ৰাতিপুৱাই আন্টিয়ে মোক শোৱাপাটিৰ পৰা উঠাই
আনিলে। ধুনীয়াকৈ গাটো ধূৱাই আঙ্কোলৰ কাষলৈ লৈ গ'ল।আঙ্কোলে বহুতো তপত চুমাৰে
মোক গৰমাই তুলিলে। উকালি আহি যাব খুজিছিল মোৰ। আঙ্কোলৰ মূখখনত কি যে এক
ভেকেটা ভেকেট গোন্ধ! ছিঃ ছিঃ!
অলপ পাছত আন্টীয়ে মোক গা পা ধূৱাই
দিয়াতহে মনটো মুকলি মুকলি লাগিল বুজিছে। আন্টীয়ে মোক আকৌ শুৱাই থলে। শুই
আছো শুই আছো। ৮ টামান বজাত আন্টীয়ে আকৌ জগাই দিলেহি। মদাহী আঙ্কোলটোৰ কাষলৈ
আন্টীয়ে আকৌ লৈ যায় বুলি অন্তৰাত্মা কপি
উঠিল। পিছে মোৰ ধাৰণা ভুল প্ৰমাণিত কৰি আন্টীয়ে মোক নিজৰ জীয়েকৰ কাষলৈ লৈ
গ'ল। জীয়েকেও মোক চুমাৰে ওপচাই পেলালে। মনটো পাগলাদিয়া হৈ হিল দল ভাঙি
কৰবাত পালেগৈ।আবেগতে চকুকেইটা মুদি দিলো। অলপ পাছতে "উঃ মামী! ইমান চেঁচা
চাহ!" বুলি টেবুলখনতে মোক ঠেকেচা মাৰি থৈ দিলে। একে থেকেচাতে মোৰ নালটো
ভাগি থাকিল। তাৰ পাছত আৰু মোৰ একো মনত নাই। চীনা মাটিৰ কাপ হ'লো বুলিনো
ইমান জোৰেৰে থেকেচিব লাগেনে?
No comments:
Post a Comment