি সিহঁতহালৰ ডিউটি পৰিছে।যেতিয়াই তেতিয়াই প্ৰেমৰ প্ৰস্তাব দি থকাৰ বাবে তাক তাই চকু পাৰি দেখিব নোৱাৰে।এই বিষয়ে তাহঁতৰ মহাৰাণী ভিক্তোৰিয়াক কেবাবাৰো অভিযোগ দিছে যদিও ওপৰ মহলৰ গুৰুত্বপুর্ণ পদবীত চিপাহীটোৰ অঙহী বঙহি কোনোবা থকাৰ বাবেই চিপাহীটোৱে ডিউটিটো তাইৰ সতে একেলগে পেলাব পাৰিছে।যি কি নহওক চিপাহীটোক দেখি পৰুৱাজনীয়ে কো কো কৈ বিপৰীত দিশত গুছি গল।চিপাহী পৰুৱাই তাইৰ পাছ ললে।পৰুৱাজনীয়ে পাছলৈ ঘুৰি নোচোৱাকৈয়ে ডিউটি কৰি গল।অলপদূৰ গৈয়েই তাই ডাঙৰ পাহাৰ এটাত খুন্দা মাৰি দিলেগৈ।ইমান জোৰেৰে খুন্দিয়ালে যে তাই থিতাতে মুছকচ গল।চিপাহীটো দৌৰি আহিল।তাইক লৰাই বগৰাই চালে।নাই তাইৰ চেন্সেই নাই।পানী অকনমান আনি তাইৰ চকুত মাৰি দিলে।অলপ পাছতে তাই চকু মেলিলে। চিপাহীটোৱে তেতিয়া তাইৰ ভৰি হাতবোৰ পিটিকি আছিল।হঠাত্‍ চিপাহীটোৰ প্ৰতি তাইৰ এক প্ৰৱল অনুৰাগ উথলি উঠিল।আবেগত তাই মিচিকিয়া হাহিঁ এটা মাৰি চকুহাল মুদি দিলে।
চিপাহীটোৱে কলেঃ মাটিত পৰি থকা বুন্দিয়াৰ দানাটোত ইমান জোৰেৰে কিয় খুন্দা মাৰিলা? বলা আমি ইয়াক কঢ়িয়াই নিও! অনামী লাজত পৰুৱাজনীয়ে চকুহাল মুদি দিলে।

পথাৰৰ আলি

পথাৰ এডৰাৰ আলিবোৰে সিহতৰ মালিকৰ ধুনীয়া চিতপখিলাৰ দৰে জীয়েক দুগৰাকীক ধান দাবলৈ সেই মাটিডৰালৈ অহা দেখি আনন্দত জপিয়াই উঠিল।ৰ'দ আহি নিয়ৰসিক্ত সেউজ দলিচাখন শুকাবলৈ নৌপাওতেই দাৱনী আহি পোৱাত আলিবোৰৰ লৱনী মাকৰ তৰণী নাইকীয়া হ'ল। দাৱনী ৰুপী মালিকৰ সুন্দৰী জীয়েক দুজনীলৈ সিহতে ভেৱা লাগি চাই থাকিল। কাচি ঘূৰোৱাৰ ছন্দে ছন্দে সিহতে মহানন্দেৰে ৰঞ্জিত হৈ পৰিল। বেলীটোৱে পাক এটা মাৰি ঘৰলৈ যাবলৈ লওতেই মাক আৰু ছোৱালী দুজনী জিৰণী লবলৈ আলি এটাত বহিব খোজাত চাৰিওটা আলিয়েই পিঠি পাতি দিলে যদিও ঘাহ বন কম থকা আলিটোতহে তেওলোক বহিল। বাকী আলি তিনিটাই থোট মূখ চেলেকি থাকিল।নাথাকিব কিয়? ইমান ধুনীয়া ছোৱালী দুজনী পিঠিত উঠাবলৈ কোনটো পথৰুৱা আলিয়ে কামনা নকৰিব!
আলিকেইটাই ছোৱালী কেইজনীলৈ তন্ময় হৈ চাই থাকোতেই মাকে এজনী ছোৱালীক ডবিয়াই উঠিলঃ তোৰ যদি পেটটো ইমান বেয়াই আছিল তেন্তে কিয় আহিছিলি? কাপোৰে কানীয়ে চেৰেলি বালি যেতিয়া যা ঘৰলৈকে যাগৈ।
ইজনী ছোৱালীয়ে তেতিয়া নিজৰ নাকটোত ধৰি চিঞৰি উঠিলঃ ইচ ৰাম! বায়ে গোটেই আলিটোত ফুল বাচি পেলালে!
আলিকেইটাই হাহি হাহি বাগৰি পৰিল।নপৰিবনো কিয়? ইমান আশা দেখাকৈ সিহতে তাহঁতক চাবলৈ খাপ পিটি আছিল! কিন্তু এনেদৰে....!

ৰেল ষ্টেচনত দুজন ভিক্ষাৰী

গুৱাহাটী ৰেল ষ্টেচনত দুজন ভিক্ষাৰীয়ে জিৰণি লৈ আছে। এজন অন্ধ আৰু আনজন বোবা। প্ৰেছত কিতাপ প্ৰিণ্টিং কৰোতে হঠাতে হোৱা প্ৰিণ্টিং মিচটেকৰ দৰে অন্ধজনে হঠাত এটা মিচটেক কৰি পেলালে। কথা নাই বতৰা নাই তেওঁ বোবা ভিক্ষাৰী জনক সুধি পেলালে নহয়ঃ
তোমাৰ চুলিত কলপখিনি ভালকৈ নালাগিল বন্ধু। গোটেই পকা চুলিখিনি ট টকৈ জিলিকি পৰিছে। অন্ধজনৰ কথাত বোবাজন কিছুপৰ মুক হৈ পৰিল।তাৰ পাছত অন্ধজনৰ দৰে তাৰো জিভাখন পিচলি যোৱাত মূখখন মেলি দিলে। অন্ধজনক উদ্যেশি সি কলেঃ তুমি ইমান মিছলীয়া! ভিক্ষাৰী হলেও মানুহক ইমান ঠগিব নাপায় দেই।
অন্ধজনৰ মূৰটোত বজ্ৰপাত এটাহে যেন ঠেতেলা খাই পৰিলহি! দুয়োটাৰ স্কৰ সমান সমান হোৱাত ইটোৱেও লাজ নাপালে সিটোৱেও নাপালে।

কানি ফাটিলে যদি ফটাকানি হয় তেন্তে....

কানি ফাটিলে যদি ফটাকানি হয় তেন্তে সেই কানি আগতে অসমীয়া মানুহে কিয় খাইছিল?
দুৱাৰদলিত যদি দলি চপৰা নাথাকেই তেন্তে দুৱাৰদলি কিয় হ'ল?
অ' নামৰ ফলটো মৰিলে যদি অমৰা হয় তেনেহলে সেই অমৰা আমি কিয় খাব লাগে?
বাইচাইকেলখনতো অকল বাই'য়েই নচলায়? পিতায়েও চলায় দাদায়েও চলায় ভাইয়েও চলায়। তেনেহলে কিয় অকল বাইৰ নামত হ'ল?
ৰেফ্ৰিজাৰেটৰৰ ভিতৰততো খেল অনুষ্ঠিত নহয়? তেন্তে কিয় তাত ৰেফ্ৰি থাকিব লাগে?
নাৰিকলগছে কলবোৰ কিয় কেৱল নাৰীৰ বাবে সাচি ৰাখে?
দুবৰীজোপা কবিৰাজ নেকি বৰি দিবলৈ?
কাঠআলুৰ কাঠেৰে আচবাব সাজিব নোৱাৰি কিয়?
জাতিলাওবোৰৰ যে জাতি থাকে আনবোৰ পাচলিৰ নাথাকে কিয়?
পুখুৰীত থকা খুৰীজনীয়েই জলকুৱঁৰী নেকি?
পানীপোতাত যদি পানী পুতিয়েই থোৱা হয় তেন্তে পানীপোতা খান্দিলে পানী নোলায় কিয়?
পেন্সিল ডালত কোনবোৰ পেন চীল কৰি থোৱা হয়?
গাজৰৰ গাত সদায় জ্বৰ উঠি থাকেনেকি?
বিচনাচাদৰখন বিচনাত পাৰে বাবেই মহিলাই সেইখন চাদৰ নিপিন্ধে নেকি?
চামোচখনে যেতিয়াই তেতিয়াই কিয় নিজৰ মোচকোচা চাবলৈ কৈ থাকে?

এলাহতে বাদ দি এলাহাবাদ

এলাহতে বাদ দি এলাহাবাদ যাব পাৰি।হায়দৰাবাদৰ দৰাবোৰে হায় হায় কৰি বাদ দি দিয়ে বিয়া পাতিবলৈ। তিৰুপতিৰ তিৰু নামৰ মহিলাগৰাকীৰ পতিয়ে অমৃতসৰত অমৃতৰ সৰ খায়। প্লেনৰ পৰা নামিয়েই বিয়া পাতে নামিবিয়াত। আগৰতলাৰ আগৰ ঘৰবোৰৰ তলা খুলিব নোৱাৰে। আইজলৰ আইয়ে জল জাৰি দিলে বেমাৰ ভাল হৈ যায়। নাইনিতালৰ চাইকেলবোৰৰ চকাত তাল নাইনি বাৰু? ভুবনেশ্বৰলৈ গলে ভূবনে চৰ এটা কিয় মাৰি দিয়ে? যিখন লেণ্ড চুই চালে জাৰ লাগে সেইখন ছুইজাৰলেণ্ড। মেল মাৰি থাকোতে র্বন(BORN) হোৱা মানুহবোৰ মেলর্বোনত থাকে। তিৰু নামৰ তামিল মহিলাগৰাকীৰ পতিজন তিৰুপতিত থাকে।

বৰ্ণমালাৰ দৌৰ

ক' গৈছিল কদমনিৰ কমলৰ ঘৰত কেচা কল বিছাৰি। খ' য়ে খৰম যোৰ পিন্ধি খৰধৰকৈ খনামূখলৈ গৈছিল। গ'ই গছৰ তলত গৰাল পাতি গৰুহাল বান্ধিছিল। ঘ'ই ঘন্টা ঘন্টা ধৰি ঘৰতে বহি আছিল। ঙ'ই ডিঙি মেলি বেঙেনা ছিঙি আছিল।চ'ই চল চাই চাপৰি বজাইছিল। ছ'ৰ ছালখনৰ এটুকুৰা ছিঙি যোৱাত ছেপটিক হয় বুলি ছেঙাতেল দি আছিল। জ'ই জহা ধানৰ ধাননিত জবকা এখনেৰে জাবৰ গুছাই আছিল।ঝ'ই ঝকঝক ৰেলগাড়ীত বৰঝাৰলৈ গৈ আছিল। ঞ'ই আকৌ চিঞৰ এটা মাৰি জিঞা এটা ধৰি আছিল।
ট'ই টর্চ এটা লৈ টকৌ গছত টোপনিয়াই আছিল। ঠ'ই ঠাণ্ডাতে ঠকঠককৈ কপি ঠৰঙা লাগিছিল।ড'ই ডেও দি ঘুৰি ফুৰা ডেকেৰুৱা ডৰিক এটা ডুলি এটাৰে ধৰি ডেউকাখন ভাঙি ডোখৰ ডোখৰকৈ কাটিছিল। ঢ'ই ঢিমিক ঢামাক ঢকাচমকা ৰ'দত ঢৌতে খৰ মাৰি ঢেকিয়া বুটলিছিল। কৃপণ ণ'ই ঋণ লৈ লৈ ভ্ৰমণ কৰি ফুৰিছিল।..........

সংখ্যা পুৰাণ

সংখ্যা পুৰাণ

এক মিনিটত একঠা হাল বোৱা ১ এ এক দিন এক মিটিঙত এক অচিনাকি মানুহৰ ভাষণ শুনি খেক খেক কৰি হহাঁত কোনোবা এজনে এক ঢকা দিয়াত ঘৰত আহি পিঠিটো সেক দিব লগা হয়। দুই আগষ্টৰ দুই বজালৈকে ২ য়ে ভুই ৰুই থকাত জুই হেন গৰমত মূৰ ঘূৰাই পথাৰতে শুই পৰে। ৩ এ নিনিৰ লগত তিনিচুকিয়াত তিনি কেজি চেনী কিনিবলৈ যাওতে তিনি টকা কম হোৱাত অৱশেষত তিনি শ গ্ৰাম কমকৈ কিনি আনে। ৪ এ চাৰি ফুটীয়া চাৰিডাল ঠাৰি হেন মাৰি লৈ চাৰিদুৱাৰৰ বাৰী এখনত শাৰী শাৰীকৈ পোতে। ৫ এ পাচ বজাতে ভাদৈ পাচআলিৰ হাট এখনলৈ গৈ হাতত পাচ পোৱা মাছ লৈ ঘাট এটাত গাত এটা খান্দি দুপৰীয়া ভাত খায়। ছয়গাঁৱৰ ৬ এ ছয় ৰিপু দমাবলৈ কৈ হাতত কমণ্ডলু লয়।সাতঘাটৰ সৈয়াকনী ৭ এ মাত ভগাত খাট এখনত সাত ঘন্টা ভাত নোখোৱাকৈ শুই থাকে। ৮ এ আঠখেলিয়া নামঘৰলৈ গৈ পুৱা আঠ বজালৈকে কাঠ এখনত বহি পাঠ পঢ়ি পঢ়ি বুকু ডাঠ কৰে। ৯ এ নগাওৰ ন মিটিৰৰ ঘৰত ন চাউলৰ ন খাবলৈ গৈ ন বজাতহে ঘৰ সোমায়হি। দহোটিয়াৰ ১০ এ দহহতীয়া চুৰিয়া পিন্ধি ৰহ ৰহ বুলি বাটৰ মানুহক ঘৰলৈ মাতি নিজৰ কথা জহ কৰিবলৈ এনিটাইম বহ বহ কৰি থাকে।

গ্ৰেমেটিকেল ৰুল

গ্ৰেমেটিকেল ৰুলমতে কুকুৰবোৰে কুকুৰাক বিয়া কৰাব লাগিছিল। কিন্তু সিহঁত জাতৰ বাহিৰ নহল।আম'ৰ মিচেচৰ নাম আমলখি হ'ব লাগিছিল।তাকো নহ'ল।জাহাজৰ ওপৰত জাহাজী কলবোৰ লাগিব লাগিছিল।ফেচাঁই ফেচু'ক বিয়া কৰাব লাগিছিল।গাজৰ'ৰ গাজবোৰেৰে মানুহে খৰিছা বনাব লাগিছিল। কোনোবাই কাৰোবাৰ ওচৰত আঠু লোৱা কার্য্যটোকহে আঠুৱা বুলি কব লাগিছিল।বেচন চেচন নিদিয়াকৈ পিয়াজীটো কেৱল পিয়াজেৰে বনাব লাগিছিল।
গ্ৰেমেটিকেল ৰুলমতে জলকীয়া'ত জাল যদি থাকেই তেনেহলে সেই জাল মাৰি নদীত মাছ ধৰিব পাৰিব লাগিছিল।বেঙেনাক বেঙে প্ৰেমৰ প্ৰস্তাৱ দিব লাগিছিল। কুৱাঁৰ স্ত্ৰিলিংগ কুৱঁলী হ'ব লাগিছিল।আহাৰ লবলৈ আহাৰ মাহলৈ মানুহ ৰৈ থাকিব লাগিছিল। মাটিকঠালবোৰ আলুৰ দৰে মাটিৰ তলত লাগিব লাগিছিল।পত্নীৰ কথাত নাচি থকা পতিবোৰকহে নাচপতি বুলিব লাগিছিল।কৃষ্ণচুড়া গছৰ চুড়াত শ্ৰীকৃষ্ণক বিছাৰি পাব লাগিছিল। আকাশৰ হাতীপটিয়েদি হাতীবোৰ অহা যোৱা কৰিব লাগিছিল। এন্দুৰৰ এটা END ৰ পৰা সিটো END লৈ বহু দূৰ হব লাগিছিল।আমাৰ গাৱঁৰ পৰাগ আৰু ৰেণু ফুলপাহৰ ভিতৰত একেলগে সোমাই থাকিব লাগিছিল গ্ৰেমেটিকেল ৰুলমতে।

আমগছৰ বাহাদুৰি

আমগছৰ কিন্তু বাহাদুৰি আছে দেই। নিজৰ মল বোৰ আনে ঘীন কৰিলেও আমে সেই মলৰ পৰাই সুস্বাদু আম প্ৰডাক্ট কৰে। কঠাল গছৰ কাম নাই। ইমানবোৰ মুচি থাকিলেও জোতা এযোৰ পালিচ কৰিব নোৱাৰে কঠালৰ মুচিবোৰে বুজিছে। বনচোমৰ চোমবোৰ কোনো ঔষধে ভাল কৰিব পৰা নাই আজিলৈকে। পাৰোতেনো তাকে দেখি এজাৰে বেজাৰ কৰি থাকেনে! মদাৰ গছত ইমানবোৰ ডাঁৰ থাকে কিন্তু সেই ডাৰঁত কোনেও কাপোৰ মেলিব নোৱাৰে! লাই গছক লাই দি দিয়েই ডাঙৰ কৰিব পাৰি। সাৰ জাবৰ দিয়াৰ প্ৰয়োজন নাই। লফা গছ দুপটিয়াৰ পৰাই খাবলৈ ললে এমাহৰ ভিতৰতে চফা হৈ যায়। লেং বাই গৈ থাকিলে পালেং শাকৰ পৰা কি পালেং সাজিব? ভাগি নাথাকিবনে বাৰু? ফ্ৰেন্সবিনে কি বিন বজাব? ফ্ৰেন্স নালাগে ইটালীৰ পৰাই ইমপর্ট নকৰক কিয় আমাৰ বহাগী বিদায়ৰ নাইট ফাংচনত প্ৰগেম কৰিলে সেই বীনৰ তাঁৰ ছিঙি নাযায় পাৰেনে? দাংবডি কেৱল বডীটো দাঙি থাকিলেই নহয় নহয় তাৰ জেংখৰিডালৰ দৰে চেহেৰা দেখিলে কোনে ভয় কৰিব?
কেপটাওনৰ বৰ একেবাৰে চি (SEA) খন চাই অহাৰ বাবেই কেপচিকামটো (CAP SEA COME) ৰ ফুটনীটো অলপ বেছি। পিছে কি হব আমাৰ পিৰালীত থকা খুদজনীৰ (খুদ জলকীয়া) লগতে সি ফেৰ মাৰিব নোৱাৰে।

