নিজৰ মনোজগতত খুদুৱনি তুলি থকা ভাৱৰ বুৰবুৰণিবোৰক শব্দৰ মাধ্যমত প্ৰকাশ কৰাৰ এইয়া এক প্ৰচেষ্টাহে। সাহিত্য হৈছেনে নাই তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ ওপৰত। ভুলবোৰ আঙুলিয়াই দিলে আলফুলে আকোৱালি লৈ সংশোধন কৰাৰ চেষ্টা কৰিম। - দিগন্ত বৰা৷
Saturday, March 9, 2013
হাতীপটী
ৰাতিৰ আকাশত ধিমিক ধামাক কৰা তৰাবোৰ কি বুলি
ভাৱিছে? আমাৰ আইতা আজোআইতাহঁতে সন্ধা জ্বলোৱা মাটিচাকিহে সেইবোৰ।মৰাৰ পাছতো
তেঁওলোকে পুৰণি অভ্যাস এৰি দিয়া নাই।আকাশত থাকি থাকি সেইবোৰকে কৰি
থাকে।চাকিবোৰো সৰু নহয় কিন্তু।আমি ইয়াৰপৰা দেখোতেহে সৰু যেন দেখো।প্ৰায়
এপোৱামান মিঠাতেল ধৰে তাত।সেয়ে ৰাতিটো ধিমিক ধামাককৈ জ্বলি থাকিব পাৰে।
আকাশত কপাহ নথকা বাবে তেঁওলোকৰ শলিতাৰ অভাৱ হয়।সেয়ে শলিতা নথকাৰ দিনাই
বতৰটো অটোমেটিক ডাৱৰীয়া হয়।ডাৱৰীয়া হলে
তেঁওলোকে ভালেই পায়।ডাৱৰৰ পৰা শলিতা বনাই লয় সেইকেইদিন।তাৰ পাছত দিনৰ তাপত
শুকুৱাই আকৌ চাকিবোৰ জ্বলায়। মৰাৰ পাছত মানুহবোৰক ভগবানে সেয়ে আকাশত
মাটিচাকী জ্বলাবৰ বাবে ওপৰলৈ লৈ যায়। সেয়েহে আমি মৰাৰ পাছত মানুহবোৰ
পৃথিবীত বিছাৰি নাপাও আকৌ। তেঁওলোকে আকৌ কেতিয়াবা কেতিয়াবাহে খোৱা বোৱা
কৰে।তেঁওলোকে খাবৰ দিনা আপুনি ইয়াত থাকিয়েই গম পাই যাব কথাটো। তেঁওলোকে
যেতিয়া ইমানবোৰ মানুহৰ বাবে ভাত বনায় তেতিয়া তেঁওলোকৰ পাকঘৰৰ পৰা যি ধোৱা
ওলায় সেই ধোৱাৰ নামেই হাতীপটী আকৌ।সেয়ে ৰাতি এবাৰ তৰাবোৰ চাব।আপোনাৰ
আপোনজনক তাতে পাব।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment