সংখ্যা পুৰাণ
এক মিনিটত একঠা হাল বোৱা ১
এ এক দিন এক মিটিঙত এক অচিনাকি মানুহৰ ভাষণ শুনি খেক খেক কৰি হহাঁত কোনোবা
এজনে এক ঢকা দিয়াত ঘৰত আহি পিঠিটো সেক দিব লগা হয়। দুই আগষ্টৰ দুই বজালৈকে
২ য়ে ভুই ৰুই থকাত জুই হেন গৰমত মূৰ ঘূৰাই পথাৰতে শুই পৰে। ৩ এ নিনিৰ লগত
তিনিচুকিয়াত তিনি কেজি চেনী কিনিবলৈ যাওতে তিনি টকা কম হোৱাত অৱশেষত তিনি শ
গ্ৰাম কমকৈ কিনি আনে। ৪ এ চাৰি ফুটীয়া চাৰিডাল ঠাৰি হেন মাৰি লৈ
চাৰিদুৱাৰৰ বাৰী এখনত শাৰী শাৰীকৈ পোতে। ৫
এ পাচ বজাতে ভাদৈ পাচআলিৰ হাট এখনলৈ গৈ হাতত পাচ পোৱা মাছ লৈ ঘাট এটাত গাত
এটা খান্দি দুপৰীয়া ভাত খায়। ছয়গাঁৱৰ ৬ এ ছয় ৰিপু দমাবলৈ কৈ হাতত কমণ্ডলু
লয়।সাতঘাটৰ সৈয়াকনী ৭ এ মাত ভগাত খাট এখনত সাত ঘন্টা ভাত নোখোৱাকৈ শুই
থাকে। ৮ এ আঠখেলিয়া নামঘৰলৈ গৈ পুৱা আঠ বজালৈকে কাঠ এখনত বহি পাঠ পঢ়ি পঢ়ি
বুকু ডাঠ কৰে। ৯ এ নগাওৰ ন মিটিৰৰ ঘৰত ন চাউলৰ ন খাবলৈ গৈ ন বজাতহে ঘৰ
সোমায়হি। দহোটিয়াৰ ১০ এ দহহতীয়া চুৰিয়া পিন্ধি ৰহ ৰহ বুলি বাটৰ মানুহক ঘৰলৈ
মাতি নিজৰ কথা জহ কৰিবলৈ এনিটাইম বহ বহ কৰি থাকে।
No comments:
Post a Comment