পানী লগা ইত্যাদি

ঠাণ্ডাত মানুহৰ শৰীৰত পানী লাগে। কিনো ডাঙৰ বেমাৰটো! গা ধোওতেও দেখোন শৰীৰত পানী লাগে। টাৱেলখনেৰে মোহাৰি দিলেই হয়। পানী লাগিলে হেনো চর্দিয়ে চৰ দিয়ে। চর্দিয়ে চৰ দিয়ালৈ নো কিয় বাট চাব লাগে? খোৱা বোৱাত অনিয়মতা হ'লে হেনো গেস্টিক হয়। খোৱাত অনিয়মতা হলে গেস্টিক হয় বুলি মানি ললোৱেই যেনিবা কিন্তু বোৱাত অনিয়মতা হোৱা কথাটো কেনেকুৱা? আমাৰ বৌটীয়ে তাত বোৱা কামটো সদায় নকৰে। তেন্তে বৌতিৰো গেচটিক হ'বনেকি? ধৰি ললো বৌতিৰ গেস্টিক হ'ব। এতিয়া প্ৰশ্নটো হ'ল সেই গেচৰ স্টিকডাল আমাৰ বৌতিয়ে বুঢ়া বয়সত খোজ কাঢ়োতে কাঠৰ লাখুটিডালৰ সলনি ব্যৱহাৰ কৰিব পাৰিবনে নাই?
এদিন এজনে কলে যে তেওঁৰ হেনো খুউব পায়খানা হৈছে! মই কলোঃ পায়খানা মানুহৰ ঘৰত এটা বা দুটাহে থাকে। যদি পায়খানা তাতকৈ বেছি হৈছে তেন্তে কথাটো ভালহে!
তেতিয়া তেওঁ কলেঃ মানে খুব পেট চলিছে।
মই আচৰিত হ'লো। পেটততো চকা নাই চলিবলৈ।মানুহটো নচলিলে পেটটো অকলেনো চলিব পাৰেনে?
কেতিয়াবা মানুহৰ ডিচেন্ট্ৰি হয়। ডিচ খন বাৰু পেটত এন্ট্ৰি হব পাৰেনে? যদি পেটত এন্ট্ৰি হয়েই তেনেহলে ডিচখন খাব নালাগিবনে বাৰু? এইবোৰ কৈ থাকিলে ৰামায়ণ হবগৈ। পাছে পৰে কম বাৰু।

চীনা মাটিৰ কাপ

ৰাতিপুৱাই আন্টিয়ে মোক শোৱাপাটিৰ পৰা উঠাই আনিলে। ধুনীয়াকৈ গাটো ধূৱাই আঙ্কোলৰ কাষলৈ লৈ গ'ল।আঙ্কোলে বহুতো তপত চুমাৰে মোক গৰমাই তুলিলে। উকালি আহি যাব খুজিছিল মোৰ। আঙ্কোলৰ মূখখনত কি যে এক ভেকেটা ভেকেট গোন্ধ! ছিঃ ছিঃ!
অলপ পাছত আন্টীয়ে মোক গা পা ধূৱাই দিয়াতহে মনটো মুকলি মুকলি লাগিল বুজিছে। আন্টীয়ে মোক আকৌ শুৱাই থলে। শুই আছো শুই আছো। ৮ টামান বজাত আন্টীয়ে আকৌ জগাই দিলেহি। মদাহী আঙ্কোলটোৰ কাষলৈ আন্টীয়ে আকৌ লৈ যায় বুলি অন্তৰাত্মা কপি উঠিল। পিছে মোৰ ধাৰণা ভুল প্ৰমাণিত কৰি আন্টীয়ে মোক নিজৰ জীয়েকৰ কাষলৈ লৈ গ'ল। জীয়েকেও মোক চুমাৰে ওপচাই পেলালে। মনটো পাগলাদিয়া হৈ হিল দল ভাঙি কৰবাত পালেগৈ।আবেগতে চকুকেইটা মুদি দিলো। অলপ পাছতে "উঃ মামী! ইমান চেঁচা চাহ!" বুলি টেবুলখনতে মোক ঠেকেচা মাৰি থৈ দিলে। একে থেকেচাতে মোৰ নালটো ভাগি থাকিল। তাৰ পাছত আৰু মোৰ একো মনত নাই। চীনা মাটিৰ কাপ হ'লো বুলিনো ইমান জোৰেৰে থেকেচিব লাগেনে?

চিকাৰ কৰাৰ মেথড

আজিকালি মই চিকাৰ কৰাৰ মেথডবোৰ অলপ আপটুডেট কৰিছো। কিমাননো আৰু জিয়া মানুহৰ কেচাঁ তেজ খাম! সেয়ে এইবোৰ বাদ দি যোৰা ভঙা কামত বি জি আছো।প্ৰেমৰ কৰুণ পৰিণতিতে মই মানৱ জীৱন বাই বাই দিব লগীয়া হৈছিল! তেতিয়াৰপৰাই প্ৰেমক মই ঘৃণা কৰো।সচাঁ কৈছো পেয়াৰ বোলা বস্তুটো দেখিলেই মোৰ খঙটো টিঙিৰি তুলা হয়।সিদিনা সন্ধ্যা পিতনিডৰাৰপৰা ওলাই আহিছোহে দেখিলো নহয় চাকৈ চকোৱা এহাল!ইচ! যেনেবা দিঘলীপুখুৰীৰ পাৰতহে বহিছে! তত্‍ক্ষনাত শামুক এটা হৈ তাহঁতৰ আগতে পৰি দিলো। খপহকৰে মাইকীটোৱে গিলি দিলে।লগে লগে খেলা খটম।তেজ বটিয়াই মৰিল বেচেৰাটো।মোৰ আগত প্ৰেম কৰ! পালি মজা!
তাৰ পাছত কবৰস্হানৰ ফালে আহি থাকোতে এঘৰৰ বেডৰুমত পতি পত্নী এহালৰ কথোপকথন ভাহি আহিলত ভেন্টিলেটৰৰ ফুটাৰে জুমি চালো। দেখিয়েই হিটলাৰৰ মেজাজ উঠি আহিল।যি প্ৰেমৰ সুগন্ধি লবলৈ গৈ প্ৰতাৰণাৰ বলি হৈ মই চুইচাইড কৰিব লগা হল তেনে প্ৰেম মই নাচাও নুশুনো আৰু হবলৈও নিদিও।মাখি এটা হৈ কোঠাটোলৈ সোমাই গলো।আলনাখনৰ কাষতে অদৃশ্য মহিলা এগৰাকীৰ ৰূপ লৈ লিপষ্টিক অলপ ওঠত লেপলেপকৈ সানি পুৰুষজনৰ যিমান চার্ট আছিল চবৰে বেকফালে ষ্টাম্প মাৰি দিলো। মেথডটোৱে এনে কুইক ক্ৰিয়া কৰিলে যে দুমাহৰ ভিতৰত দুয়োৰে ডাইর্ভোচ হৈ গল।

পঞ্চায়ত ইলেকচন (প্ৰথমভাগ)

পুৱা কাকতখন চাই থাকোতেই ভৰিত মহ এজনীয়ে কামোৰ মাৰি দিলে।এক ঢকা দিওতেই ঢকাটো ভালকৈ নপৰিল ছাগে মহজনী নিহত নহৈ আহতহে হল।আকৌ এক ঢকা মাৰি একেবাৰে চেটেপ কৰো বুলি ভাৱোতেই মহজনীয়ে হাত যোৰ কৰি কলেঃ
মোক নামাৰিবা।মই তেজ খোৱা নাই। এনেয়েহে পৰিছিলো।
খঙেৰে কলোঃ তেজ নাখাই তই মোৰ বি পি জুখি আছিলি নেকি?
মহজনীয়ে কলেঃখং নকৰিবা।তেজ অকন খালো বুলিয়েনো ইমান অত্যাচাৰ কৰিব লাগেনে?
টেম্পাৰটো আকৌ উঠিল।
:তেজবোৰ তোৰ বাপেৰৰ সম্পতি নেকি?
:সেইবুলিতো কোৱা নাই।কিন্তু তোমালোকৰ তেজ অকল আমিয়েই নাখাও।আৰু বহুতে খায়
: তহঁতৰ বাদে আৰু কোনে খাব?
:তোমালোকৰ জ্ঞাতিয়েই তোমালোকৰ তেজ পীয়ে।আমি তো মাইক্ৰ মিলিগ্ৰামত খাও।তেঁওলোকে যে লিটাৰে লিটাৰে তেজ পী আছে!
আও।পোৱালিটোৰ ইমান কথা! মূৰটো গৰম হৈ গল!
:কথা নকবি। নিজকে তুলসী বুলি ভাৱিছ?
:নহয়। মই সচা কৈছো।তোমালোকে আমাক মাৰিবলৈ বহুত টেকনিক কৰা। পাৰা যদি সিহঁতক মাৰা।
:কোন সিহঁত?
:তোমাৰ কাষতে আছে।কোনো আঠুৱা, কোনো মহ মৰা কয়লে সেই মানৱৰুপী মহক মাৰিব নোৱাৰা।
:দেখুৱাই দে।
:নেদেখুৱালেও হব। পঞ্চায়ত ইলেকচন আহি আছে।সেই মহজাক তোমাৰ ঘৰৰ আশে পাশে উৰিছে।পাৰা যদি ধৰা।ভাল সূযোগ এটা পাইছা। এনে সুযোগ সহজে আৰু নাহে।

ছায়ামূর্তি

কালি ৰাতি দেৰীকৈ ঘৰ সোমাওতে পদুলিতে এটা ছায়ামূর্তি দেখি খেদি যাওতে কৰদৈৰ তলতে মূর্তিটো ৰৈ গল।হঠাত্‍ মূর্তিটোৱে পাছলৈ ঘূৰি চোৱাত মোৰ গাটো জিকাৰ খাই গল।
:আৰে আইতা দেখোন?মৰাৰ পাছতো সম্পতিৰ মোহ এৰিব পৰা নাই?
মোৰ প্ৰশ্নত আইতাই হুকহুকাই কান্দি দিলে।কান্দিয়েই আইতাই কলেঃ নহয় অ সোণ, তেনেকৈ নকবি।আমাৰ পানীত হাঁহ নচৰা অৱস্হা হৈছে।
:কিয়? কি হৈছেনো আইতা?ককাৰ লগত ডাইভোর্চ হলনেকি?
মোৰ কথাত আইতাই সেই স্বভাৱজাত খঙেৰে মোক কলেঃ
ঐ খটাসুৰ।তোৰ আগৰ স্বভাৱটো এতিয়াও যোৱা নাই।কালিলৈ কি হব জাননে?
: কি কি কি?
মোৰ উপয্যুপৰি প্ৰশ্নত আইতাই দূখেৰে কলেঃ
কালিলৈ পৃথিৱী ধ্বংস হব।ঘৰ দুৱাৰ পাহাৰ পর্বত নগৰ মহানগৰ একোৰে চিন নাথাকিব।পানীময় হব গোটেইখন।পৰহিৰে পৰা নতুন পৃথিৱী নির্মানৰ কাম আৰম্ভ হব।সেয়েহে স্বর্গ আৰু নৰকত যিমান জীৱ আছিল সকলোকে পৃথিৱীলৈ পূণৰ পঠিয়াই দুয়ো জেগা এভাকুৱেট কৰা হৈছে।
আচৰিত হৈ সুধিলোঃ সচা নে আইতা?
:সচা।সেই দুই জেগাত এতিয়া পিপৰা এটাও নাই। চব তহঁতৰ বাবে খালী কৰি ৰখা হৈছে।স্বর্গ আৰু নৰকৰ মানুহেৰে পৃথিৱী আজি ভৰি পৰিছে।গছৰ ঠাল এটা খালী নাই বহিবৰ বাবে।তই যা। তোৰ অপকাৰ হয় বুলিহে মই পাইচাৰী দি ফুৰিছো।
কথাষাৰ কৈ আইতা নাইকীয়া হ'ল।

মৌচাক

আমাৰ ঘৰৰ মৌবাহঁটোৰ কাষলৈ চাক কাটিবলৈ যাওঁতে মৌ এজনীয়ে কলেঃ
মালিক, কথা এটা কওঁ?
মইঃ ক'।
হাঁহি এটা মাৰি তাই কলেঃ আমাৰ মৌ নাখাব।
মইঃ কিয়?
মৌঃ কথা এটা আছে। সেয়ে কৈছো।
মইঃ আগেয়ে কৈ লচোন।
মৌঃ আপুনি বেয়া পাবনেকি?
মইঃ নাপাও ক।
মৌঃ আমি আজিকালি ফুলৰ পৰা মৌৰস নানো।
মইঃ কিয়?
মৌঃ আজিকালি আমি বেলেগ SOURCE এটাৰ পৰাহে এইবোৰ কালেক্ট কৰো।
মইঃ কৰপৰানো কালেক্ট কৰ অলপ খোলোচাকৈ ক।
মৌঃ ধনী মানুহৰ ঘৰৰপৰা।
মইঃ ভাল কথা।ফুল ৰোওতেও আজিকালি বহুত খৰছ হয়।দুখীয়াই এই খৰছ কৰিব নোৱাৰে।
মৌঃ নহয় মালিক। আমি ফুলৰ মৌ বিছাৰি তালৈ নাযাও!
এইবাৰহে অলপ আচৰিত হ'লো। অলপ ৰৈ সুধিলোঃ
কি বিছাৰি তেন্তে তালৈ যাৱ?
ক্ষন্তেক ৰৈ মৌজনীয়ে কলেঃ ডায়েবেটিছ ৰোগী বিছাৰি।
কোনোবাই যেন পাছফালৰ পৰা মোৰ মূৰত মাৰ মাৰিহে দিলে! কব নোৱাৰা হোৱা যেন লাগিল মোৰ!
তথাপিতো সুধিলোঃ ডায়েবেটিছ ৰোগীৰ সতে ত্হঁতৰ কি সম্পর্ক?
মৌজনীয়ে কলেঃ ধনী মানুহৰ ঘৰত আজিকালি ডায়েবেটিছ ৰোগী থাকেই।আৰু আপুনিতো জানেই যে ডায়েবেটিছ ৰোগী এজনৰ দেহত সেই বৰুৱাবামুনগাঁৱৰ চেনীকলটোকে থাকে।গতিকে তেখেতৰ পেস্ৰাৱৰ পৰা আমি যিখিনি মৌ পাঁও সেই মৌ এহাজাৰ ফুলৰ পৰাও পোৱা সহজ নহয়।...
মৌজনীৰ কথাত মোৰ হাত ভৰিবোৰ থকথককৈ কপি উঠিল।

এখন দুখীয়া ৰাজ্যত এজন ৰজা আছিল

এখন দুখীয়া ৰাজ্যত এজন ৰজা আছিল। এদিন ৰজাজনে ভাত খাবলৈ লৈ ভাতত শিল এটা পালে। খঙতে তেঁও ভাত নাখালে। উঠি গুছি আহিল বেডৰুমলৈ। ৰজাই নোখোৱা দেখি ৰাণীয়েও আধা খাই ভাতৰ কাহিত পানী অলপ ঢালি গুছি আহিল।
ৰজা আহি আঠুৱাটো সেইদিনা নিজে তৰিলে আৰু শুব লওতেই ৰাণী ওলালহি। ৰাণীয়ে ৰজাক কিবা এটা কবলৈ লওতেই কাৰেণ্টটো গুছি গল।
এক মিনিট...
দুই মিনিট...
তিনি মিনিট...
কাৰেন্ট নাহেহে নাহে। নাহেহে নাহে। আৰু কাৰেন্ট নহাৰ বাবেই বাকীডোখৰ কমপ্লিট কৰিব নোৱাৰিলো। ক্ষমা কৰিব।

ইংলিছ চেনেল

আমাৰ DISH TV টোত ইংলিছ চেনেলটো নাহে। ডিছকভাৰী চিচকভাৰী চব আহে। ইংলিছ চেনেলটোহে নাহে বুজিছে। কেনেবাকৈ তাক আনিব পৰাহলে! একেদিনাই সাতুৰি ইপাৰো হলোহেতেন সিপাৰো হলোহেতেন!

কথোপকথন (১১)

মা দেউতাৰ কথোপকথন

:হেৰা,গোসাইঘৰৰ থাপনাত থকা ভঙা পইচা কেইটা কোনে নিলে?
:কোনেনো নিব? নিজেই চাগে থৈছে। এতিয়া আনক ধৰিছে!
:এ নহয় হে। সদায় এটকা এটকা দি সেৱাঁ কৰোতে গোট খোৱা ভঙা পইচাবোৰ মাটিৰ মুটুকিটোতে ভৰাই থৈছিলো। এতিয়া মুটুকিটোৱেই গায়ব।
:এন্দুৰে নিলে ছাগে!
:পাগল হলা নেকি? ডেৰ দুই কেজি ওজনৰ মুটুকিটো এন্দুৰে নিব পাৰেনেকি?
:আৰুনো কিহে নিব?
:তোমাৰ পুতেৰেই নিলে ছাগে!
:আপুনি যেতিয়াই তেতিয়াই তাক দোষ দি নাথাকিব দেই। কৈ দিছো।
:লাজ পালা? পুতেৰক সন্দেহ কৰাৰ বাবে লাজ পালা?
:পাম তো।
:পাবাই। যিটো পুতেৰে লেটিনত সোমাই গা পা নোধোৱাকৈ গোসাই ঘৰৰ ভাগৱত খন থকা থগাখনত অসমীয়া অভিধান এখন থৈ ভাগৱতখন চুৰ কৰি নি পাচশ টকাত বেলেগক বিক্ৰী কৰিব পাৰে সেইটো পুতেৰে ভঙা পইচা থোৱা মুটুকিটো চুৰ কৰিব নোৱাৰিব?
:তেতিয়া তাৰ শনি লাগিছিল। এতিয়া সি সম্পূর্ণ চেঞ্জ হল।
:কথা নকবা।তোমাৰ পুতেৰৰ গাত এতিয়াও শনি দেৱতাৰ আশ্ৰমখনেই আছে। :কি প্ৰমাণ আছে আপোনাৰ হাতত সি চূৰ কৰিছে বুলি?
:প্ৰমাণ লাগে যদি আহা। ভাল প্ৰমাণ এটা ৰাখি থৈছো। আহা। বেগাই আহা।
(মা দুপদুপকৈ গোসাইঘৰলৈ সোমাই গল।)
:এইযোৰ পুতেৰৰ চেন্দেল হয়নে? ভূলতে সি সেইযোৰকে এৰি গল দেখিছা? খালে। খালে সি।

কথোপকথন (১০)

পঞ্চায়তৰ প্ৰেছিডেন্টৰ সতে কথোপকথন

:ছাৰ। মোক বৃদ্ধ পেঞ্চন লাগে।
:কিয়?
:বৃদ্ধ পেঞ্চননো কিয় দিয়ে?
:আর্থিকভাৱে দূর্বলসকলক সকাহ এটা দিও!
:ময়োতো আর্থিকভাৱে দূর্বল।
(মূখলৈ চাই হাহি এটা মাৰি)
:তোমাৰ ওঠ চেপিলে এতিয়াও গাখীৰ ওলাব।
:আপোনাৰ ভতিজাটোৰো ওঠ চেপিলে গাখীৰ ওলাব চাৰ।
:ওলাবতো।সি তোমাতকৈ বহুত সৰু।
:সি কিন্তু বৃদ্ধ পেঞ্চন পাইছে চাৰ।
:প্ৰমাণ দিব পাৰিবা?
:তথ্যসহ প্ৰমাণ আনিছো বাবেইতো মই তলমুৰ কৰা নাই চাৰ।
:আও কঠিয়াহে কোমল।জেঠতেই পৰা দেখোন।
:অ ঠিক ধৰিছে।অকল সেয়ে নহয় চাকৰিৰ পৰা ৰিটার্য়াড কৰি চৰকাৰী পেঞ্চন লৈ থকা তিনিজনকো আপুনি বৃদ্ধ পেঞ্চন দিছে।ইয়াৰ দ্বাৰা এইটোকে প্ৰমাণ হয় যে তেখেতসকলৰ জীয়েককেইজনী সুন্দৰী।
:তোমাৰ দেখোন বৰ উখহা উখহা কথা?
:মুখৰ কথা পেটত সাচিঁ থলে উখহি যায়েই।
:তুমি জানানে যে মই তোমাক এতিয়াই আউট কৰি দিব পাৰো?
:আপুনি জানানে যে আপুনি আওট কৰিম বুলি দিয়া প্ৰতিটো য়র্কাৰ মই অভাৰ বাউণ্ডেৰী কোবাব পাৰো?
:কেনেকৈ
:আৰ টি আই কৰি সমগ্ৰ তথ্য মই পোহৰলৈ আনিছো।
মিডিয়ালৈ দিয়াৰ আগতে সেয়ে এবাৰ আপোনাক দেখা কৰো বুলি আহিলো।
:বহা। বহা। চাহ খাবা? বৃদ্ধ পেঞ্চননো কিয় লব লাগে? IRYৰ ঘৰ এটাকে লোৱা। তিনি টকীয়া কার্ড এখনো লাগিবনেকি?

