এখন দুখীয়া ৰাজ্যত এজন ৰজা আছিল। এদিন ৰজাজনে
ভাত খাবলৈ লৈ ভাতত শিল এটা পালে। খঙতে তেঁও ভাত নাখালে। উঠি গুছি আহিল
বেডৰুমলৈ। ৰজাই নোখোৱা দেখি ৰাণীয়েও আধা খাই ভাতৰ কাহিত পানী অলপ ঢালি গুছি
আহিল।
ৰজা আহি আঠুৱাটো সেইদিনা নিজে তৰিলে আৰু শুব লওতেই ৰাণী ওলালহি। ৰাণীয়ে ৰজাক কিবা এটা কবলৈ লওতেই কাৰেণ্টটো গুছি গল।
এক মিনিট...
দুই মিনিট...
তিনি মিনিট...
কাৰেন্ট নাহেহে নাহে। নাহেহে নাহে। আৰু কাৰেন্ট নহাৰ বাবেই বাকীডোখৰ কমপ্লিট কৰিব নোৱাৰিলো। ক্ষমা কৰিব।
No comments:
Post a Comment