পৰহিৰ কথা।মায়ে লিষ্ট এখন দি কলেঃ বিহুৰ বজাৰখন
কৰি আন।লিষ্টখন যদি বার্থদে বা মেৰিজ এনিভাৰচেৰীৰ বজাৰৰ লিষ্ট হলহলে তেতিয়া
গাৰ পানীও গাৰে নগলহেতেন। কিন্তু আমাৰ বিহু।আমাৰ কথা।সেই বিহুৰ বজাৰখনত
ক্ৰীম বেকিং ৰসগোল্লা চুফাৰী চফগুটি ডিম কিয় সোমাবহি লাগে?
কথাষাৰ মাক কবলৈহে পালো উস পৰভু কদো বাহঁতহে যেনিবা জুই দিলো।মই হেনো গাৱলীয়া।মই হেনো আউটডেটেড।তিলপিঠা,ঘিলাপিঠা,চিৰা,মুৰি,ৰঙাআলু,মোৱাআলু আজিকালি আলহীয়ে নাখায় হেনো।
'আজিকালি আলহীবোৰে কি খায়নো?'
মোৰ কথাত মায়ে কলেঃচাহকাপৰ সতে মিঠাইকেইটাৰ ষ্টেণ্ডার্ডেই সুকীয়া। ইমান ঠাণ্ডাত দৈ চিৰা দিলেও কোনেও নাখায়।
খা ভীমকলটো
বাপেক্কে।সুৰটোত কোমলতা সানি আইক কলোঃ পৰম্পৰাক আপটুডেট কৰিলে সেইটো পৰম্পৰা হৈ নাথাকে।সেই কামটোকে তুমি কৰিছা।বিহুৰ দিনা আলহীক থলুৱা অভেজাল পিঠা আৰু দৈকন দিয়া কার্য্যটোতো স্টেণ্ডার্ডৰ প্ৰশ্ন তুলিছা।
মায়ে ভেকাহি মাৰি কলেঃগৰম কিবা কিবি দিলেহে ঠাণ্ডাত আলহীয়ে খাব।
পলম নকৰি মই কলোঃ ইমান গৰমেই খুৱাব লাগে যদি 'বেকার্ডি ৰামৰ(RUM)' ফুল এটাকে লৈ আহো তেন্তে।
আচৰিত হৈ মায়ে কলেঃ সেইটোনো কি?
(প্ৰিয় পাঠক, ষ্টেণ্ডার্ড যেতিয়া হৈছোৱেই, হাফ ষ্টেণ্ডার্ড নহৈ ফুল ষ্টেণ্ডার্ড হোৱাত আপত্তি থাকিব নোৱাৰে নিশ্চয়! নে কি কয়?)
কথাষাৰ মাক কবলৈহে পালো উস পৰভু কদো বাহঁতহে যেনিবা জুই দিলো।মই হেনো গাৱলীয়া।মই হেনো আউটডেটেড।তিলপিঠা,ঘিলাপিঠা,চিৰা
'আজিকালি আলহীবোৰে কি খায়নো?'
মোৰ কথাত মায়ে কলেঃচাহকাপৰ সতে মিঠাইকেইটাৰ ষ্টেণ্ডার্ডেই সুকীয়া। ইমান ঠাণ্ডাত দৈ চিৰা দিলেও কোনেও নাখায়।
খা ভীমকলটো
বাপেক্কে।সুৰটোত কোমলতা সানি আইক কলোঃ পৰম্পৰাক আপটুডেট কৰিলে সেইটো পৰম্পৰা হৈ নাথাকে।সেই কামটোকে তুমি কৰিছা।বিহুৰ দিনা আলহীক থলুৱা অভেজাল পিঠা আৰু দৈকন দিয়া কার্য্যটোতো স্টেণ্ডার্ডৰ প্ৰশ্ন তুলিছা।
মায়ে ভেকাহি মাৰি কলেঃগৰম কিবা কিবি দিলেহে ঠাণ্ডাত আলহীয়ে খাব।
পলম নকৰি মই কলোঃ ইমান গৰমেই খুৱাব লাগে যদি 'বেকার্ডি ৰামৰ(RUM)' ফুল এটাকে লৈ আহো তেন্তে।
আচৰিত হৈ মায়ে কলেঃ সেইটোনো কি?
(প্ৰিয় পাঠক, ষ্টেণ্ডার্ড যেতিয়া হৈছোৱেই, হাফ ষ্টেণ্ডার্ড নহৈ ফুল ষ্টেণ্ডার্ড হোৱাত আপত্তি থাকিব নোৱাৰে নিশ্চয়! নে কি কয়?)
No comments:
Post a Comment