কথোপকথন - (৯)

এহাল দম্পতিৰ কথোপকথন

:তাৰমানে কালিলৈ পেলেষ্টাইন দে?
:আপুনিও ভাল মানুহ দেই।
:কিয়? ভুল হৈছে নেকি?
:ভেলেন্টাইন দে টোও আপোনাৰ মনত নাথাকে নে?
:কিনো কবা আৰু। আমি কলেজত পঢ়োতে পেলেষ্টাইন নামৰ এখন ৰাষ্ট্ৰৰ নাম পাইছিলো। ভেলেন্টাইন নামৰ কোনো দিৱস পোৱা নাছিলো।
:হলেও। এইবোৰ জানিব লাগে।
:তাৰমানে কালিলৈ মই অফিচ যাব নোৱাৰিম?
:নোৱাৰিবা তো। কালিৰ দিনটোতো তুমি অফিচ যাবা?
:কিয় কালিলৈ নেচনেল হলিডে নেকি?
:হলিডে নহলেও কালিলৈ তুমি মোক কম্পেনি দিব লাগিব!
:কিয় বা?
:কালিলৈ সকলোৱে প্ৰিয়জনক কাষতে বিছাৰে!
:আনদিনা কাষত নিবিছাৰে নেকি?
:আনদিনাতকৈও কাষত বিছাৰে।
:তেনেহলে এটা কাম কৰিব পাৰো দেখোন?
:কি কোৱাচোন?
:মইয়ো বিছাৰিছো যে কালিলৈ তুমি মোৰ কাষতে থাকা!
:চিওৰ?
:চিওৰ তো। সেয়ে কৈছো:কালিলৈ তুমি মোৰ সতে আমাৰ অফিচলৈকে ওলাবা। মোৰ টেবুলৰ কাষতে চেয়াৰ এখন পাৰি দিম। কোনোবা পার্কত বহি তুমি মোৰ মূৰৰ ওকনি চাই থকাতকৈ মোৰ অফিচতে বহি মোৰ ওকনি চাই থাকিবা। তেতিয়া অন্তত মই পৰহিলৈ মোৰ বচক কালি কিয় নাহিলা জাতীয় প্ৰশ্নৰ কৈফিয়ত্‍ দিব নালাগে।

কবিতা - অনুভৱ

খুচুৰা কৰিলেই
হাজাৰ টকীয়াটো
উদং হৈ যায়.
স্পর্শ পালেই
প্ৰেমৰ পাপৰি
জহি লয় পায়।

কাবিতা - ফাগুণ

ফাগুণৰ প্ৰথম বৰষুণজাক
বালিয়ে গিলাৰ দৰে
অনুৰাগ এখিনিয়ে মোৰ
দুখবোৰ গিলি পেলালেহি।

Friday, March 8, 2013

কাঠআলু

আগতে আঘোণ মাহত ন খাওতে খাওতে পাছদিনা পুল পুল পুলকৈ পেট চলি যায়।আজিকালিৰ ছবিখন বেলেগ।ন খোৱাৰ প্ৰথাক বহুতে ষ্টৰ ৰুমত থৈ গ্ৰেণ্ডফাডাৰ ক্লক বনাই পেলালে।নামাতেই আজিকালি কোনেও।এঘৰে কয় মাঘত খাম।ইঘৰে কয় বহাগত খাম।মাঘত ন খাম বুলি আঘোণতে মনে মনে খাই থৈ দিয়ে অকলে অকলে।পাচলি আৰু মাছ মাংসৰ দাম হৈছে।মানি লৈছো। কিন্তু নিজ সন্তানৰ বা নাতিহঁতৰ বার্থদেটো পাতিব পাৰে ন খোৱাটো পাতিব নোৱাৰে!কেনে কথা!
সিদিনা গাৱঁৰে দদাইদেউৰ ঘৰত ন খাবলৈ মাতিলে।তাত গৈ পাওতেই ভাতৰ পাতত ৰাইজ বহিলেই।কলগছৰ খোলত দালি,পাতত ফুর্ফুৰিয়া ভাত,কাষত ভাজি,চালাড,কেচা জলকীয়া,নিমখ। মাটি ডাইলৰ মাজত ৰৌ নে বৰালি মাছৰ ডাঙৰ টুকুৰা এটা জিলিকি থকা দেখি থপককৈ বহি দিলো।খাই আছো। মাছ পিচ পাছত খাম বুলি সাচিঁ থৈছো।মাটি ডাইলখন ইমানেই টেষ্টফুল যে সেইখনৰ জুতিতে ভাত শেষ কৰি পেলালো।একেবাৰে শেষত মাছ টুকুৰা খাও বুলি শুকান ভাত কেইটামানো খুজি ললো বুজিছে।তাৰ পাছত মাছপিচ দাঙি আনোতেই থলথলকৈ সৰি পৰিল।ইমান কোমল এইটুকুৰানো কি মাছ হয়নে?ভালকৈ নাভাজিলেই কিজানি!এইবুলি পিটিকি চাওতেই মোৰ কাষত ইমানপৰে মোলৈ লক্ষ্য কৰি থকাকেইজনে ফোচ ফোচকৈ হাহি দিলে। তাৰে এজনে কলেঃ কাঠআলু কাঠআলু!

নেটৱর্ক

নিউয়র্কত নেটৱর্ক সদায় থাকে নে নাথাকে! ৰিচিভ কৰিব নোৱাৰাটো যদি মিছ কল হয় ৰিচিভ কৰিব পৰাটো মিষ্টাৰ কল বুলি কলে নগৰত জগৰ লাগিব নেকি?
বিল্ডিংবোৰ ৩ ষ্টৰী ৪ ষ্টৰী ৫ ষ্টৰী যদি থাকিব পাৰে লাভষ্টৰী বিল্ডিং সাজিলে পৌৰসভাই বা নগৰ নিগমৰ ৰোষত পৰিব নেকি? অসমৰ যমুনামুখত যদি যমুনাৰমুখ খন থাকে তেন্তে যমুনা নদীৰ বাকী ডোখৰ অসমত নবৈ উত্তৰ ভাৰতৰ ফালে কিয় গুছি গল?
হাফলংৰ মানুহখিনি দূখীয়া নেকি লং টো হাফ কৰি খাবলৈ? গাইপতি এটাকে খোৱাহেতেন হাফলং গুছি ফুললং হলহেতেন নেকি?
POST মানে যদি খুটা হয় POST OFFICE মানে কার্য্যালয় খুটা নহৈ কিয় ডাকঘৰ হল? মহিলাৰ আঙুলিক LADYS FINGER বুলি কৈছেই যেতিয়া ভেন্দি নামৰ পাচলিবিধক দিবলৈ এই গোলাকাৰ পৃথিৱীখনত বেলেগ এটা শব্দ বিছাৰি নাপালে কিয়? INCOME মানে যদি উপার্জন কৰা হয় তেনেহলে খৰছ কৰাটো OUTCOME নহল কিয়? TABLE মানে যদি মেজ হয় তেনেহলে সেই TABLE খন ইংৰাজী মিডিয়ামত পঢ়া ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ মুখস্হ কৰে? চকীৰ যদি খুড়া থাকে তেনেহলে আৰক্ষী চকীৰ খুড়া নাথাকে কিয়? CITY মানে যদি নগৰ হয় তেনেহলে ELECTRICITY খনে কি দোষ কৰাত নগৰৰ মর্যদা নাপালে? ফটা মূখখনে এইবোৰ বেছিকৈ কলেই জগৰ লাগে। আজিলৈ তথাস্ত।

ঢোকা

'অ' টোৱে ক'ৰবাৰপৰা ঢোকা এডাল আনি গাত লগাওতে 'আ' হৈ গ'ল! 'এ' আৰু বৃদ্ধ 'ও' টোৱে সোঁহাত ডাঙি 'ঐ' আৰু 'ঔ' হ'ল।'ব' টোৱে পাছফালৰ টিকনিডাল পাক এটা দি পকাই থৈ 'ক' হল।
'ড' টোৱে কমা এডাল চুৰ কৰি মূৰৰ ডাঁৰডাল আতৰাই পাগ মাৰি টুপিটো পিন্ধোতে 'ঙ' হৈ পৰিল। 'চ' জনীয়ে ফুৰিবলৈ যাওতে চাদৰৰ আগটো চুচৰি গৈ 'ছ' হ'ল। 'এ' টোৱে টেঙেচী ফুল এপাহ খোপাত মাৰি লচপচি জনী হওতেই 'ঞ' হ'ল। 'ট' টো নহৰু ফোটাটোৰ দৰে উখহি 'ঠ' হ'ল। 'ড' আৰু 'ঢ' য়ে কনী পাৰি ওমনিত বহোতেই 'ড়' আৰু 'ঢ়' হ'ল। 'ব' টোৱে আকাশলৈ চাই বেলুন এটা ফুলাই থাকোতেই 'ধ' হ'ল। 'ঢ' টোৱে মূৰৰ ওপৰলৈ হাতখন নি টা টা দিওতেই 'ট' হ'ল। 'ন' টোৰ মূধচ খহি 'ণ' হ'ল।

কলপতীয়া ৰঙৰ গৰুজনী

বৰ ড়াঙৰ কথা এটা হল। মোৰ কলপতীয়া ৰঙৰ গৰুজনী হেৰাল। অথনি হাল বাই থাকোতেই তাই মুকলি হৈ কলৈ গুছি গল নাজানো। ইমান বিছাৰিছো তথাপি পোৱা নাই। ফোন কৰিলেও ৰিচিভ নকৰে। বৰ চিন্তাত পৰিছো। উপায় এটা দিয়কচোন।

পঞ্চায়ত নির্বাচন

(২)
পাছদিনা দূপৰীয়াৰ কথা।গাৱঁৰ লাইব্ৰেৰীত পঞ্চায়ত নির্বাচনৰ সভা এখনত ৰাজনৈতিক নেতা এজনে ভাষণ দি আছে।ভাষণটো শুনিয়েই মোৰ গাটো চিটচিটাই গল।লুঙিখন খুলি পেন্টটোও সলাবলৈ পাহৰিলো।মন্ত্ৰটো মাতি অদৃশ্য হৈ গলো।কোনেও মোক নেদেখিলে।মানুহবোৰৰ মূখবোৰ চাই চাই মই ভীৰ ফালি গৈ আছো।নেতাই ভাষণ দি আছে।মিছা প্ৰলোভন দিছে।ৰাইজে শুনিছে। ভাল পোৱাবোৰে কেলেপ দিছে।বেয়া পোৱাবোৰেও কেলেপ দিছে।গৈ গৈ মঞ্চ পালোগৈ।চিকিউৰিটিয়ে বাধা দিয়াৰটো দূৰৰ কথা।মোৰ উপস্হিতি ধৰিব নোৱাৰাকৈয়ে সেই প্ৰাচীৰ পাৰ হৈ গলো।
তাৰ পাছত ভাষণ দি থকা নেতাজনৰ কাষলতিৰ তলতে দিলো ভাকুটকুটাই।নেতাজনে তম্ভিবই নোৱাৰিলে। সন্মুখৰ ৰাইজ হতবাক। নেতাজনৰ হৈছে কি? ভোট জলকীয়াই পোৰা বলদটোৰ দৰে নেতাজনে মঞ্চত হাত ভৰি আছাৰি আছে।চাবলৈ ভাল হৈছিল চিকিউৰিটি কেইজনক।ছাৰৰ কি হৈছে বুলি আটাইকেইজনে ছাৰক ঘেৰি ধৰিলেহি।উপস্হিত ৰাইজৰ কিছুৱে মূখ টিপি হাহিঁছে।কিছুমান অবাক হৈছে।কিছু কিছু ছাৰক সহায় কৰিবলৈ মঞ্চলৈ দৌৰি আহিছে। ইপিনে ছাৰক মই ভাকুটকুটাই ভাকুটকুটাই অতিষ্ঠ কৰি তুলিছোঁ। ছাৰ ঘামি গৈছে। মোৰ হাতৰপৰা এৰাই মঞ্চ এৰি পলাই যাব বিছাৰিছে। কিন্তু মই ইমান জোৰত তেওৰ চার্টৰ কলাৰটো ধৰি আছো যে তেও সাৰি যাব পৰা নাই।

ৱমেনচ দে

ৰাতিপুৱাই ভগৱানক প্ৰার্থনা কৰি কলোঃ হে ভগৱান আজি যাতে কোনো দিৱস নেপেলোৱা দেই। এনেকৈ দিৱস পাতিবলৈ হলৈ তোমাৰ সন্মুখত জ্বলোৱা ধূপডালো টুকুৰা টুকুৰ কৰি জ্বলাব লাগিবগৈ কোনোবা এদিন।
কি যে লীলা পৰভুৰ! চকু দুটা মেলিবলৈ নাপালোৱেই আমাৰ ঘৰৰ মহামায়া আহি হাজিৰ হলেইহিয়েই নহয়। সোহাতখনেৰে হেচুকি মোক কলেঃ হেৰা। আজি ৱমেনচ দে জানা?
প্ৰকাশ নকৰাকৈ মনতে ভগৱানক কলোঃ মোৰ প্ৰার্থনাটো তোমাৰ হাতত পৰিলনে তোমাৰ বিসম্বাদী গোটৰ হাতত পৰিল বাৰু?
তাৰ পাছতেই আৰম্ভ হলেই নহয় এওৰ আব্দাৰঃআফিচ চুটী কৰি আহিবা। বজাৰ যাম। ইত্যাদি ইত্যাদি।
এশবাৰমান শলাগি শলাগি অফিচলৈ ওলাই গলো। চুটি তো লোৱা নহলেই, এতিয়ালৈকে ঘৰেই পোৱাগৈ নাই। যামনো কেনেকৈ! এও পুবে গলে মই পশ্চিমত যোৱা মানুহ। ৱমেনচ দে বুলি এওলৈ স্পেচিয়েল আনকমন উপহাৰ এটা লৈ মই এইয়া আহি আছো। এইয়া পদূলিৰ মূখ পাইছোহি। ভয়ো লাগিছে সোমাবলৈ। উপহাৰটো বা লবনে নলয়! গালৈকে যদি মাৰি পঠায়? কাৰণ মই যে এওলৈ WOMEN DAYৰ উপহাৰ হিচাবে WOMENS HORLICKS এটা লৈ আহিছো। হি হি।

Wednesday, March 6, 2013

কবিতা - বিবাহ

বিবাহ

তেঁওক সুধিলোঃ
বিবাহ কি?
তেঁও কলেঃবিবাহ
ভাৰত বুৰঞ্জীৰ সেই
সন্ধিবোৰৰ দৰে
এটা পক্ষত
ইষ্ট ইণ্ডিয়া কোম্পানী থাকিবই।

মনি বেগ

ৰাতিপুৱা খোজ কাঢ়োতে হঠাত্‍ মনি বেগ এটা পাই গলো। টিপতে মনিবেগতো পেন্টৰ পকেটত ভৰালো। লগত খোজ কঢ়া দুজনে গমকে নাপালে। মনীবেগটো পকেটত ভৰোৱাৰ পাছতে কিয় নাজানো খোজকাঢ়িবলৈ মনেই নগল। আনদিনাতকৈ সোনকালে ঘৰলৈ ওভতিলো। এওক হেচুকি হেচুকি জগালো। আনদিনা হোৱাহলে এনেকৈ টোপনি ভঙাৰ বাবে মোক কুকুৰে কাঁইট নোখোৱা কৰিলেহেতেন! আজি কিন্তু মনিবেগ এটা হেৰাই পালো বুলি কোৱাৰ বাবেই নেকি একে জাপেই উঠিল বিচনাৰ পৰা। দাত ব্ৰাছ নকৰাকৈয়ে চাহ একাপো আনিলে। মই পকেটৰ পৰা মনিবেগটো উলিয়াই এওৰ হাতত তুলি দিলো। চিলনীৰ দৰে এও মোৰপৰা মনীবেগটো থপিয়াই নিলে আৰু নিজৰ বেডৰুমলৈ দৌৰ মাৰিলে। মনিবেগটোক লৈ কল্পনা সাগৰত উটি থাকোতেই তেও মোৰ গাললৈ মনীবেগটো দলিয়াই দিলে। গাল ফৰফৰাই গল। কিংকতব্যবিমুঢ় হৈ মনীবেগটো হাতত তুলি ললো। চিঠি এখনৰ বাদে তাত একোৱেই নাপালো। তথাপিতো চিঠিখন পঢ়িলো। চিঠিত লিখা আছির্ল
মহাবুর্বক কৰবাৰ! টেটেলী পেকেটত অহা ডুপ্লিকেট টকাকেইটালৈও তোৰ ইমান লোভনে?

