আগতে আঘোণ মাহত ন খাওতে খাওতে পাছদিনা পুল পুল
পুলকৈ পেট চলি যায়।আজিকালিৰ ছবিখন বেলেগ।ন খোৱাৰ প্ৰথাক বহুতে ষ্টৰ ৰুমত থৈ
গ্ৰেণ্ডফাডাৰ ক্লক বনাই পেলালে।নামাতেই আজিকালি কোনেও।এঘৰে কয় মাঘত
খাম।ইঘৰে কয় বহাগত খাম।মাঘত ন খাম বুলি আঘোণতে মনে মনে খাই থৈ দিয়ে অকলে
অকলে।পাচলি আৰু মাছ মাংসৰ দাম হৈছে।মানি লৈছো। কিন্তু নিজ সন্তানৰ বা
নাতিহঁতৰ বার্থদেটো পাতিব পাৰে ন খোৱাটো পাতিব নোৱাৰে!কেনে কথা!
সিদিনা গাৱঁৰে দদাইদেউৰ
ঘৰত ন খাবলৈ মাতিলে।তাত গৈ পাওতেই ভাতৰ পাতত ৰাইজ বহিলেই।কলগছৰ খোলত
দালি,পাতত ফুর্ফুৰিয়া ভাত,কাষত ভাজি,চালাড,কেচা জলকীয়া,নিমখ। মাটি ডাইলৰ
মাজত ৰৌ নে বৰালি মাছৰ ডাঙৰ টুকুৰা এটা জিলিকি থকা দেখি থপককৈ বহি দিলো।খাই
আছো। মাছ পিচ পাছত খাম বুলি সাচিঁ থৈছো।মাটি ডাইলখন ইমানেই টেষ্টফুল যে
সেইখনৰ জুতিতে ভাত শেষ কৰি পেলালো।একেবাৰে শেষত মাছ টুকুৰা খাও বুলি শুকান
ভাত কেইটামানো খুজি ললো বুজিছে।তাৰ পাছত মাছপিচ দাঙি আনোতেই থলথলকৈ সৰি
পৰিল।ইমান কোমল এইটুকুৰানো কি মাছ হয়নে?ভালকৈ নাভাজিলেই কিজানি!এইবুলি
পিটিকি চাওতেই মোৰ কাষত ইমানপৰে মোলৈ লক্ষ্য কৰি থকাকেইজনে ফোচ ফোচকৈ হাহি
দিলে। তাৰে এজনে কলেঃ কাঠআলু কাঠআলু!
No comments:
Post a Comment