গুৱাহাটী ৰেল ষ্টেচনত দুজন ভিক্ষাৰীয়ে জিৰণি লৈ
আছে। এজন অন্ধ আৰু আনজন বোবা। প্ৰেছত কিতাপ প্ৰিণ্টিং কৰোতে হঠাতে হোৱা
প্ৰিণ্টিং মিচটেকৰ দৰে অন্ধজনে হঠাত এটা মিচটেক কৰি পেলালে। কথা নাই বতৰা
নাই তেওঁ বোবা ভিক্ষাৰী জনক সুধি পেলালে নহয়ঃ
তোমাৰ চুলিত কলপখিনি
ভালকৈ নালাগিল বন্ধু। গোটেই পকা চুলিখিনি ট টকৈ জিলিকি পৰিছে। অন্ধজনৰ কথাত
বোবাজন কিছুপৰ মুক হৈ পৰিল।তাৰ পাছত অন্ধজনৰ দৰে তাৰো জিভাখন পিচলি যোৱাত
মূখখন মেলি দিলে। অন্ধজনক উদ্যেশি সি কলেঃ তুমি ইমান মিছলীয়া! ভিক্ষাৰী
হলেও মানুহক ইমান ঠগিব নাপায় দেই।
অন্ধজনৰ মূৰটোত বজ্ৰপাত এটাহে যেন ঠেতেলা খাই পৰিলহি! দুয়োটাৰ স্কৰ সমান সমান হোৱাত ইটোৱেও লাজ নাপালে সিটোৱেও নাপালে।
No comments:
Post a Comment