Tuesday, March 5, 2013

কবিতা - কুকুৰ

কুকুৰ

টকা দিয়া দেউতা মোক
কুকুৰ এটা পোহো।
ভাল লাগিব যদিহে তাক
দুৱাৰমূখতে বান্ধো।

ভেকাহী মাৰি দেউতাই
আইক কলেঃহেৰা
,শিকলিডাল আনা!
পূতেৰ থাকোতে
বেলেগ কিয় লাগে
ডিঙিতে তাক বান্ধা।
দুঠেঙীয়া কুকুৰ পুহিলে
সকলোৱে চাব
উচিত শিক্ষা এটা সি
তেতিয়াহে পাব।

মোৰ কাহিনী (৪ নং খণ্ড)

মোৰ কাহিনী (৪)

.....
দেউতাক কথাখিনি কৈ চোতাল পোৱাহিয়েই নাই। আহিল নহয় তেনেকুৱাতে ফোনটো। পকেটৰ পৰা উলিয়াই দেখোঃ মৃদুলৰ ফোন। ভাল বিপদে পালে। তাৰপৰা টকা ৫০০০ ধাৰলৈ লৈছিলো। এবছৰৰ ওপৰ হল। ইদিন দিম সিদিন দিমকৈ থাকোতে দিয়াই নহল। আজিৰ ভিতৰত দিম বুলি কৈছিলো।
ৰিং কৰি কৰি ফোনটো অফ হৈ গল। তেতিয়াহে শান্তি পালো। নিজৰ কোঠাত সোমাই চকীখনত বহিছোহে আকৌ আহিল নহয় মৃদুলৰ ফোনটো। কান্দি দিম কান্দি দিম লাগিল। ঘপহকৰে বুদ্ধি এটা খেলাল মনত। ছিলিঙ ফেনখন চলাই দিলো। ফেনখন চলোতে ঘটক ঘটক শব্দ এটা হয়। চকী এখন ফেনখনৰ তললৈ চোঁচোৰাই আনিলো। তাৰ পাছত চকীখনত উঠি ফেনখনৰ একেবাৰে কাষলৈ মোবাইলটো নি ফোনটো ৰিচিভ কৰি কলোঃ
: হেল্ল
লগে লগে সিফালৰ পৰা ফায়াৰ বিগ্ৰেডৰ চাইৰেন বাজি উঠিলেই নহয়
: তই চবৰে লগত চুলুং মুলুং কৰিবি। মোৰ লগত নকৰিবি দেই!
মই কলোঃ
তেনেকুৱা উদ্দেশ্য থকাহলে তোৰ ফোনটো ৰিচিভ নকৰোৱেই।
খঙেৰেই সি কলেঃ
আজিৰ ভিতৰত মোক টকা লাগে
মইয়ো গহীন হৈ কলোঃ
টকা মোৰ ৰেডী হৈ আছে। কিন্তু মই এতিয়া ফেৰীৰে মাজুলীলৈ আহি আছো।
উত্তেজিত হৈ সি সুধিলেঃ
কিয়?
কোমলকৈ মই কলোঃ
বাইদেউৰ চিৰিয়াচ। খবৰ পাই ন বজাৰ ফেৰীখনতে উঠি দিলো।
অকনমান ফোনটো আৰু ফেনখনৰ শব্দটোৰ কাষলৈ দি আকৌ কলোঃ
তই ফেৰীৰ ঘট ঘট শব্দ শুনা নাইনে?
সি কলেঃ
পাইছো। কেতিয়া ঘূৰিবি?
সি অলপ শান্ত হোৱা দেখি হাঁহিও উঠিল এই ভাৱি যে সি মাজুলীলৈ মই গৈ থকা কথাটো বিশ্বাস কৰিছে।
তথাপি তাক কলোঃ আজি ঘূৰিব নোৱাৰিম। কালিলৈ পাৰিম ছাগে!
"ঘৰ পালেহি ফোন এটা কৰিবলৈ" কৈ সি ফোনটো থৈ দিলে। চকীখনৰ পৰা নামি দেখিলো দেউতা মা আৰু ভন্টীহঁতে মোক ঘেৰা কৰি আছে। উৰহীৰ ওৰ উলিয়াও মানে দেউতাৰ মূখখন চলিলেই।
: ফেনখন এইদৰে চলাই থাকিলে কত ভাল হৈ থাকিব?
মই কলোঃ কিবা এটা পাবৰ বাবে কিবা এটা কৰিবই লাগিব!
মোৰ কথা শুনি দেউতাই বিশেষ একো প্ৰতিক্ৰীয়া দেখুওৱা যেন নালাগিল।
মাথো নামি আহোতে মোক ফেনখনৰ কানেকচনটো কাটি থৈ আহিবলৈ কলে।
এইদৰে নামি আহি পুণৰ কোঠা পালোহি। কি কথাত জানো বিচনাৰ তলখনত চকু পৰাত চকুকেইটা থৰ হৈ গল।
কিয় জানে?
বিচনাৰ তলত নাৰিকলৰ পুলি এটা থিয় কৰি থোৱা আছে। পুলিটো চিনি পালো। এই নাৰিকলৰ পুলিটো আজিৰপৰা এমাহমানৰ আগতে দেউতাই গাঁৱৰ মূৰৰ সাগৰ খুড়াৰ বাৰীৰ পৰা চুৰ কৰি আনিছিল। তাৰ তিনিদিন পাছত পুলিটো সিখন গাঁৱৰ কলীয়া খুড়াক বিক্ৰী কৰিছিল ১০০টকাত। কলীয়া খূড়াৰ বাৰীত পুলিটো এদিনহে থাকিল। সেইদিনা ৰাতিয়েই দেউতাই পুলিটো উভালি আনি পুনৰ এশ টকাত বগাই খুড়াক বিক্ৰী কৰিলে। বগাই খুড়াৰ বাৰীৰ পৰা উভালি একেটা দামত পেটুৱা দাইটিক দিলে। পেটুৱা দাইটীৰ বাৰীৰ পৰা তিনিদিনৰ পাছত আকৌ উভালি আনি আমাৰ নিজৰ খুড়াক ৮০ টকাত বিক্ৰী কৰিলে। এই ঠাইতে প্ৰক্ৰীয়াটো শেষ হব বুলি ভাৱিছিলো। কিন্তু নহল। সেই একেটা পুলিয়েই এতিয়া মোৰ বিচনাৰ তলত.....

হে প্ৰভু আমাৰ এই বুঢ়াটো কম নহয় দেই। দেখিছেনে বাৰু এটা নাৰিকল পুলিৰ পৰা কেনেকৈ অমৃত মন্হন কৰি আছে!....
(ক্ৰমশ)

মোৰ কাহিনী (৫)

মোৰ কাহিনী (৫)

.....
তেনেতে দেখিলো বিছাৰি ফুৰা ভন্টীজনী শান্ত শিষ্ট হৈ পঢ়াৰ টেবুলত বহি কিবা এটা লিখি আছে। ভালকৈ দেখিলো তাই ইর্মাজেন্সী হলেহে লিখিবলৈ দিয়া ফুলস্কেপ কাগজ দিস্তাত কলম এটাৰে লিখি আছে। টিঙিচকৈ খঙটো উঠিলেই মোৰ। তাইক ঘৰত লিখিবৰ বাবে বাইদেউৱে টিউচন কৰা মানুহবোৰৰ ঘৰৰ পৰা কাঠ পেন্সিলবোৰ আনিয়েই দিয়ে। কাগজৰো কোনো অভাৱ নাই। ইলেকচনৰ সময়ত গাঁৱত মাৰিবলৈ দিয়া পোষ্টাৰবোৰ দম খাই আছেই। তাৰোপৰি বাতৰি কাকতৰ নিলিখা খালী বগা অংশবোৰ মই কাটি কাটি ৰিবন বনাই থৈ দিছোৱেই তাই নোট লিখিবৰ বাবে।
তথাপিতো তাইৰ বাহাদুৰি চা।
পূর্ণহতীয়া চৰ এটা সোধাই দিলোৱেই ৰৈয়েই নাথাকিলো। ঘৰখনৰ কাৰোবাৰ নহয় কাৰোবাৰ পৰা তাই মাৰ খায়েই। নাখাব কিয় যিখনহে ওভতি ধৰে তাই। ঘটাবোৰেহে জানো এক পইচাটোও ঘটিবলৈ কিমান মাথা মাৰিব লাগে। তহঁত বহি খোৱাবোৰে কি বুজিবি? মূখ মেলিছ খাইচ আৰু পোকৰ মেলিছ হাগিচ! তহতৰ কাৰণে দিনে ৰাতিয়ে দেউতা আৰু মই কিমান চিন্তা কৰি থাকো আমিহে জানো।
এইবোৰ কথা ভাৱিলে মোৰ চাউতকৰে সিদিনাৰ কাহিনীটোলৈ মনত পৰে। লগৰ লৰা এটাৰ ঘৰলৈ বুলি যাঁওতে ঠিক কানিমুনি আন্ধাৰ হৈছিল। গেটখন খুলি সোমাই যাওতে দেখিলো এটা মস্ত তলা বাৰান্দাৰ গেটখনত।
তথাপিতো কিজানি মানুহ সোমাই আছেই এই ভাৱি কলিং বেলটো টিপিলো। তিনিবাৰকৈ বেলটো বজোৱাৰ পাছতো যেতিয়া ভিতৰত কাৰোৰ একো সাৰ সিকটি নুশুনিলো তেতিয়া মোৰ লুভীয়া জিভাখন ১৬ ফুটমান দীঘল হৈ মূখৰ বাহিৰলৈ ওলাই আহি লিকলিকাব ধৰিলে। গ্ৰিলৰ ফাকেৰে বাৰান্দাত মাইকী ছোৱালীৰ চেন্দেল দুযোৰহে দেখা পালো। চেন্দেল দুযোৰ আনিবলৈও প্ৰব্লেম নহল। ওখ ডালিয়া জাতীয় ফুল এজোপাত খুটি এটাৰে ঢোকা দি থোৱা আছিল। সেইটোকে উভালি লৈ গ্ৰীলৰ সিপাৰৰ পৰা চেন্দেল দুযোৰ আনিলো। আৰু কিবা পাও বুলি এইবাৰ চাৰিওফালে চকু ফুৰাওতে নাইটী এটা আৰু আন্দাৰপেন্ট দুটা ডাৰ এডালত মেলি থোৱাত পালো। গোটেই কেইটা বেগটোত ভৰাই ৰৈয়েই নাথাকিলো। আহোতে আকৌ তিনিআলিৰ চুকৰ কনদাইটিৰ দোকানখনলৈ চকু পৰাত দেখিলোঃ মম এডাল জ্বলাই কনদাইটিয়ে গ্ৰাহকৰ বাবে টোপনীয়াই আছে। সূযোগটোনো কেলেই অথলে যাব দিও? পকেটত লৈ ফুৰা টেটেলি পেকেটত যে আহে নকল নোটবোৰ তাত পোৱা ১০ টকীয়া নোট এখন দি কাগজ এক দিস্তা কিনি আনিলো। কনদাইটীয়ে লাইটৰ পোহৰ নহলে যে একো মনিব নোৱাৰে সেই কথাটো আগতেই জানো।
বেলেগ গ্ৰাহক নথকাৰ বাবে ভালেই পালো। অ পাহৰিলোৱেই। ১০ টকা দি মচুৰ দালি ১৫০গ্ৰামো আনিলো। সেইটো কেনেকৈ জানে? আজিকালি যে নচলে ৫০ পইচাৰ মূদ্ৰা তাৰ দুটা লৈ ফেভিকল অকনমান দি যোৰা লগালে ৫ টকীয়া মুদ্ৰাটোৰ দৰে হৈ পৰে। তেনেকুৱা ৫ টকীয়া দুটা আছিল পকেটত। কনদাইটিয়ে সেই দুটা হাতেৰেই চুই চাই কেচ বক্সত ভৰাই থোৱা দেখি হাঁহিও উঠিছিল অৱশ্যে।

কথাখিনি এইবাবেই কলো যে ঘৰখনৰ কাৰণে দিনে ৰাতিয়ে কিমানখিনিলৈকে চিন্তা কৰো চাওকচোন। এইবোৰ কথা ঘৰখনৰ বাকীসকলে চিন্তা কৰিব লাগেনে নালাগে বাৰু আপুনিয়েই কওকচোন হেৰি।...
(ক্ৰমশ)

মূৰটো গৰম হৈ গল

পূৱা উঠিয়েই মূৰটো গৰম হৈ গল। দাত ব্ৰাছ কৰিবলৈ লৈ কলগেটটো চাই দেখিলোঃ
কোনোবাই কটাৰীৰে কাটি চুঁচি চুঁচি বাকলিত লাগি থকাকনো লৈ গল। খঙতে মাক খুউব গালি পাৰিলো। হেৰ পাচটকীয়া কলগেটটোৱে ৭ টা প্ৰাণী থকা ঘৰখনত মাত্ৰ তিনিমাহহে যাব লাগেনে বাৰু আপুনিয়েই কওকচোন। এঙাৰ এডোখৰ লৈ দাতেৰে গুড়ি কৰি ব্ৰাছটো বিচাৰি বিছাৰি গোটেইখন ঘূৰিলো নাই নাপালো। খঙ নুঠিব কিয়! একেটা ব্ৰাছকে সকলোৱে লও যেতিয়া ব্ৰাছটো সদায় এটা নিদিষ্ট জেগাত থব লাগেনে নাই কওকচোন। যেনেতেনে মূখখন ধুবলৈ মাক পানী এমগ আনিবলৈ কলো।
মায়ে কলেঃ মগটো দেউতাই লেট্ৰিনলৈ নিছে। অলপ ৰ।
কেনেকৈ থিৰেৰে থাকো বাৰু? তেনেকৈ মূখখন ধুলো। মাক চাহ একাপ বিছাৰিলো।
মায়ে কলেঃ চাহপাত নাই। খঙেৰেই সুধিলোঃ চাহপাত নাই যদি কাষৰ বিমলাহঁতৰ ঘৰত বিছাৰি নাযাৱ কিয়? তাইতো যোৱা সপ্তাহত আমাৰ ঘৰত দুকাপ চাহ খাইছিল।
মায়ে কলেঃ গৈছিলো। তাহতৰ ঘৰতো আজি তিনিদিন চাহপাতেই নাই হেনো।
টেমিটো আৰু গৰম উঠিল। দেখিছেনো বাৰু চাহপাত কেইটামানো নাথাকে কাষৰ মানুহবোৰৰ ঘৰত। এনেকুৱা ওচৰ চুবুৰীয়া কেলেই হে? খঙতে তিনিটকা এটা লৈ চাইকেলখন লৈ দোকানলৈ যাবলৈ ওলাইছোহে দেউতাই চিঞৰি কলেঃ ঐ চাইকেলখন থেলি থেলি যাব নোৱাৰনেকি? এটা টায়েৰৰ কিমান দাম জাননে?

চোকোৰা

কুকুৰাৰ কনীৰ চোকোৰাটো পেলাই নিদি এদিন কি কৰিলো জানে? চোকোৰাটোত মাটি কেইট্ৰাকমান ভৰাই তাত জাহাজী কলৰ পুলি অলপ লগাই দিলো। লাহে লাহে চেগুন গছবোৰ ডাঙৰ হৈ আহিল আৰু এটা সময়ত গাভিনী হৈ ধানৰ ঠোকবোৰ ওলাব ললে। তাৰ পাছত এদিন বেপাৰী এটাক মাটি গোটেই নাৰিকল গছবোৰৰ পৰা যিমান কমলা আছিল গোটেইবোৰ পাৰি আনিলো। বেপাৰীক বিক্ৰী কৰিবলৈ লৈ পাল্লা এখনত ওজন কৰি দেখিলো ২০০ গুছিহে পান ওলালে। তাৰ পাছত মেছি দা এখন লৈ গোটেই কঠালবোৰ কাটি কাটি যিমান লিচু আছিল সকলো মুঠি মুঠি কৰি নগাটেঙাবোৰ ৰিলায়েন্সৰ টাৱাৰ এটাৰ ওপৰত বহা বজাৰ এখনলৈ নিজেই লৈ গলো.........

কেনে আছা ককা?

আমাৰ বকুলজোপাত হেনো বুঢ়াডাঙৰীয়া এজন থাকে।শুনিছিলোহে। কালি শেহনিশা বাহিৰলৈ উঠোতে প্ৰমাণ পাই গলো। ফেৰেঙনি এটাত বহি থকা বিৰাটাকাৰ ঢকঢক বগা চেলেং চাদৰ চুৰীয়া পৰিহিত মুর্তিটো দেখি শিৰ নত হৈ পৰিল। সেৱাঁ এটা জনাই সুধিলোঃ
কেনে আছা ককা
গহীনাই তেখেতে কলেঃ
মই তোমাৰ ৯ পুৰুষৰ ওপৰৰজন ককা বোপাই।
মইঃ পিছে ইয়াত কি কৰি আছা?
তেখেতঃ আৰুনো ক'ত থাকিম বোপা?
:কিয়? স্মশানত?
:তাতো আজিকালি মদৰ গোন্ধ বোপা!
:সদায় ইয়াতে থাকানেকি?
:নাথাকো। তোমালোকৰ ঘৰৰ টিভিটো অন হৈ থাকিলে আমাৰ কষ্ট হয়। তাৰোপৰি মবাইলৰ পৰা ওলোৱা ৰেডিয়েচনে আমাক কোঙা কৰি পেলায়।ৰাতি ৩টামান বজাতহে বকুলজোপাত বহিবহি পাৰো।
:কিয় তাৰ আগতে?
:১২ বজালৈকে তোমালোকৰ টি ভি অফ নহয়। ২ মান বজালৈকে তুমি গার্লফেণ্ডৰ সতে মবাইলত কথাই পাতি থাকা।তোমাৰ মবাইলৰ ৰেডিয়েচনৰ ভয়তে দেৰিকৈ আহো। তাৰোপৰি পেষ্টিচাইড নে কিহৰ প্ৰকোপত বকুলজোপাও বিষত জর্জৰিত। এনিটাইম আমাৰ ভৰ বেচেৰাই সহিব নোৱাৰা হৈছে।
:আমি মানে?
ওচৰৰ মজদিজৰ পৰা ৪শ বছৰীয়া ইমামজনো মোৰ লগত ইয়াতে বহেহি।
:তুমি তেঁওৰ লগতো বহা?
:গুৰুজনে আমাক এক কৰি গৈছিল। আজিকালি ভকতেহে ভাগ কৰি পেলাইছে। তুমি এতিয়া যোৱা।তেঁও আহিবৰ হৈছে।মুছলমান হলেও শাস্ত্ৰত তেখেত বিদগ্ধ। দেখিলে ভয় খাবা।...
প্ৰণাম কৰি মই গুছি আহিলো।

চিকাৰ

যোৰহাটৰ বাই পাছৰ ভোগদৈ দলঙৰ তলতে কেইদিনমানৰ পৰা মই থাকিব লৈছো চিকাৰ এটা বিছাৰি। আজি ভগৱানে কৰিলে মোৰ চিকাৰটো মিলিব।মোৰ চিকাৰটো উলামুলা চিকাৰ নহয়। INDICA এখনত উঠি গুৱাহাটীৰ পৰা আহি থকা বুলি নগাৱঁৰ ওচৰৰ এ টি ৰোডৰ পিতনিত থকা এজনে জনাইছে।সেয়ে মই সন্ধ্যাৰ পৰাই খাপ পিটি আছো। ইতিমধ্যে ৰাতিৰ লাইন ট্ৰাকবোৰ চলিবলৈ লৈছে। ৰুপটো সলাই মই জেঠি এটা হৈ দলঙৰ ৰেলিঙডালতে ৰৈ আছো। ভাগৰ লাগি গৈছে বুজিছে।চকু দুটা অলপ ডাঙৰ কৰি ৰাতি দুই কিঃমি দুৰলৈকে চাব পৰা কৰি ল'লো।একোবত গাড়ীখন পাই গলো। যিহে বেগত আহি আছে!ধুনীয়া বোৱাৰী এজনীৰ ৰুপ লৈ গাড়ীখন ৰখালো।গাড়ীখনে ব্ৰেকমাৰি দিওতেই ফেচাঁ এটা হৈ খিড়িকীয়ে সোমাই গলো! লগে লগে মোৰ আচল ৰুপটো লৈ পিছৰ চিটত বহি যোৱা অফিচাৰটোৰ ডিঙিত নখবোৰ সুমুৱাই ফুটাই দিলো ডিঙিটো।বেচেৰা ড্ৰাইভাৰটোৱে কন্ট্ৰোল কৰিব নোৱাৰি কাষৰ গছজোপাত মাৰি দি নিজেও মৰি থাকিল। অফিচাৰটোৰ তেজ খিনি পি মই আকৌ নিজস্হানলৈ আহিলো।মোৰ কাম ফিনিচ। চাকৰি দিম বুলি টকা ২ লাখ খালে চাল্লা সি।তাৰ বাবেই মই যোৱা সপ্তাহত চিপ ললো।এমা ডিমা তাৰ লৰা এটাও আছে বোলে! তালৈহে বেয়া লাগিছে! আপোনালোকে ভয় নাখাব।চাকৰি নাপাই চিপ লৈ হোৱা ভুতে নিদোষীক একো অন্যায় নকৰে।

কবিতা - পানীৰ তলৰ কাইট

বিছাটোক সুধিলোঃ শুং এডাল দিয়া। বিছাটোৱে দিলে।
মানুহক মই ডাকিব পৰা হ'লো।
জোকটোক সুধিলোঃ
দাতকেইটা দিয়া।
জোকটোৱে দিলে।
মানুহৰ তেজ পীব পৰা হ'লো।
বান্দৰটোক সুধিলোঃ
গুণ এটা দিয়া।
বান্দৰটোৱে দিলে।
বান্দৰালি কৰিব শিকিলো।
কান্দুলী মাছক সুধিলোঃ
জপিয়াবলৈ শিকোৱা।
কান্দুলীয়ে শিকালে।
কান্দুলীৰ দৰে লুটিবাগৰ
মাৰিব শিকিলো।
গোলাপজোপাক সুধিলোঃ
কাঁইট এডাল দিয়া।
গোলাপে দিলে।
আৰু মই
পানীৰ তলৰ কাইট হ'লো।

কবিতা - যোগ বিয়োগ

যোগ বিয়োগ
পূৰণ হৰণৰ
তুমি এটা সৰল
অথচ
জটিল সমীকৰণ।
অহংকাৰৰ 'যোগ'
সৰলতাৰ 'বিয়োগ'
উচ্চাকাঙ্খাৰ 'পূৰণ'
আৰু পৰিণতিত
মোৰ নিদ্ৰা 'হৰণ'।

আজ কা মৌচম কেইচা হে?

