নিজৰ মনোজগতত খুদুৱনি তুলি থকা ভাৱৰ বুৰবুৰণিবোৰক শব্দৰ মাধ্যমত প্ৰকাশ কৰাৰ এইয়া এক প্ৰচেষ্টাহে। সাহিত্য হৈছেনে নাই তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ ওপৰত। ভুলবোৰ আঙুলিয়াই দিলে আলফুলে আকোৱালি লৈ সংশোধন কৰাৰ চেষ্টা কৰিম। - দিগন্ত বৰা৷
Saturday, March 9, 2013
পাচলি আখ্যান
'মূলা' এটাই মূল বিছাৰি তললৈ গৈ থাকোতে 'চালগোম'
এটাৰ চালখনত লাগি ধৰে। 'কাঠ আলু' এটাই তেতিয়া কাঠ এডাল চুচি 'পালেংশাক'ৰ
বাবে সজা পালেং এখনত 'বীট' এটাৰ সৈতে বীট এটা লগাই থাকে।'লাই শাক'ৰ পৰা লাই
পাই পাই 'মটৰমাহ' মটৰৰ পৰা ননমাই হয়।'ফ্ৰেন্সবীনে' ফ্ৰেন্সৰ পৰা অনা বিন
এখন বজাই থাকোতে 'জিকা' এটাই আনন্দতে জিকাৰ এটা মাৰি টিকা উলিয়াই নাচি থকা
দেখি 'দাংবডি'ৰ বডিটো এনেয়ে দাং খাই যায়। 'টিয়ঁহ' এটাই চিঞৰ এটা মাৰি চিগাৰেট
হুপি ধোৱাৰ কুন্দুলী উৰুৱাই ফুৰা 'কুন্দুলী' আৰু 'ধুন্দুলী'ক মাতি আনে।
'ধনীয়া'ৰ পৰা ধন ধাৰলৈ নি 'ধেৰুৱা' ধৰুৱা হৈ পৰে।'উৰহী'ৰ ৰহী খাই 'গাজৰ'ৰ
জ্বৰ হয়। 'বাবৰি'য়ে বৰী দিয়ে খাবলৈ। 'জলকীয়া'ৰ সৈতে সি জলক্ৰীড়া কৰিব পৰা
হয়।'পটলে' পটককৈ তলত পৰি 'জিলমিল'ৰ সৈতে মিলমিলাই থাকে। বেঙা 'বেঙেনা'ই
খঙতে কাইট এডালেৰে 'লফা'ক লফালফ কৰে। 'চিৰাল'ৰ গাটো ফাটি চিৰাচিৰ হয়।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment