ৰাতিপুৱা খোজ কাঢ়োতে হঠাত্ মনি বেগ এটা পাই
গলো। টিপতে মনিবেগতো পেন্টৰ পকেটত ভৰালো। লগত খোজ কঢ়া দুজনে গমকে নাপালে।
মনীবেগটো পকেটত ভৰোৱাৰ পাছতে কিয় নাজানো খোজকাঢ়িবলৈ মনেই নগল। আনদিনাতকৈ
সোনকালে ঘৰলৈ ওভতিলো। এওক হেচুকি হেচুকি জগালো। আনদিনা হোৱাহলে এনেকৈ টোপনি
ভঙাৰ বাবে মোক কুকুৰে কাঁইট নোখোৱা কৰিলেহেতেন! আজি কিন্তু মনিবেগ এটা
হেৰাই পালো বুলি কোৱাৰ বাবেই নেকি একে জাপেই উঠিল বিচনাৰ পৰা। দাত ব্ৰাছ
নকৰাকৈয়ে চাহ একাপো আনিলে। মই পকেটৰ পৰা
মনিবেগটো উলিয়াই এওৰ হাতত তুলি দিলো। চিলনীৰ দৰে এও মোৰপৰা মনীবেগটো থপিয়াই
নিলে আৰু নিজৰ বেডৰুমলৈ দৌৰ মাৰিলে। মনিবেগটোক লৈ কল্পনা সাগৰত উটি
থাকোতেই তেও মোৰ গাললৈ মনীবেগটো দলিয়াই দিলে। গাল ফৰফৰাই গল। কিংকতব্যবিমুঢ়
হৈ মনীবেগটো হাতত তুলি ললো। চিঠি এখনৰ বাদে তাত একোৱেই নাপালো। তথাপিতো
চিঠিখন পঢ়িলো। চিঠিত লিখা আছির্ল
মহাবুর্বক কৰবাৰ! টেটেলী পেকেটত অহা ডুপ্লিকেট টকাকেইটালৈও তোৰ ইমান লোভনে?
No comments:
Post a Comment