কোঠাটোত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি এওঁৰ লগতে অলপ টাইম পাচ কৰো বুলি চিঞৰি চিঞৰি মাতিলো। এও দৌৰি আহিল। কোঠাৰ চুক এটালৈ গলো। পৰস্পৰৰ দুৰত্ব কমিল। কানত কান লগাই এওঁক সুধিলোঃআজ কা মৌচম কেইচা হে?
লাজতে এওঁ কুচি মুচি মোৰ বুকুত সোমাই দিলে। আবেগ এখিনিয়ে সাগৰৰ ঢৌৰ ৰুপ ললে। স্হান কাল পাত্ৰ পাহৰি গ'লো।
ঝাৰু এটা হাতত লৈ ঘৰৰ মালিকনী কেতিয়ানো কোঠাটোলৈ সোমাই আহিল গমকে নাপালো। আহিয়েই চুকটোলৈ নজৰ দি তেওঁ আমাক দেখা পাই ঝাৰুটোৱে কোবাই কোবাই দৰজাৰ বাহিৰ কৰি দিলে। মোৰ জীৱনত এনে ঘটনা কেইবাটাও ঘটি গৈছে। সেয়ে মই বিশেষ দূখ নাপালো। এওঁহে বিষত কোঙা হৈ আধামৰা যেন হ'ল। কিনো ক'ব আৰু! চুক ভেকুলী হল বুলিনো মানুহে আমাক ইমান ঘীন কৰিব লাগেনে বাৰু? আপোনালোকেই কওঁকচোন!

দেৱদূতৰ মন্ত্ৰ

যোৱাৰাতি সপোনত দেৱদূত এজনে মোক এটা মন্ত্ৰ দিলে।পূৱা সাৰ পাই কিনো হয় চাও বুলি কাগজ এখনত মন্ত্ৰটো লিখি থলো।দিনটো কামত বি জি থকাৰ বাবে কথাটো পাহৰিলো।আবেলি হঠাত্‍ মনত পৰাত মন্ত্ৰটো পঢ়ি দিলো। আৰু বিশ্বাস কৰক মন্ত্ৰটো পঢ়াৰ পাছতে মোক কোনেও নেদেখা হৈ গল।মই কিন্তু সকলোকে ঠিকে ঠাকে দেখিলো।পৰীক্ষাকে কৰি চাও বুলি দেউতাৰ গাত গাটো লগাই পাৰ হৈ গলো। দেউতাই উচপ খাই উঠিল আৰু কোন অ বুলি চিঞৰি দিলে।এইবাৰ দেউতাৰ পকেটত হাত ভৰাই দিলো।দেউতাই আকৌ আয়ৈ এইটো কি অ বুলি তালফাল লগাই দিলে।পকেটৰ পৰা দেউতাৰ মনিবেগটো উলিয়াই আনিলো।দেউতাৰ চিঞৰত মা ভন্টী দাদা সকলো দৌৰি আহিল।দেউতাই ভূত ভূত বুলি চিঞৰিছে। মা দাদাহঁতে কত কত বুলি ইফালে সিফালে চাইছেহে চাইছে একো তত ধৰিব পৰা নাই।এসময়ত মাহঁতে যেতিয়া শূণ্যত উপঙি থকা দেউতাৰ মনিবেগটো দেখিলে তেতিয়া সকলোৱে সমস্বৰে ভূত ভূত বুলি চিঞৰি উঠিল।হাহিঁম নে কান্দিম লাগিল।পৰিবেশটো অলপ বেলেগ ফালে ঢাল খোৱা দেখি দেউতাৰ মনিবেগটো আকৌ দেউতাৰ পকেটত ভৰাই দিলোগৈ।মনিবেগটো শূণ্যত ওপঙি আকৌ দেউতাৰ পকেটলৈ ঘূৰি অহা দেখি সকলো ফিউজ।চবৰে মূখৰ মাত নাইকীয়া হল। লাহেকৈ মন্ত্ৰটো মাতি পূণৰ মই দৃশ্যমান হৈ পৰিলো।
(ধাৰাবাহিক লিখিম বুলি ভাৱিছো যদি আপোনালোকে ভাল পায়)

ঢেকী

ৰামচন্দ্ৰক পুজা কৰি একো নোপোৱাত শিৱক পূজিবলৈ ললো।শিৱ বাবাইয়ো মোক গুৰুত্ব নিদিয়াত লক্ষ্মীক পূজিবলৈ ললো।এবছৰমান লক্ষ্মীদেৱীক পূজা কৰোতে কৰোতে মই টোকোনা হৈ পৰিলো।আৱির্ভাৱটো নহলেই বৰঞ্চ মোৰ অৱস্হা লাওলোৱাহে হল। উপায় নাপায় আজি পূৱা নাৰদ দেৱতাৰ নাম ললো।কি আচৰিত!নাম লোৱাৰ লগে লগেই মূখত পিকুইলিয়াৰ হাহিঁ এটা লৈ নাৰদ আহি ওলালহি।
ভৰি দুখনত পৰি সেৱা এটা কৰাত নাৰদে কলেঃ তোমাৰ স্তুতিত মই সন্তুষ্ঠ হৈছো বোপা। কি বৰ লাগে কোৱা।
আনন্দিত নহৈ আৰু দূখিত হমনে?
তপককৰে কলোঃ প্ৰভু তোমাৰ বাহন যিহেতু ঢেকী, সেয়ে মোক ঢেকীটোকে দিয়া।
মোৰ কথাত নাৰদে হো হোৱাই হাহিঁ দিলে। তাৰ পাছত কলেঃ কি লৰাহে তুমি?
মই কলোঃ মতা লৰা প্ৰভু।
নাৰদ জাঙুৰ খাই উঠি কলেঃ সেইটো সোধা নাই। আজিৰ এই ভোগবাদী যুগত ঘৰ বাংলো ধন সোন নিবিছাৰি তুমি কিয় কাঠৰ সামান্য ঢেকীটো বিছাৰিলা বত্‍স?
অলপ ৰৈ মই কলোঃ আমাৰ গাৱঁত এশ ঘৰ মানুহ।সেই এশ ঘৰ মানুহৰ এঘৰতো ঢেকী নাই। ঢেকীৰ অভাৱত মানুহে ভোগালীৰ বতৰতো পিঠা খুন্দিব পৰা নাই। সেয়ে পৰম্পৰা ৰক্ষা কৰিবৰ বাবেই আমাৰ গাৱঁত এটা ঢেকীৰ খুউব প্ৰয়োজন প্ৰভু।
মোৰ কথাত নাৰদে তথাস্ত বুলি কৈ নাইকীয়া হল।
এতিয়া সেই ঢেকীটোতে আমাৰ গাওবাসীয়ে পিঠা খুন্দি আছে।

ফৰেইনাৰ

ফৰেইনাৰ তিনিজন বাটেদি গৈ থাকোতে আমাৰ ঘৰত গৰু গাড়ী এখন দেখি সোমাই আহিল।আহিয়েই কিনো গালে তেওঁলোকেহে জানে দেই।মই সুধিলোঃ What class do you read in?
ফৰেনাৰ হলেও ইমান সাধাৰণ প্ৰশ্নটোকে বুজি নাপালে বুজিছে। জিভাখনেই চুটি নে ডিঙিবোৰেই থেক জানো মূখৰ ভিতৰতে লেবলেবাই কিনো গাই সিহঁতেহে জানে।চকীকেইখন দি বহিবলৈ দি কলোঃ ROME WAS NOT BUILT IN A DAY. অর্থাত্‍ বোলো ইয়াতে বহক। এইবাৰ বুজিয়েই পালে নে কি খপহকৰে বহিল তিনিওজন।মাক কলোঃ চাহ আনা যোৱা।মায়ে কলেঃ চাহপাত নাই। মই বোলো গৰম পানীতে গাখীৰ দি চাহপাতহীন হোৱাইট চাহ বনোৱা। মায়ে কলেঃ বিস্কুট চিচকুট এখনো নাই। খালী চাহকাপ কেনেকৈ দিও?
মই কলোঃ ফৰেইনাৰক চাহ খুৱাবলৈ কিয় বিস্কুট লাগিছে? ডাঙৰ কাহঁৰ ঠালখনত ঔ টেঙা দুপিচমান কাটি দিয়া। আদা দুটুকুৰামানো ডিজাইনত কাটি নিমখ লগাই দিয়া। খাৰলী আৰু কাহুদিৰে সৰু মিথৈ বনাই দিয়া। ৰবাব টেঙা দুফোটমানো থালখনত দিয়া। নাখালে মোৰ নামত কুকুৰ পুহিবা।
মায়ে কলেঃ তোৰ নামত কুকুৰ এটা আছেই দেখোন।
তেতিয়া মই কলোঃ আৰু এটা পুহিবা।
কথামতেই কাম। অলপ পাছতে মায়ে হোৱাইট চাহ আৰু থলুৱা বিস্কুটৰ থালখন তেখেতসকলৰ আগত থলেহি।ফটোও ললে, দকচি দকচি খালেও।

বজাৰৰ লিষ্ট

পৰহিৰ কথা।মায়ে লিষ্ট এখন দি কলেঃ বিহুৰ বজাৰখন কৰি আন।লিষ্টখন যদি বার্থদে বা মেৰিজ এনিভাৰচেৰীৰ বজাৰৰ লিষ্ট হলহলে তেতিয়া গাৰ পানীও গাৰে নগলহেতেন। কিন্তু আমাৰ বিহু।আমাৰ কথা।সেই বিহুৰ বজাৰখনত ক্ৰীম বেকিং ৰসগোল্লা চুফাৰী চফগুটি ডিম কিয় সোমাবহি লাগে?
কথাষাৰ মাক কবলৈহে পালো উস পৰভু কদো বাহঁতহে যেনিবা জুই দিলো।মই হেনো গাৱলীয়া।মই হেনো আউটডেটেড।তিলপিঠা,ঘিলাপিঠা,চিৰা,মুৰি,ৰঙাআলু,মোৱাআলু আজিকালি আলহীয়ে নাখায় হেনো।
'আজিকালি আলহীবোৰে কি খায়নো?'
মোৰ কথাত মায়ে কলেঃচাহকাপৰ সতে মিঠাইকেইটাৰ ষ্টেণ্ডার্ডেই সুকীয়া। ইমান ঠাণ্ডাত দৈ চিৰা দিলেও কোনেও নাখায়।
খা ভীমকলটো
বাপেক্কে।সুৰটোত কোমলতা সানি আইক কলোঃ পৰম্পৰাক আপটুডেট কৰিলে সেইটো পৰম্পৰা হৈ নাথাকে।সেই কামটোকে তুমি কৰিছা।বিহুৰ দিনা আলহীক থলুৱা অভেজাল পিঠা আৰু দৈকন দিয়া কার্য্যটোতো স্টেণ্ডার্ডৰ প্ৰশ্ন তুলিছা।
মায়ে ভেকাহি মাৰি কলেঃগৰম কিবা কিবি দিলেহে ঠাণ্ডাত আলহীয়ে খাব।
পলম নকৰি মই কলোঃ ইমান গৰমেই খুৱাব লাগে যদি 'বেকার্ডি ৰামৰ(RUM)' ফুল এটাকে লৈ আহো তেন্তে।
আচৰিত হৈ মায়ে কলেঃ সেইটোনো কি?
(প্ৰিয় পাঠক, ষ্টেণ্ডার্ড যেতিয়া হৈছোৱেই, হাফ ষ্টেণ্ডার্ড নহৈ ফুল ষ্টেণ্ডার্ড হোৱাত আপত্তি থাকিব নোৱাৰে নিশ্চয়! নে কি কয়?)

কথোপকথন (৮)

ট্ৰেফিক পুলিচৰ সতে কথোপকথন

:ৰব।ৰব।
:কিয়?
:আপোনাক ৰবলৈ কৈছো।
:কিন্তু কিয়?
:গাড়ীৰ কাগজ দেখাওক।
(কাগজখিনি দেখুৱাই কলো)
:এইয়া!
:ইঞ্চিওৰেঞ্চ আছে?
:৫ লাখ মানৰ লাইফ ইঞ্চিওৰেঞ্চ আছে।পলিচিবোৰ মইনো কিয় লগত লৈ ফুৰিম?
:আপোনাৰ গাড়ীৰ ইঞ্চিওৰেঞ্চৰ কথা কৈছো ।
:গাড়ীৰো ইঞ্চিওৰেঞ্চ থাকেনেকি?
:হব হব। আপুনি চাইডলৈ যাওক।
:কিয় চাইডলৈ যাম?
:কাৰণ আপোনাৰ ইঞ্চিওৰেঞ্চ নাই। আৰু হেলমেট পিন্ধা নাই?
:কিন্তু হেলমেটটো দেখোন মোৰ হাততে আছে।
:হেৰি মহাশয়। হেলমেট থাকিলেও আপুনি তো হেলমেটটো মূৰত পিন্ধা নাই!
:কিন্তু হেলমেটটো মোৰ মূৰত নোসোমালে মই কিদৰে পিন্ধিম?
:আপোনাৰ মূৰত হেলমেটটো নো কিয় নোসোমায়?
:মোৰ মূৰটো ডাঙৰ বাবেই হেলমেটটো মোৰ মূৰত নোসোমায়!
:আপুনি আইনষ্টাইন নেকি?
:আইনষ্টাইনক মই চিনি নাপাও। কিন্তু হেলমেটটো যে মোৰ মূৰত নোসোমায় সেই কথা জানো!
:চাও এইফালে আহক।
ট্ৰেফিক পুলিচজনে মোক ৰাষ্টাৰ দাতিলৈ মাতি নিলে। আৰু হেলমেটটো পিন্ধিবলৈ দিলে। সচাকৈয়ে হেলমেটটো মোৰ মূৰত নোসোমোৱা দেখি তেওলোক আচৰিত হল। এজনে কলেঃ
হেলমেটটো সৰু নে আপোনাৰ মূৰটো ডাঙৰ বাৰু?
মই কলোঃ
বজাৰত পোৱা আটাইতকৈ ডাঙৰ হেলমেটটোকে মই কিনিছিলো ছাৰ।
মোৰ কথাত ট্ৰেফিক কেইজনে হাহিব ধৰিলে।

কথোপকথন (৭)

কথোপকথন
(এইবাৰো ট্ৰেফিক এজনৰ সতে)
:ৰাখক। ৰাখক।
:আজিও ৰাখিম চাৰ?
:ৰাখিবলৈ কৈছো নহয়,ৰাখক।
(বাইকখন ৰখালো)
:তিনিজন কিয় উঠিছে?
:তিনিজন উঠিলেও আমাৰতো একো প্ৰবলেম হোৱা নাই চাৰ!
:১৪৪ আছে বুলি নাজানে নেকি?
:সেইটোনো কি বস্তু চাৰ?
:১৪৪ ধাৰা মতে বাইকত দুজন উঠা নিষেধ।
:আমিতো দুজন উঠা নাই চাৰ।
:কেইজন উঠিছে?
:আমিতো তিনিজন উঠিছো চাৰ।
:দুজন উঠাই মানা। আপুনি আকৌ তিনিজন উঠিছে?
:দুজন উঠিবলৈ মানা কৰা বাবেহে তিনিজন উঠিছো চাৰ।
:হেৰি,আপোনাৰ মাথাটো খাৰাব নেকি?
:আপোনাৰ খাৰাব দৃষ্টিত মোৰ মাথাটো খাৰাব যেন লাগিছেনেকি চাৰ?
:চাট আপ।
:চাট আপ মানেনো কি চাৰ?
:চাট আপ মানে পকেটত যি আছে দিয়ক। নতুবা যাব নোৱাৰিব।
হঠাত্‍ মোৰ লগত উঠি যোৱা বন্ধুজনে ট্ৰেফিকজনক উদ্যেশি কলেঃ
ছাৰক চিনি পোৱা নাই? আপাৰ আছামৰ কমিছনাৰ হিচাবে আজি আগবেলা জইন কৰিছেহি। তহঁতৰ বিষয়ে অভিযোগ পোৱাৰ বাবেই ছাৰে ১৪৪ ধাৰা ভংগ কৰি তহঁতে ধৰনে নধৰ,আৰু ধৰি কি একচন লৱ তাৰে চেকিঙত আহিছে।
লগৰজনৰ উপস্হিত বুদ্ধিয়ে কাম দিলে।
ট্ৰেফিকজন থকথক কপিব ধৰিলে। চান্স পাই মই কলোঃ কালেকচন কিমান?
তেখেতে কলেঃ এহেজাৰমান আছে।
ৱানিং এটা দি টকা হাজাৰ লৈ ৰৈয়ে নাথাকিলো আৰু।একেবাৰে DTH মানে DIRECT TO HOME.

