লটিঘটি(৭)
সৌ সিদিনাৰ কথা। শাওণ মহীয়া
পুৱা। চাৰে তিনি মানতে পোহৰ হয়েই।চাহ একাপ খাই গৰুহাল মেলি হাললৈ যাব
ওলাওতেই ক'ৰপৰানো জানো অনুৰাগ এখিনিয়ে কুটকুটাই দিলেহি মনটোত! শাওণ
মাহ।মৃদু বতাহ এছাটিয়ে শৰীৰত ঢৌ তুলি অদ্ভুতভাৱে মনটো পুলকিত কৰি তুলিলে।গৈ
গৈ গাৱঁৰ মুৰ পালোগৈ। মোৰ আগে আগে বিমল গৈ আছিল। লগ এটা বিছাৰি সিও পাছলৈ
ঘুৰি ঘুৰি চাই গৈ আছিল। মোক দেখি সি ৰৈ দিলে। আতৰৰ পৰাই সি চিঞৰি চিঞৰি
সুধিলেঃ 'ক'ত যাৱ?'
অপ্ৰত্যাশিত
প্ৰশ্নটো শুনি আপুনিয়েই কওকচোন মানুহে বিমলক মগজুৰ বিকৃতি ঘটা বুলি
নাভাবিবনে বাৰু? তাৰ প্ৰশ্নত মই কলোঃ'ৰাষ্ট্ৰপতি ভৱনৰ পৰা আহোগৈ।'
লগে লগে বিমলে কলেঃ 'তই যে তালৈকে যাবলৈ ওলাইছ, তোৰ চেহেৰা দেখিয়েই বুজিছো।'
বিমলৰ কথাত আচৰিত হৈ নিজৰ চেহেৰাটো পৰীক্ষা কৰিলো।থিকেই আছে চেহেৰা।
আনদিনাৰ দৰে একো নিপিন্ধাকৈ থকা নাই। চব পিন্ধিছো। সেয়ে প্ৰত্যয়েৰে কলোঃ
'টোপনীৰ জালত উঠি আহিছ যে! চেহেৰা বেলেগ দেখিবিয়েই।'
তেতিয়াই সি মোক যিটোহে য়র্কাৰ মাৰি দিলে যে উইকেট বচাবই নোৱাৰিলো বুজিছে।নিজকে নিজে সুধিলোঃ
'হে যশোদা নন্দন! এটা গ'ৰু মই ক'ত এৰি থৈ আহিলো বাৰু! গোহালীতে এৰি আহিলো ছাগে!'
(ক্ৰমশ)
No comments:
Post a Comment