Saturday, March 9, 2013

লটিঘটি(৮)

লটিঘটি(৮)

বাল্যকালৰ কথা। মোক টিউচন কৰিবলৈ আবেলি আমাৰ ঘৰলৈ অহা বাইদেউ গৰাকীৰ পৰা আবেলি মোৰ খেলা কার্যত ব্যাঘাট হৈছিল।সেয়ে বাইদেউগৰাকীক দেখিবলৈ মন নোযোৱা হৈছিল। আবেলিৰ সময়কন আমাৰ বাবে মূল্যবান আছিল।স্কুলৰ পৰা আহি কিবা এটা খাই খেলিবৰ যো জা কৰোহে তেখেত আহি ওলাইহিয়েই নহয়। মূৰটো আচন্দ্ৰাই যায় একেবাৰে। সেইদিনাও খেলিবৰ বাবে পথাৰলৈ যাবলৈ ওলাইছোহে। আহিল নহয় বাইদেউ। খঙটোৱে মুৰত উঠিলগৈ। বাইদেউক কিবা এটা কৰিবই লাগিব বুলি মন বান্ধিয়েই পেলালো।খঙৰ ভমকতে জুইশালত দেউতাই গৰম আঙঠাত ৰঙা কৰি ৰখা লোহাৰৰ বিন্ধনাটোকে লৈ বাইদেউৰ পেটত ভৰাবলৈ খেদি গ'লো। বাইদেউৱে মোৰ হাতত তপত বিন্ধনা দেখি চিঞৰি চিঞৰি আমাৰ ঘৰৰ চাৰিওফালে দৌৰিব ধৰিলে। বাইদেউৰ চিঞৰ শুনি দেউতানো ক'ৰ পৰা ওলালহি জানো হালোৱা এচাৰি এডাল লৈ মোক খেদি গ'ল।বাইদেউক এৰি এইবাৰ মই দেউতাৰ ভয়তহে পলাব লগা হ'ল। দেউতাই খেদি আছে মই দৌৰি আছো। এপাকত পাছফালৰ দৰজাখনেৰে সোমাই গৈ দৰজাৰ চুকটোত লুকালো। দেউতা মোৰ কাষেৰে পাৰ হৈ গ'ল। তেতিয়াই কাম এটা কৰিলো। তপত বিন্ধনাটো লুকুৱাবলৈ জেগা বিছাৰি নাপায় মোৰ পেন্টৰ চাইড পকেট এটাতে ভৰাই দিলো। তাৰ পাছত কি হ'ল সেইয়া নকলেও হ'ব ছাগে। এতিয়াও কৰঙনত মোৰ সেই দাগ জিলিকি আছে।
(ক্ৰমশ)

No comments:

Post a Comment