ইনবক্স

আজি কিছুদিনৰ পৰা মোৰ ইনবক্সত মোৰ সতে ধেমালী কৰা লোকৰ সংখ্যা ইমানেই বাঢ়িছে যে মই অভিভূত হৈ পৰিছো। সকলোৱে এটা পৰিস্কাৰ মন লৈ মোক প্ৰশ্ন কৰে। মই ধেমেলীয়া উত্তৰ দি দি হায়ৰাণ হৈ পৰিছো। ভালো লাগে। তাৰে সংক্ষিপ্ত ৰুপঃ

১/: ভাত কিহেৰে খালে?
:এবাৰ মোৰ সোহাতৰ আঙুলী এটা কাটিছিল। তেতিয়াই চামোচেৰে ভাত খাইছিলো। এনেই মই হাতেৰেই ভাত খাও।

২/:বিহুত কি ললে?
:ভাগিনটো আহিছিল। তাকে ললো।

৩/: .....
'ঘৰ সংসাৰ'ৰ বিষয়ে কওকচোন!
:এইখন এখন অসমৰ অন্যতম জনপ্ৰিয় অসমীয়া বোলছবি আছিল।
:নহয়হে! আপোনাৰ ঘৰ সংসাৰখনৰ কথা কৈছো!
:নোৱাৰিম বুজিছে। একে নামৰ আৰু এখন ছবি কৰিব নোৱাৰো দেই!

৪/:আপোনাৰ বয়স কিমান?
:আজিৰপৰা ১০বছৰ আগতে মোৰ জন্মদিনটো খুউৱ ধুমধামেৰে পাতিছিলো।মোৰ অনিচ্ছাসত্বেও সেইবাৰ ২২ডাল নে কেইডাল মম জ্বলোৱা হৈছিল।

৫/:আপুনি কি খাই জন্ম লৈছিল?
:চদকা খাই!
:কিয়?
:মা দেউতাৰ মই ৭ নং সন্তান আছিলো। সেয়ে মই জনম লোৱাটো কোনেও বিছৰা নাছিল!

বিয়ালৈ নেমাতিলেও কথা নাই৷

বিয়া এখন খাবলৈ যাওতে মানুহ এজনে মোক লক্ষ্য কৰি থকা দেখিলো।ভাল বিপদখনে পালে!উপায় নাপায় মানুহজনক কলোঃ দাদা ভালনে?
মানুহটোৱে কলেঃ ভালেই।বিয়ালৈ আহিলা?
মনতেহেঃবিয়ালৈ অহা নাই।তোৰ তিলনী খাবলৈ আহিছোনেকি?
তথাপি ভদ্ৰভাৱেৰে কলোঃহয় বুজিছেনে?আজি কেবাখনো বিয়া আছে।দেখা এটা দিও বুলিহে আহিলো।
মোৰ কথাত মানুহজনে সুধিলেঃ আপুনি পোনাকনৰ লগৰ নেকি?
ভালেই পালো। মই বোলোঃহয় হয়। সি মোৰ খাচ ফ্ৰেণ্ড হয়।
ঈষত্‍ হাহিঁ এটা মাৰি মানুহজনে কলেঃ হি হি হি।ফচিয়েই গল নহয় আপুনি।
মই বোলোঃকিয়?
মানুহজনে কলেঃ এইখন ঘৰত পোনাকন নামৰ কোনো লৰা নাই।
তপককৰে বুদ্ধি এটা সাজি ময়ো কলোঃ হি হি। মইয়ো এনেয়ে কৈহে চাইছো আপোনাক!
আচলতে মোক এই ঘৰৰ মালিকেহে বিয়ালৈ মাতিছিল।
মোৰ কথাত মানুহজনে আকৌ হাহিলে। তাৰ পাছত কলেঃ আকৌ ফচি গল আপুনি।
মই বোলোঃকিয়?
তেখেতে কলেঃ এইখন ঘৰ নহয়। এইটো বিবাহ ভৱনহে।
আকৌ বুদ্ধি এটা সাজি কলোঃমইয়ো জুখিহে চালো আপোনাক। আচলতে বিয়ালৈ মোক দৰাজনে নিজে মাতিছিল।
এইবাৰ মানুহজনে আগতকৈও জোৰত হাহিঁ কলেঃ এইবাৰ আপুনি ক্লীন বল্ড হল। এইখন কইনাৰ ঘৰহে।আচলতে আপোনাক বিয়া খাবলৈ মতাই নাই। হি হি।
ম্য়ো নাভার্চ নহলো। গেঙেৰি মাৰি কলোঃ মোক মাতিবলৈ পাহৰিলে আকৌ।

ফ্ৰি ভাত খোৱা ফর্মূলা

হোটেলত ভাত খাওতে মালিকৰ সতে কথোপকথন

:হেৰি আপুনি নাকটো কিয় খুচৰি আছে হে?
:মোৰ নাকহে খুচৰিছো,আপোনাৰ নাক নাইখোচৰা নহয়।
:যাৰে নাক নোখোচৰক বাহিৰত গৈ খোচৰক।
:মোৰ হোটেল।মোৰ কথা।আপোনাৰ তাতে কি হল?
:আপোনাৰ হোটেল হলেও মই ইয়াত ভাত খাই আছো।
:মই আপোনাৰ ভাতৰ পাতত বহি নাক খোচৰা নাই।
:মই খেকেৰুলৈ ঘীন কৰো।
:ভাত খোৱা মানুহ ভাত খাওক।লোকৰ নাকলৈ চাবৰ কি দৰকাৰ?
:ভাত খোৱাটো আপুনি টেকেলি ভঙা খেল বুলি ভাৱিছেনেকি যে কলৈও চাব নোৱাৰাকৈ মই চকুত কাপোৰ বান্ধি ল'ম?
:আপুনি কি গ্ৰাহকহে?আপুনি ভাত খাই থকাৰ বাবে মই কি সুৰসুৰাই থকা সত্বেও নিজৰ নাক নখজুৱাম?
:নিজৰ নাকৰ খেকেৰু খুচৰি খোৱা আপুনি কি মালিকহে?
:চম্ভালি কথা কব।মই নাকৰ ভিতৰত থকা অলাগতিয়াল নোমহে টানিছো।
:আপোনাৰ নাকৰ ভিতৰৰ নোমেই উভালক নাইবা মানিমুনিয়েই উভালক মোৰ প্ৰয়োজন নাই।কিন্তু মই ভাত খোৱা সময়ত নহব।
:আপুনিটো ভাত খাই শেষেই হল।
:শেষ হলেও ভাতখিনি পাগুলি থকা অৱস্হাত আপুনি নাক খোচৰা দেখি মোৰ ওকালি আহো আহো কৰিছে।
:আপোনাৰ ওকালি আহিলে মই কি কৰিম?
:একো কৰিব নালাগে।কিন্তু ভাতৰ বিল নাপায় আপুনি।
:নিদিয়ে যদি নালাগে। আপোনাৰ সতে কাজিয়া কৰি মই বাকী কাষ্টমাৰ খেদিব নোৱাৰো।
(ফ্ৰি ভাত খোৱা ফর্মূলা)

কুছ কুছ হোতা হে

টেকনিক নাজানিলে প্ৰেম কৰিবই নালাগে। চিচটেমেটিকেলি চলাই গলে বিয়া এবাৰ নহয় আৰৱৰ শ্বেখৰ দৰে ৫ বাৰ পাতিলেও আপুনি প্ৰেম কৰিব পাৰে। আজিকালি মবাইল ফোনবোৰ হোৱাৰ পৰা প্ৰেম একেবাৰে কেলকুলেটৰত হিচাব কৰিব পৰাৰ দৰে ইজি হৈ পৰিল। মোলৈকে নাচায় কিয়? শ্ৰীকৃষ্ণৰ দৰে কেবাজনীৰ লগত কুছ কুছ হোতা হে আছে। পত্নীয়ে থুৰে গম পায়! পত্নী থাকিলেও বিন্দাচ ফোন কৰে। মিছকল দি ভাকুটকুটাই থাকে। মেছেজ দি হিয়া ৰৌজাল বৌজাল কৰে। তথাপিতো এও সন্দেহ নকৰে। কৰিবনো কিয়? এগৰাকীৰ নাম্বাৰটো ৰিলায়েন্সৰ কাষ্টমাৰ কেয়াৰ বুলি চেভ কৰি থৈছো। আন গৰাকীৰ এগেইনচত ডিছ টি ভি কাষ্টমাৰ কেয়াৰ বুলি চেভ কৰিছো। তৃতীয় গৰাকীৰ এগেইনচত এচ বি আই বুলি চেভ কৰি থৈছো। তেওলোকে ফোন কৰিলেও তেওলোকৰ নাম নোলায়, ৰিলায়েন্স, ডিচ টিভি, নাইবা এচ বি আই বুলিহে নামটো ওলায়।
হাহিও উঠে বুজিছে। কালি ৰাতি ১ বজাত এও মোক কলেঃ হেৰা ৰিলায়েন্সৰ পৰা বৰ ফোন কৰি আছে তোমালৈ। ধৰোনে?
মই খঙেৰে কলোঃ নধৰিবা। নধৰিবা। ফোন ৰিচিভ কৰিলেও সিহতে কিবা ভেলু এডেড চাৰভিচ এটা একটিভেট কৰি দি বেলেন্সৰ পৰা পইচা কাটি দিয়ে। তুমি কেতিয়াও নধৰিবা।
হি হি হি। এও ফোনটো নধৰিলে বুজিছেনে।

কথোপকথন (৬)

মা দেউতাৰ কথোপকথন

:হেৰা,গোসাইঘৰৰ থাপনাত থকা ভঙা পইচা কেইটা কোনে নিলে?
:কোনেনো নিব? নিজেই চাগে থৈছে। এতিয়া আনক ধৰিছে!
:এ নহয় হে। সদায় এটকা এটকা দি সেৱাঁ কৰোতে গোট খোৱা ভঙা পইচাবোৰ মাটিৰ মুটুকিটোতে ভৰাই থৈছিলো। এতিয়া মুটুকিটোৱেই গায়ব।
:এন্দুৰে নিলে ছাগে!
:পাগল হলা নেকি? ডেৰ দুই কেজি ওজনৰ মুটুকিটো এন্দুৰে নিব পাৰেনেকি?
:আৰুনো কিহে নিব?
:তোমাৰ পুতেৰেই নিলে ছাগে!
:আপুনি যেতিয়াই তেতিয়াই তাক দোষ দি নাথাকিব দেই। কৈ দিছো।
:লাজ পালা? পুতেৰক সন্দেহ কৰাৰ বাবে লাজ পালা?
:পাম তো।
:পাবাই। যিটো পুতেৰে লেটিনত সোমাই গা পা নোধোৱাকৈ গোসাই ঘৰৰ ভাগৱত খন থকা থগাখনত অসমীয়া অভিধান এখন থৈ ভাগৱতখন চুৰ কৰি নি পাচশ টকাত বেলেগক বিক্ৰী কৰিব পাৰে সেইটো পুতেৰে ভঙা পইচা থোৱা মুটুকিটো চুৰ কৰিব নোৱাৰিব?
:তেতিয়া তাৰ শনি লাগিছিল। এতিয়া সি সম্পূর্ণ চেঞ্জ হল।
:কথা নকবা।তোমাৰ পুতেৰৰ গাত এতিয়াও শনি দেৱতাৰ আশ্ৰমখনেই আছে। :কি প্ৰমাণ আছে আপোনাৰ হাতত সি চূৰ কৰিছে বুলি?
:প্ৰমাণ লাগে যদি আহা। ভাল প্ৰমাণ এটা ৰাখি থৈছো। আহা। বেগাই আহা।
(মা দুপদুপকৈ গোসাইঘৰলৈ সোমাই গল।)
:এইযোৰ পুতেৰৰ চেন্দেল হয়নে? ভূলতে সি সেইযোৰকে এৰি গল দেখিছা? খালে। খালে সি।

কথোপকথন (৫)

মা দেউতাৰ কথোপকথন

:হেৰা কালি মোক কি কাহৰ দৰৱ খুৱালাহে?
:কিয়? কি হলনো?
:তেনে দৰৱটো মই কোনোদিন খাই পোৱা নাছিলো?
:আপোনাৰটো একো অপকাৰ হোৱা নাই?
:কথা কবলৈ আহিছা?তুমি দিয়া দৰৱ খাই গোটেই নিশা চেঙালুটি মাৰি ফুৰিলো বিচনাত।দুবাৰ পায়খানাও কৰিলোগৈ।বমিও হল এবাৰ।তুমি জানো গম পোৱা?
:হে ভগবান!সচাকৈ নে?মোক মাত লগাই নিদিলে কিয়?
:কথা নকবা।কিমান তোমাক হেচুকিলো!তোমাৰ একো কানসাৰেই নাই।
:সেইটো কাহৰ দৰৱকে মইয়ো খাইছিলো পানীৰ লগত মিক্স কৰি।মোৰ দেখোন কাহ চাহ একো নাহিল।ৰাতিপুৱাহে সাৰ পালো!
:কাহৰ দৰৱ পানীৰ লগত মিক্স কৰি খাব লাগে বুলি কোনে কলে?
:পুতেৰেহে কৈছে। কালি সি মোক ডাঙৰ বটল এটা থৈ দিবলৈ কৈছিল।মই সোধাত সি খুউৱ ষ্ট্ৰং কাহৰ দৰৱ বুলি কৈছিল।
:হয়নে?আৰু কি কৈছিল?
:মই কেনেকৈ খায় সোধাত সেই কাহৰ দৰৱটো কেৱল পুৰুষেহে খায় বুলি কৈছিল।
:আও।কাহৰ দৰৱতো পুৰুষ মহিলা ওলালনে?
:আৰু সি কৈছিল যে মহিলাই খালে হেনো পানী মিক্স কৰিহে খাব লাগে।সেয়েহে আপোনাক পানী নিদিয়াকৈ আৰু মই পানী দি খালো।
:দৰৱটো লৈ আহাচোন।
(অলপ পাছতে মায়ে গৈ দৰৱৰ বটলটো লৈ আহিল।) দেউতাই কাগজ এখনত দৰৱটোৰ নাম লিখি ললে এইবুলিঃ AC BLACK. ফামার্চীত সুধিব হেনো এইটো কি কাহৰ দৰৱ!

অভ্যৰ্থনা

আলহী এজন আহিছিল। মা পিছফালে কাপোৰ ধুই আছিল। আলহীজন নাযায়হে নাযায়।শেষত উপায় নাপায় কলোঃ চাহ একাপকে খাওক। মানুহজনে আপত্তি কৰিব বুলি ভাৱিছিলো।কিন্তু চাহকাপ খাবলৈ আপত্তি নকৰাতহে বিপদত পৰিলো। কাৰণ ঘৰত চাহ চেনী একো নাই। নিজেই কৈছো খাবলৈ। এতিয়া আকৌ নিজেই কেনেকৈ কও আপুনি চাহ খাব নালাগে বুলি? সন্মানৰ কথা এটা আছে নহয়।বুদ্ধি এটা কৰি কলোঃ গেষ্টিকৰ কাৰণে চাহ খোৱাটো অপকাৰী। আপোনাৰ গেষ্টিক নাই ছাগে?
মানুহজনে গেষ্টিক নাই বুলি কোৱাত মনটো মৰি গল।এইবাৰ আকৌ সুধিলোঃ আপোনাৰ নিমোনীয়া ভাইৰেল ফেভাৰ ইত্যাদি হৈছিলনেকি? সেইবোৰতো চাহ খোৱাটো বেয়া আকৌ। এইবোৰো মানুহজনে নাইহোৱা বুলি কোৱাত কাপোৰ ধুই থকা মাক চিঞৰিলোঃ অ মা, মা। আলহীক চাহ একাপ দিয়াহি আকৌ। কেতিয়াবাই আহিলে এখেত।
মায়ে কলেঃ গৈছো বোপা। চাহ দিয়া চচপেনটো মই ধুই লও ৰবা।
অলপ খঙেৰে কলোঃ ৰাতিপুৱা ধুইছিলাহে। কিয়নো চচপেনটো বাৰে বাৰে ধুই থাকিব লাগে?
আলহীজনে শুনাকৈ মায়ে পাছফালৰ পৰাই চিঞৰি কলেঃ ৰাতিপুৱা তই চাহ দিয়া চচপেনটোতে চার্ফ দি তোৰ ভৰিত পিন্ধা লেতেৰা মোজাযোৰ জুবুৰিয়াই থোৱা নাছিলি? সেই চচপেনটো নোধোৱাকৈ চাহ দিব পাৰিনেকি?
মাৰ বুদ্ধিয়ে কাম কৰিলে বুজিছে। আলহী কেতিয়া পলাল গমেই নাপালো।

মিঠে

গুৱাহাটী অভিমূখী বাছত গৈ থাকোতে খুউব সুন্দৰী যুৱতী এগৰাকীক সহযাত্ৰী হিচাবে পালো।ধুনীয়া ছোৱালীৰ অভিমান বেছি। পাত্তাই নিদিয়ে মোক।বুদ্ধি এটা সাজি লগৰ এজনলৈ মেছেজ কৰি কলোঃ মোলৈ ফোন এটা কৰ। লগে লগে তাৰ ফোনটো আহিল। ফোনতে এনেদৰে ঢেৰ বকিলো তাকঃ
'তই মোৰ ফোনটো কিয় ধৰা নাই?.. কত আছ তই? SITE'ত গৈছনেকি?...লেবাৰ পেমেন্ট কৰিলি নে? গেছ ক্ৰেকাৰৰ কামটো চাবলৈ মই বেলেগক দায়িত্ব দিলো। তই বগিবিলতে থাক। মই তোৰ একাউন্টত NEXT WEEKৰ লেবাৰ পেমেন্টৰ বাবে ১৭ লাখ টকা আজি জমা কৰিবলৈ বিমানক কৈছো। কালিৰ ভিতৰত পাই যাবি।... অ কি কলি? হয়, মই দিল্লীলৈ যাম কালিলৈ। ফ্লাইট? ফ্লাইট কালিলৈ আছে। নাই! নাই। মই বাছতহে আহিছো।.. গাড়ীখন?গাড়ীখন পঠাই দিলো যোৰহাটৰ পৰা।.. বুধবাৰে আহিম। নাই নাই মোক নাপাবি। NEXT SUNDAYত মই আকৌ নেপাল যামগৈ। 4 LANE ৰ কামটোৰ বাবে বগিবিলৰ পৰা আমাৰ জে চি বি ১০খন পঠাই দিবি। কি কলি? ডনেচন লাগে? কিমান? কিমান লাগে? ২ লাখ টকা?.. নাই নহব। এটকাও নিদিবি। ৰ, গুৱাহাটী পায়েই মই IGP লৈ ফোন কৰি ফুল চিকিউৰিটি দিবলৈ কম...।'
কথাখিনিয়ে কাম কৰিলে বুজিছে? ফোনটো কটাৰ পাছতে যুৱতী গৰাকীয়ে সুধিলেই নহয় মোকঃ দাদা কত যাব আপুনি?
হে হে হে

হেলমেট আৰু চুলি

:তোমাৰ চার্টত আজি এডাল চুলি পালো।
:মূৰত উফি হলে চুলি নাপায় ভেড়াৰ নোম পাবানেকি?
:কিন্তু চুলিডাল দীঘল!
:মোৰ চুলিবোৰো তো দীঘল?
:সেয়া মহিলাৰ চুলি।
:তোমাৰেই চুলি ছাগে!
:বুর্বক নবনাবা মোক
তুমি। তিনিদিনৰ মুৰত মাৰ ঘৰৰ পৰা আজি আহি পাইছোহি। এইয়া তোমাক প্ৰথম লগ পাইছো।
:চার্টৰ কোন স্হানত পাইছা?
:পাছফালে কলাৰৰ ঠিক তলত। কান্ধৰ অংশত।
:আৰে কেনেকৈ সম্ভৱ হব পাৰে? লীনাই তো আজি বাইকৰ পাছত উঠি যাওতে হেলমেট পিন্ধি গৈছিল!

