Tuesday, March 5, 2013

অভ্যৰ্থনা

আলহী এজন আহিছিল। মা পিছফালে কাপোৰ ধুই আছিল। আলহীজন নাযায়হে নাযায়।শেষত উপায় নাপায় কলোঃ চাহ একাপকে খাওক। মানুহজনে আপত্তি কৰিব বুলি ভাৱিছিলো।কিন্তু চাহকাপ খাবলৈ আপত্তি নকৰাতহে বিপদত পৰিলো। কাৰণ ঘৰত চাহ চেনী একো নাই। নিজেই কৈছো খাবলৈ। এতিয়া আকৌ নিজেই কেনেকৈ কও আপুনি চাহ খাব নালাগে বুলি? সন্মানৰ কথা এটা আছে নহয়।বুদ্ধি এটা কৰি কলোঃ গেষ্টিকৰ কাৰণে চাহ খোৱাটো অপকাৰী। আপোনাৰ গেষ্টিক নাই ছাগে?
মানুহজনে গেষ্টিক নাই বুলি কোৱাত মনটো মৰি গল।এইবাৰ আকৌ সুধিলোঃ আপোনাৰ নিমোনীয়া ভাইৰেল ফেভাৰ ইত্যাদি হৈছিলনেকি? সেইবোৰতো চাহ খোৱাটো বেয়া আকৌ। এইবোৰো মানুহজনে নাইহোৱা বুলি কোৱাত কাপোৰ ধুই থকা মাক চিঞৰিলোঃ অ মা, মা। আলহীক চাহ একাপ দিয়াহি আকৌ। কেতিয়াবাই আহিলে এখেত।
মায়ে কলেঃ গৈছো বোপা। চাহ দিয়া চচপেনটো মই ধুই লও ৰবা।
অলপ খঙেৰে কলোঃ ৰাতিপুৱা ধুইছিলাহে। কিয়নো চচপেনটো বাৰে বাৰে ধুই থাকিব লাগে?
আলহীজনে শুনাকৈ মায়ে পাছফালৰ পৰাই চিঞৰি কলেঃ ৰাতিপুৱা তই চাহ দিয়া চচপেনটোতে চার্ফ দি তোৰ ভৰিত পিন্ধা লেতেৰা মোজাযোৰ জুবুৰিয়াই থোৱা নাছিলি? সেই চচপেনটো নোধোৱাকৈ চাহ দিব পাৰিনেকি?
মাৰ বুদ্ধিয়ে কাম কৰিলে বুজিছে। আলহী কেতিয়া পলাল গমেই নাপালো।

No comments:

Post a Comment