কথোপকথন (৪)

কথোপকথন

:আপুনি ২৪ঘন্টাই অনলাইন থাকে কিয়?
:এদিনত যে ২৪ ঘন্টা সেয়েহে।
:আপোনাৰ কাম নাই নেকি?
:প্ৰশ্নটো আপোনাকো কৰিছো মই!
:আপুনিহে অনলাইন থাকে।মই নাথাকো নহয়।
:আপুনিনো কত থাকে তেতিয়াহলে?
:মই এঘন্টামানহে অনলাইনত আহো।
:তেতিয়াহলে মই যে ২৪ঘন্টা অনলাইনত থাকো সেইয়া কেনেকৈ জানিলে?
:মাজে মাজে চেক কৰি থাকো।আৰু তেতিয়াই আপোনাৰ আপডেট পাও।
:ময়ো মাজে মাজে অনলাইন হও।আৰু আপডেট এটা দিও।
আৰু ঘটনাটো ইমানেই কাকতালীয় যে সেই সময়ত আপুনিও অনলাইন থাকে।
:দিনত মই অকনমান সময়ৰ বাবেহে অনলাইন থাকো।
:মই অনলাইন থকা মুহুত্বত আপুনিও অনলাইন থাকে।আৰু আপুনি অনলাইন থাকিলে আৰু কোন কোন আপোনাৰ দৰে অপদার্থ অনলাইনত থাকে তাকে চেক কৰি কৰি ভুলবশত মোক দেখে।মই কিন্তু সেইবোৰ চেক নকৰো।মই মোৰ মৌলিক সৃষ্টিৰে আপডেট এটা সজোৱাতহে ব্যস্ত থাকো।আৰু সেয়ে ছাগে মই আপোনাক দেখা নাপাও আৰু আপুনি মোক দেখা পাই যায়।
:ইমান জাঙোৰ খাই নুঠিবাচোন।তোমাৰ ভাল চিন্তা কৰাৰ বাবেহে কথাষাৰ কৈছো।
:মোৰ ষ্টেটাচ পঢ়ি আপুনিহে মোক বিপথে যোৱা বুলি ধৰি লৈছে! আৰু যদি মৌলিক সৃষ্টিখিনি বিপথগামী মানসিকতাৰ ফচল বুলি ভাৱিছেই তেন্তে মোক এক লাখ টকা দিয়ক।জার্চী গাই তিনিজনি কিনিম কালিলৈকে।মাটি নাই বাবে বেংকে মোক লোনেই নিদিয়ে বুজিছে।

ইণ্টাৰভিউ

ইণ্টাৰভিউ

:কওকচোন আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কিয় কৰিছিল?
:আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ আচল কাৰণটো কাকো কৈও যোৱা নাই কতো লিখি থৈও যোৱা নাই ছাৰ।
:কিতাপততো পাইছিল আগতে?
:মোৰ বুৰঞ্জী কিতাপখনৰ সেই পৃষ্টাটোকে মায়ে দেউতাৰ বাবে পথাৰলৈ চাহপানী নিওতে মেৰিগল্ড বিস্কুট দুখন বান্ধি নিছিল ছাৰ।
:কওকচোন
ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
:অসমখন বৃটিছে লোৱাৰ আগত ছাৰ!
:অসমখননো বৃটিছে কেতিয়া লৈছিল?
:ইয়াণ্ডাবু সন্ধিৰ পাছত ছাৰ।
:আমাৰ জাতীয় পতাকাখনৰ মাজত কি থাকে?
:ফ্লেগ হষ্টিং কৰোতে নেকি ছাৰ?
:হব বাৰু। ফ্লেগ হষ্টিং কৰোতে কি থাকে তাকে কোৱাচোন!
:ফুল এসোপা বান্ধি থোৱা থাকে চাৰ!
:ফ্লেগ হষ্টিং নকৰোতে পতাকাখনৰ মাজত কি থাকে তেনেহলে?
:ফ্লেগ হষ্টিং নকৰোতে জাতীয় পতাকাখন নুৰিয়াই ঘুৰিয়াই বাকচত ভৰাই থোৱা হয় ছাৰ। গতিকে মাজত কি থাকে নাজানো।
:নামডাঙৰ শিলৰ সাকো কত আছে?
:৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোতে আছে ছাৰ।
:কাজিৰঙা কত আছে?
:৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে ছাৰ।
:হব। হব।তোমাৰ যোগ্যতাৰ উমান পাই গৈছো।
:আচল যোগ্যতাৰ উমান এতিয়াও পোৱা নাই ছাৰ।
:সেইটোনো কি?
:আজি ৰাতি ৮ বজাত আপুনি কেন্দ্ৰীয় মন্ত্ৰী এজনৰ পৰা ফোন এটা যেতিয়া পাব মোৰ যোগ্যতাৰ উমান তেতিয়াই পাই যাব ছাৰ।

কথোপকথন (৩)

কালি পুৱা দেউতাৰ সতে কথোপকথন

:হেই হেই! কি কৰিছ, কি কৰিছ?
:গোলাপ ফুল এপাহ ছিঙিছো দেউতা।
:কেইজোপা ৰুইছিলি?
:এপাহহে ছিঙিছো দেউতা!
:এপাহ ছিঙো বুলি এমুঠিয়েই ছিঙিলি দেখোন।কেলেই ছিঙিছ?
:আজি দেউতা ROSE DAY
:ROSE DAYত গোলাপবোৰ ছিঙি পেলাব লাগেনেকি?
:আজি গোলাপফুল উপহাৰ দিব লাগে দেউতা।
:কাক দিব লাগে?
:নিজৰ আপোনজনক দেউতা।
:থ। থ।আমাক তই গোলাপ ফুল নিদিলেও হব।
:আপোনাক নহয় দেউতা।
:আও।আমাতকৈও আপোন আছেনে কোনোবা?
:বন্ধুক দিব লাগে।
:বন্ধুক যদি দিবই লাগে তেতিয়াহলে আমাৰ ঘৰতে গোলাপৰ ডাল কেবাটাও পচাই থোৱা আছে।তাকে দে।
:সেইবোৰ নিদিয়ে নহয়।ফুলহে দিয়ে।
:তেন্তে এইটো কিহৰ ROSE DAY অ? ৰজ দে'ৰ বাবে গোলাপ বোৰ যদি মাতৃৰ গছৰ পৰা ছিঙিয়েই পেলোৱা হয় তেনেহলে ৰজ দে'টো গছজোপাৰ বাবে আর্শীবাদ হবনে অভিশাপ হব?
হেৰ তাতকৈ যদি সেইদিনা গোলাপ ফুলৰ পচোৱা পুলি অলপকে উপহাৰ দিলিহলে তেতিয়াও ভাল কাম এটা হলহলে।
:তেনেকৈয়েতো চলি আছে দেউতা।
:তেনেকৈয়ে চলিছে যদি, ৰজ দে'ৰ দিনা গোলাপ ফুলবোৰ ছিঙি উপহাৰ দিয়াৰ দৰে চিলদ্ৰেন দেৰ দিনাও নিজৰ নিজৰ চিলদ্ৰেনবোৰ মাতৃৰ বুকু সুদা কৰি আনক উপহাৰ দিব লাগে। নিদিয়ে কিয়?
(কথাখিনি কৈ দেউতাই গোবৰ এচপৰা আনি গোলাপজোপাৰ গুৰিত দি দিলে)

গোন্ধ

:হেৰি হেৰি শুনক!
:কি পেকপেকাই আছাহে?
:কিবা এটা গোন্ধাইছে শুনকচোন!
:ক'তা, মইতো একো শুনা নাই!
:এহ। টেঙা টেঙা কিবা এটা শুনা পোৱা নাইনে?
:পাইছো। পাইছো।
(ইয়াৰ পাছত গোটেই ৰুমটো চলাথ কৰিও টেঙা গন্ধটো কৰপৰা আহিছে বিছাৰি উলিয়াব নোৱাৰিলো। শেষত উপায় নাপায় চলি থকা টিভিটো অফ কৰি দিলো। কি আচৰিত! লগে লগে গন্ধটো নাইকীয়া হল।
পাছতহে উৰহীগছৰ ওৰ ওলাল। অসমীয়া 'RANG' নামৰ চেনেলটোত তেতিয়া 'পাকঘৰ' নামৰ অনুস্হানটি চলি আছিল। তাতে কোনোবা এগৰাকীয়ে মাছৰ টেঙা জোল এখন বনাই আছিল। এই গন্ধটো তাৰপৰাই আহিছিল। টি ভিটো অফ কৰাৰ লগে লগে নাইকীয়া হৈ গল গন্ধটো!

নতুন জোতা

গুৱাহাটীৰ ফুটপাথত খোজ কাঢ়োতে কাঢ়োতে মোৰ ছেকেণ্ড হেণ্ড পাৱাৰ জোতাযোৰৰ পাৱাৰ নাইকীয়া হৈ তলৰ ফ্লৰখন বেললুটি খাই গল।কাহিলীপাৰাৰ অফিচ এটাৰ সন্মুখতে বহি থকা মুচি এটাৰ ওচৰত গলো।মুচিটোক জোতাযোৰৰ ফ্লৰখন ঠিক কৰি দিবলৈ কলো।মুচিটোৱে কলেঃ বাবু আপোনাৰ ৫০টাকা পৰি যাব।মই বোলোঃ যিমান হয় হৈ থাকক।তই চিলাই দে।এইবুলি জোতাযোৰ খুলি দিলো।
সচা কথা কবলৈ গলে জোতাযোৰৰ গাত অকনো দোষ নাই বুজিছে।আজি ২ বছৰমান আগতে মন্দিৰ এটাৰ পৰা সলাই আনিছিলো। তেতিয়াৰপৰা তাৰ চাৰভিচিঙ কৰাই হোৱা নাছিল।ইমান উপকাৰী বস্তুটো কেনেকৈনো পেলায় দিও! হঠাতে ভাৱিলোঃ এনেই থকাতকৈ তামোল এখনকে পকতিয়াই আহিব পাৰো দেখোন! আতৰৰ তামোল দোকানখনৰ পৰা আহোগৈ বুলি মুচিটোক তাৰ চেন্দেলযোৰ বিচাৰিলো।সি যিযোৰহে ফপৰা চেন্দেল দিলে দেখিয়েই মাথাটো গৰম হৈ গল।মই বোলোঃ সৌ চামৰাযোৰ দে।
সি কলেঃ বাবু এইযোৰ আনৰ।
মই বোলোঃ খাই পেলাম নেকি তোৰ চেন্দেলযোৰ? এই যাম আৰু আহিম।
বেছেৰাই দিও নিদিওকৈ চামৰা চেন্দেলযোৰ উলিয়াই দিলে। বাহ! ইমান কোমল চেন্দেল! মোৰ জোতাযোৰতকৈও কোমল দেখোন! তামোলখন খাবলৈ আহি তাৰ কাষলৈ ঘূৰি নগলো আৰু বুজিছে।জোতাযোৰ তাতে এৰিলো।
ঘটনাটো যোৱা ছেপ্তেম্বৰ মাহৰ। হি হিঃ

কথোপকথন (২)

কথোপকথন (২)

:আমি সৰস্বতী পূজা পাতিছো দাদা।
:ভাল কথা। বেক ডেটত পাতিছা নে আচল ডেটত পাতিছা?
:আচল দেটতে পাতিছো দাদা।
:পূজানো কেতিয়া?
:১৫ তাৰিখে দাদা।
:এহ।মই সেইদিনা নাথাকিমেই নহয়।
:নাই দাদা।ৰাতি থাকিলেও হব।
:আও।আজিকালি সৰস্বতী দিনটিয়াকৈ নাহেনেকি?
:ৰাতিলৈ ফাংচন আছে দাদা।
:ভাল কথা।ৰাতিকেই যাম বাৰু।
:কিবা দনেচন এটা দিয়ক দাদা।
:অ ৰবা।
(অলপ পাছত)
:এয়া কি দিছে দাদা?
:পইছা দিছো আকৌ। কিয় বেছি হৈছেনেকি?
:আপুনি ২ টকা দিছে?
:ভঙা পইচা থকাহলে তিনিটকাই দিলোহলে!
:দুটকাত আজিকালি একো নাপায় দাদা।
:কি কথা কোৱাহে? মোৰ দৰে ৫০জনৰ পৰা দুটকাকৈ পালে এশ টকা হয়গৈ দেখোন।
:এশ টকাতনো কি পায় দাদা?
:এশ টকাত কিতাপ এখনেই পাবা!
:কিতাপ কিনিবলৈ আমি সৰস্বতী পূজা পতা নাই নহয়?
:তেন্তে মদ খাবলৈ পাতিছা নেকি?
:চান্দা তোলা ৰিচিপ্তখিলাতে তিনি টকা পৰে আজিকালি।
:ৰিচিপ্তটোনো তোমালোকক কোনে বিছাৰিছে?
:ৰিচিপ্ট নিদিয়াকৈ আমি চান্দা নোতোলো।
:দিল খুচ কৰি চান্দা দিওতে মইয়ো ৰিচিপ্ট নলও।
:আপুনি চান্দা দিবই নালাগে দাদা।
:তেন্তে বেলেগ কিবাকে লৈ যোৱা!
:বেলেগ আকৌ কি দিব?
:মোৰ ওচৰত বহুত কিতাপ আছে। সেইখিনিকে নিয়া
:অদৰকাৰী বস্তুখিনি নি কি কৰিম????

কথোপকথন

কথোপকথন

:ইলেকচন কেনে হৈ গল?
:ভালদৰেই গল!
:ভোট দিলেনে?
:নিদিলো!
:কিয়?
:মন নগল দিবলৈ
:ভাল নকৰিলে আপুনি।এখন গনতান্তিক দেশত এইটো এটা অধিকাৰ
:অধিকাৰ সাবস্ত নকৰাটোও এটা অধিকাৰ নহয়নেকি?
:হয় হয়!
:তেনেহলে ভাল কাম নকৰিলো বুলি কিয় কৈছে?
:৫ বছৰৰ মূৰত ইলেকচনটো আহে।ভোটটো দি সচেতন নাগৰিক বুলি চিনাকী দিব লাগে।
:এবছৰৰ মুৰত স্বাধীনতা দিবসটোও আহে।আলফাৰ ভাবুকি ওফৰাই অফিচলৈ গৈ পতাকা উত্তোলন কৰি পাইছেনে কেতিয়াবা?সচেতন নাগৰিক হিচাবে চিনাকী দিবলৈ সেই সময়ত কিয় ভয় কৰে?
:তোমাক কথা সোধাতকৈ কুকুৰ এটাকে সোধা ভাল!
:ঠিক কৈছে।একমাত্ৰ সিহতেহে এই কথাবোৰ একাগ্ৰতাৰে শুনিব।
:কি কলা কি কলা?
:আপুনি নুশুনিলেনেকি?
:সচাকে শুনা নাপালো।আকৌ কোৱাচোন।
:মই কৈছিলো যেঃ আপোনালোকৰ বাবেই গনতন্ত্ৰৰ ওপৰত এতিয়াও মানুহৰ আস্হা বর্তি আছে।
:কথা কবলৈ আহিছা?তুমি মোক কুকুৰৰ সতে ৰিজোৱা নাছিলা?
:হে প্ৰভু।ভগৱানে সেইকন শক্তি মোক দিয়া নাই বুজিছে।
:মনে মনে থাকা।মই কানেৰে নুশুনো বুলি ভাৱিছা নেকি?
:হয়!তেনেকৈয়ে ভাৱিছো!
:কত প্ৰমাণ পালা?
:আপোনাৰ বক্তব্যত।
:কেনেকৈ?
:কাৰণ,অলপ আগতে মই কোৱা কথাষাৰ আপুনি নুশুনিলে!
:মই শুনিছিলো।
:অ হয়নেকি? তেনেহলে আপুনি শুনিও নুশুনাৰ ভাও ধৰা ভাৱৰীয়া।

ভেকুলীৰ ভেলেন্টাইন দে

বছৰৰ প্ৰথম বৰষুণজাক কিনকিনাবলৈহে পালে আমাৰ পুখুৰীটোত থকা ভেকুলীকেইটাৰ গাত ততেই নোহোৱা হল। ডেকেৰুৱা ভেকুলী এটাই চেঙেলীয়া এজনীক কৈয়েই দিলে নহয়ঃইউ আৰ মাই ভেলেন্টাইন বুলি!
যুৱতী ভেকুলীজনী লাজতে ৰঙা চিঙা পৰি বোকা এখিনিৰ মাজত সোমাই পৰিল।যুৱক ভেকুলীয়ে সেইটো গ্ৰীন চিগনেল হিচাবে লৈ টোৰটোৰাবলৈ লাগি গল।তাৰ টোৰটোৰনিত গোটেই পুখুৰীটো ৰজনজনাই গল।লগৰ ভেকুলীবোৰ তেতিয়া আন্ডাৰগ্ৰাউণ্ড কোঠাত থকা বিচনাত শুই আছিল।ইয়াৰ টোৰটোৰনিত সিহঁতজাক চেঙালুটি পাৰি মুকলি আকাশলৈ ওলাই আহিল।অলপ বয়সস্ক কেইটা আগেয়ে ওলাই আহিল।আহিয়েই যি দৃশ্য দেখিলে সেই দৃশ্য দেখি বূঢ়া ভেকুলীটোৰ মাথা গৰম হৈ গল।সোধ নাই পোছ নাই যুৱক ভেকুলীটোক এথাপৰ সোধায়েই দিলে সি।চেঙেলীয়া কাইটিয়ে আচৰিত হৈ ভেকোলা কাইলৈ চাওতে ভেকোলাই আকৌ এক চৰ দি কলেঃএইবোৰ ভেলেন্টাইন দে আমাৰ বাবে নহয়।ফাগুণমহীয়া আবতৰীয়া বৰষুণজাক কেতিয়াও বাৰিষাৰ আগজাননী হব নোৱাৰে।এতিয়া যি চলু পানী দেখিছ কাইলৈকে সি শুকাই যাব।চতমহীয়া বাৰ খৰ কেইটা আছেই।এতিয়াই পৰিয়াল পৰিকল্পনা কৰি আহিবলগীয়া লালুকীজাকক এলাই আথানি কৰিব খুজিছ?হেৰ দুদিন ধৈয্য ধৰচোন।বাৰিষা আহিলে ভেলেন্টাইন দে মনাৰ চিগনেল আমিয়েই দিম দেখোন!

কুফা গৈছে চা চা...

কৰবালৈ যাওতে বহুতৰ সন্মুখেৰে মেকুৰী পাৰ হয়।মোৰ সন্মুখেদিহে আজিলৈকে এটাও মেকুৰী পাৰ হৈ যাব নাপায়নে বাৰু?কৰবালৈ যাওতে সদায় ভাৱো সন্মুখেদি মেকুৰী এটা পাৰ হৈ যোৱা হলে!নাই বুজিছে!নহয়হে নহয়।ভগৱানেতো মোৰ কথা নুশুনেই ৰাষ্টাৰ দাতিত জোপ লৈ থকা মেকুৰীয়েও নুশুনে।সিদিনা লগৰ এজনে সাপ এযোৰ একেলগে দেখিলে।উস ৰাম সি যেন যমকহে দেখিলে!দেখাৰ পাছতে নামঘৰলৈ শৰাই এখন আগেই বঢ়াই দিলে!এনেই আকৌ বিহুৰ দিনাও নামঘৰলৈ পাক এটা নামাৰে।দুদিনৰ পাছতে চুৰিয়া গামোচা পিন্ধি তপতৈয়াৰটো হৈ যিদৰে নামঘৰলৈ গৈছে যেন তাতকৈ পবিত্ৰ অন্তৰৰ মানুহ পৃথিৱীত নায়েই।হেৰ বিপদতহে তহতে হৰিক ভজ যে নিজৰ সুকুমাৰ দিনকেইটাটো হৰিক নভজ কিয়?ডিচকভাৰী বা এনিমেল প্লেনেটত সাপ হাল চাব পাৰ ইয়াত প্ৰকৃতিৰ বুকুত লাইভ টেলিকাষ্টত স্বচক্ষে সাপহাল চালে গ্ৰহ নক্ষত্ৰৰ দোষ হয়?
এদিন গুৱাহাটীৰ পৰা ঘৰমুখী বাছত উঠোতে কণ্ডাক্টৰজনে যিটো চীটত বহুৱাই দিলে সেই চীটটোৰ বাহিৰফালে ৰেলিং এডাল আছিল।ৰেলিংডাল থকাৰ বাবে মই চীটটো বদলি কৰিব বিচৰাত কণ্ডাক্টৰে কলেঃএকো নহয়, বহক।
মই কলোঃএক্সিডেন্ট হলে মই ৰেলিংডাল ভাঙি বাহিৰলৈ কেনেকৈ ওলাম?
গোটেই মানুহবোৰে মোলৈ তধা লাগি চালে বুজিছে!এজনেতো মোক কফা বুলিয়েই কলে।

Insurance policy

গাৱৰ মানুহ এঘৰলৈ গলো।প্ৰথমে চাৰিবছৰীয়া লৰাটো ওলাই আহিল। মই বোলোঃ মাদাৰ আছেনে? সি কলেঃ মাম্মী আছে।বহক আঙ্কল।
ইংৰাজী স্কুলত পঢ়া লৰাবোৰ বৰ চোকা দেই! ভয়েই লাগে কথা পাতিবলৈ। তথাপি সুধিলোঃ মাৰাই এতিয়া কি doing কৰি আছে?
আচৰিত হৈ সি সুধিলেঃ হোৱাট আঙ্কল?
মই বোলোঃ মাৰাই এতিয়া কি কৰি আছে?
সি কলেঃ বাথিং কৰি আহি প্ৰেয়িং কৰি আছে।
তেনেতে মাক ওলাই আহিল।লৰাটো ভিতৰলৈ সোমাই গল। মাকক কলোঃ আপোনাৰ লৰাটো বৰ চোকা দেই। ইমান স্মার্ট। একো সুধিবই নোৱাৰি।
মাকে যিহে লাজ কৰিলে যেনিবা মই তেওক ইউ আৰ মাই ভেলেন্টাইন বুলিহে কলো!
চল পালে গললৈ জপিয়াব নোৱাৰিলে জীয়াই থকাই মস্কিল আজিকালি। সেয়ে কলোঃ বহুত লৰা দেখিছো। আপোনাৰ লৰাটোৰ দৰে ইচমার্ট লৰা খুউব কমেইহে পাইছো। ইয়াৰ কিন্তু ভৱিষত্‍ উজ্বল। মই সৰৱজান নহয় কিন্তু ইয়াৰ কপালত মই বৰ এক্সৰাঅর্ডিনেৰি কিবা এটা দেখিছো।
মাকৰ বুকুখন হিমালয় পর্বতৰ সমান হল।গহিনকৈ কলেঃ ই এইবাৰ ৯০% পাইছে।
মই বোলোঃ পাবই তো।ই নাপালে কোনে পাব?এতিয়াৰ পৰাই চেষ্টা কৰক। ভাল লাইন এটা এতিয়াৰ পৰাই ভাৱক।
এনেকৈ শলাগোতে শলাগোতে চাহো আহিল জলপানো আহিল। চেগ বুজি বেগত নিয়া Insurance policy খন উলিয়াই ২ লাখৰ পলিচী এটাও খোলাই দিলো।টেকনিক বুজিছে।

টিউচন মাষ্টৰ

মানুহ এঘৰত ক্লাছ টেনত পঢ়া ছাত্ৰী এগৰাকীক ইংৰাজীৰ টিউচন কৰিবলৈ গৈছিলো।এঘন্টা পাৰ হৈ যোৱাৰ পাছতো চাহ কাপ দিয়াৰ কোনো লক্ষণ নেদিখিলো। ইফালে বেলেগ এটা টিউচনো আছে।ছাত্ৰীগৰাকীৰ মাকে চাহকাপ ইমানেই জুতিলগাকৈ দিয়ে যে নোখোৱাকৈ আহিবলৈও মন যোৱা নাই। কানখন উনাই গম পালো মানুহগৰাকী কাষৰ কোঠাটোতে মনে মনে টিভি চাই আছে। ছেঃ কি কৰা যায়! ঘপহকৰে মনত বুদ্ধি এটা পাই গলো। ছাত্ৰীগৰাকীক কলোঃ মই বাক্য কেইটামান দিও। তুমি ইংৰাজীলৈ অনুবাদ কৰি যোৱা।
কাষৰ কোঠাত চিৰিয়েল চাই থকা মাকে শুনাকৈ TRANSLATION কেইটা এনেকৈ দিলোঃ

১/ আমাৰ ইংৰাজী ছাৰে চাহ খাই ভাল পায়।
২/ ছাৰে লুচী খাইয়ো ভাল পায়।
৩/ ছাৰে মোক সদায় এঘণ্টা ইংৰাজী শিকায়।
৪/ ছাৰৰ ভোক লগাই নহয় পিয়াহো লাগিছে।
৫/ আমাৰ মায়ে বনোৱা চাহকাপ বৰ তৃপ্তিদায়ক।

বুদ্ধিটোৱে কাম দিলে বুজিছে। অলপ পাছত পাকঘৰত খুটুং খাটাং আৰম্ভ হলেই নহয়।ছাত্ৰীগৰাকীয়ে কঠিন বাক্যকেইটা ইংৰাজীলৈ অনুবাদ কৰে মানে চাহ লুচী আহিলেই। হে হে হে

মোৰ চুলিৰ শক্তি

অন্য বহুতৰ দৰে বনজ সম্পদত মই বহুত চহকী আছিলো।কিন্তু বিগত কিছুদিন ধৰি মোৰ মূৰৰ একমাত্ৰ বর্ষাৰন্যখন দুভিক্ষৰ কবলত পৰিছে।মানসিক প্ৰদুষণত ব্যাপক হাৰত মোৰ মূৰৰ সম্পদখিনি ধ্বংস হব ধৰিছে।মূৰত হাত দিবই নোৱাৰি মুঠিয়ে মুঠিয়ে উভালি আহে।ইয়াৰে সুবিধাটো সিদিনা কেনেকৈ ললো মন কৰকঃ
হোটেল এখনত গৰম চিংৰা খাই আছো।ইটোৰ পাছত সিটোকৈ ৬টামান খালো।৭নংটো মূখত ভৰাওতেই দুষ্ট বুদ্ধি এটাই ভাকুটকুটাই দিলেহি। হাত এখন মুৰলৈ নি চুলি কেইডালমান উভালি আনিলো।চুলিকেইডাল নুৰা কৰি খাবলৈ বখলিয়াই লোৱা চিংৰাটোৰ ভিতৰত কোনেও নেদেখাকৈ ভৰাই দিলো।তাৰ পাছত ছেগ বুজি চিংৰাৰ ভাজিখিনি মূখলৈ নি ওক ওকাই টেবুলখনতে বটিয়াই দিলো।বয়টো দৌৰি আহিল।খৰা দম কেইটামান দি চিংৰাৰ ভিতৰত থকা চুলিবোৰ দেখাওতে মেনেজাৰটোও দৌৰি আহিল।মূখখন খোলেই খাই গলঃ চিংৰাৰ নামত চুলি খুৱাবলৈ আহিছ? চিনি পোৱা নাই দদায়েৰক?
কথাখিনি কৈ খালী গিলাচটোকে জোৰত টেবুলত থেকেচি দি মোৰ খঙাল বডী লেংগুৱেজটো SHOW কৰি দিলো।
তাৰ পাছত কলোঃ খাদ্য দ্ৰব্য ভেজাল প্ৰতিৰোধ আইনত তহঁতক জেলত ভৰাব নোৱাৰিলে মোৰ নামত কুকুৰ পুহিবি।
মেনেজাৰটো থকথক কপিব ধৰিলে।কপি কপিয়েই কলেঃ দাদা আপুনি আৰু বেলেগ কি খায় খাওক।বিল নিদিলেও হব।হি হি

মোৰ ব্যবসায়ৰ সফলতাৰ আৰঁৰ দুটামান কথা

কাজুবাদাম পেকেজিং কৰা মোৰ সৰু উদ্যোগ এটা আছে। কাজুখিনি কিনি আনি ঘৰতে পেকেজিং কৰি বজাৰলৈ উলিয়াই দিও।লাভ নোহোৱা নহয়। কিন্তু কর্মচাৰীসকলে পেকেজিং কৰোতে বহু কাজু খাই মোৰ প্ৰতি মাহে মোটা অংক এটা উদৰস্হ কৰে। কিমাননো তাহতক চাই থাকিব! তাৰোপৰি কর্মচাৰীসকলে পেকেজিং কৰোতে গোগ্ৰাসে কাজু খোৱাৰ ফলত সিহঁতৰ পেট চলি যায়। আৰু পায়খানালৈ অহা যোৱা কৰোতেই কেতিয়াবা দিনটোৰ অর্ধেক সময় পাৰ হৈ যায়।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এবাৰ গোটেই কর্মচাৰীকেইজনক চাকৰিৰ পৰা খেদাই দিলো। তাৰ পাছত বাতৰি কাকতত বিজ্ঞাপন এটা দিলো এনেদৰেঃ
"যোৰহাটৰ এটা পেকেজিং কোম্পানীত কাম কৰিবৰ বাবে চল্লিশ বছৰৰ উদ্ধৰ দাত নাইকীয়া সোলা ব্যক্তিৰ আৱশ্যক হৈছে। উপযুক্ত দৰমহা আৰু আন সা সুবিধা প্ৰদান কৰা হব।"
পাছদিনাই ১০জনমান সোলা ব্যক্তি পাই গলো। আৰু নিযুক্তি দি দিলো।
দাত নথকাৰ বাবে লোভ থাকিলেও সিহতে কাজু খাব নোৱাৰা হল। তাৰোপৰি তাহতক সম্পূর্ণ বিশ্বাসত নলৈ প্ৰতিদিনে পূৱা আৰু গধুলি প্ৰতিজনকে কাপোৰ কানি খুলি WEIGHT কৰো।WEIGHT কৰোতে পূৱাৰ WEIGHTতকৈ যদি গধূলিৰ WEIHT বেছি পাও তেনেহলে তাৰ সেইদিনাৰ দৰমহা কাটি দিও।
চিষ্টেমটোৱে কাম দিলে। আজিকালি ব্যৱসায় বৰ ভাল মোৰ।

কাষ্টমাৰ কেয়াৰ

খূড়ী এগৰাকীৰ মোবাইলৰ খুব বেলেন্স কাটি থকাৰ বাবে মোক কাষ্টমাৰ কেয়াৰ চেন্টাৰৰ সতে কথা পাতিব কলে।মই বোলোঃ খূড়ী তয়েই পাতছোন। আজিকালি অসমীয়াতো পাতিব পাৰি।খুড়ীয়ে কলেঃ অসমীয়াত কলে তাহতে পাত্তাই নিদিয়ে।ইংৰাজীত পাত।তই জান বাবেহে কৈছো। অনিচ্ছাসত্বেও ফোনটো ললো। ইফালে সিফালে চাই কাকো নেদেখাত ৰিং কৰি দিলো কাষ্টমাৰ কেয়াৰ নাম্বাৰটোলৈ।
:নমস্কাৰ। কওকচোন মই বিনীতে আপোনাক কিদৰে সহায় কৰিব পাৰো
:কথা কবলৈ আহিছ? WHY ARE YOU SDO FOR REVOLVER?
:ক্ষমা কৰিব চাৰ। মই আপোনাৰ কথাখিনি ঠিক বুজিব পৰা নাই!
:চুপ থাক।বুজিব পৰা নাই? why this colavery colavery thee?
:বিশ্বাস কৰক মহাশয়।মই আপোনাৰ কথাখিনি বুজিবলৈ অসুবিধা বোধ কৰিছো?
:মনে মনে থাক।কি বুলি ভাৱিছ?JACK AND JILL WENT UP THE HILL TO FETCH A PALE OF WATER..কথা নকবি।কথা নকবি.,আমাৰ খূড়ীৰ পইচাবোৰ তই কি JACK FELL DOWN AND BROKE HIS CROWN বুলি ভাৱিছ?
:শেষবাৰৰ বাবে কৈছো।আপোনাৰ অভিযোগ হৃদয়ংগম কৰিবলৈ আমি অসুবিধা পাইছো। অনুগ্ৰহ কৰি অসমীয়াতে কওক।
:বেছি কথা নকব। Democracy is for the people by the people of the people with the people...
:ক্ষমা কৰিব। আপোনাৰ কলটো সংযোগ বিছিন্ন কৰিবলৈ আমি বাধ্য হলো।

মোৰ আজি বার্থদে

আইতাৰ মতে মোৰ গাত শনি আছিল। মাৰ আকৌ মই গর্ভত থাকোতে কচু খোৱা মনতেই পৰা নাছিল।তথাপিতো মই কিয় কচু হলো!
সিদিনালৈকে দেউতাই কৈছিলঃজহনীত যোৱা,সৰুতেই তই মৰি নাথাকিলি কিয়?
সচা কথা কৈছো। বার্থদেৰ ধাৰণা অলপ দিনৰ আগলৈকে মোৰ নাছিল।আজি কেইবছৰমানহে বার্থদে বুলি দুই এটা উইছ পাইছো বন্ধুবর্গৰ পৰা।কৈশোৰতে ভন্টী এজনীয়ে উপহাৰ দিছিল এখন কিতাপ। কিতাপখনৰ নাম আছিলঃ হাউ গ্ৰীন মাই ভেলী ওৱাজ। বোধহয় বার্থদেৰ নামত পোৱা এইটোৱেই আছিল মোৰ শ্ৰেষ্ট উপহাৰ।সচা কথা কৈছো কালি পূৱা গৰুজনীৰ গাখীৰ খীৰাওতে গৰুজনীয়ে এক লাঠি দি যিটোহে বার্থদেৰ উপহাৰ দিলে ভৱাই নাছিলো দিনটো আপোনালোকৰ আশীষেৰে দলদোপ হেন্দোলদোপ হৈ পৰিব বুলি!ৰাতিপুৱাই মাক সুধিলোঃ মা মোৰ আজি বার্থদে। মায়ে কলেঃমই কি কৰিব লাগে! দোষো নাই। মোৰ আজলী মায়েতো নাজানে বার্থদে মানে কি! কিন্তু ফেচবুকৰ যোগেদি মোৰ ৱালত ইনবক্সত ইমানেই শুভেচ্ছা পালো যে মই ভাৱিবলৈ বাধ্য হৈছো বার্থদেতো প্ৰতি মাহে মাহে অহা হলে মই আৰু এনে আশীষ চাগে ঘনাই পালোহলে!
হে শুভাকাংখীসকল, মোৰ এই এক ইঞ্চিৰ মবাইল ক্ষেত্ৰখনৰ পৰা আপোনালোকক ব্যক্তিগতভাৱে ধন্যবাদ জনাবলৈ মোৰ অসুবিধা হোৱাৰ বাবেই সকলোকে ইয়াৰ যোগেদি সমূহীয়া ধন্যবাদ জনাইছো।

পকেট খৰছ

যিকোনো উপায়েৰে দৈনিক পকেট খৰছ এটা উলিওৱাটো মোৰ পূৰণি অভ্যাস। একো কাম নাথাকিলে দূপৰীয়া নগৰলৈ ওলাই গলেই হল। চিকাৰ এটা দুটা পৰেই। আজিও গলো। মাৰোৱাৰী দোকান এখনলৈ গপচত সোমাই গলো। চিনাকী দোকানী। হাহি এটা মাৰি বহিবলে দিওতেই দেখিলোৱেই নহয়। হাহি এটা মাৰি শেঠজীক কলোঃ আপুনি যদি অপমানিত হবলৈ মন নাই তেন্তে টকা দুশ দিয়ক।
প্ৰথমে সি পাত্তাই দিয়া নাছিল। তাৰ পাছত দৃঢ়তাৰে যেতিয়া কলো আপুনি আজি বেলেগৰ ওচৰত অপমানিত হবই তেতিয়া শেঠজী অলপ চিন্তিত হোৱা যেন লাগিল।ৰ লাগি মূখলৈ চাব ধৰিলে। মই কলোঃ কিনো ভেৱা লাগি চাই আছে? টকা দুশ দিয়ক। যদি মোৰ কথা মিছা হয় তেনেহলে টকা ঘূৰাই দিম। বেছেৰাই ভয় খোৱা যেনও অনুমান হল। মোলৈ চাই কলেঃ দুই চ নেলাগে পাচ চ দিম। কথাটো কওকচোন।
গম্ভীৰভাৱে মই কলোঃ পাচ শ টকা তোৰ পায়খানাত ওলোৱা নাই। দুশ টকা দি নিজকে অপমানিত হোৱাৰপৰা ৰক্ষা কৰ।এইদৰে ৰেপি থকাত
উপায় নাপায় বেছেৰাই টকা দুশ মোৰ হাতত গুজি দিলে। এশ টকীয়া নোট দুখন পকেটত ভৰাই মই তাৰ তলফালে আঙুলীয়াই কলোঃ পেন্টৰ চেইন দাল মাৰি লওক। দোকানলৈ অলেখ মানুহ আহে। গাদী হল বুলিয়েইযে পেন্টৰ চেইন খুলি বহি থাকিব সেইটো কথা হব নোৱাৰে।
তাৰ লাজৰ তুলনাত টকা দুশ তাৰবাবে হাতৰ মলি আছিল।