Saturday, March 9, 2013

পেলেষ্টাইন দে

এহাল দম্পতিৰ কথোপকথন

:তাৰমানে কালিলৈ পেলেষ্টাইন দে?
:আপুনিও ভাল মানুহ দেই।
:কিয়? ভুল হৈছে নেকি?
:ভেলেন্টাইন দে টোও আপোনাৰ মনত নাথাকে নে?
:কিনো কবা আৰু। আমি কলেজত পঢ়োতে পেলেষ্টাইন নামৰ এখন ৰাষ্ট্ৰৰ নাম পাইছিলো। ভেলেন্টাইন নামৰ কোনো দিৱস পোৱা নাছিলো।
:হলেও। এইবোৰ জানিব লাগে।
:তাৰমানে কালিলৈ মই অফিচ যাব নোৱাৰিম?
:নোৱাৰিবা তো। কালিৰ দিনটোতো তুমি অফিচ যাবা?
:কিয় কালিলৈ নেচনেল হলিডে নেকি?
:হলিডে নহলেও কালিলৈ তুমি মোক কম্পেনি দিব লাগিব!
:কিয় বা?
:কালিলৈ সকলোৱে প্ৰিয়জনক কাষতে বিছাৰে!
:আনদিনা কাষত নিবিছাৰে নেকি?
:আনদিনাতকৈও কাষত বিছাৰে।
:তেনেহলে এটা কাম কৰিব পাৰো দেখোন?
:কি কোৱাচোন?
:মইয়ো বিছাৰিছো যে কালিলৈ তুমি মোৰ কাষতে থাকা!
:চিওৰ?
:চিওৰ তো। সেয়ে কৈছো:কালিলৈ তুমি মোৰ সতে আমাৰ অফিচলৈকে ওলাবা। মোৰ টেবুলৰ কাষতে চেয়াৰ এখন পাৰি দিম। কোনোবা পার্কত বহি তুমি মোৰ মূৰৰ ওকনি চাই থকাতকৈ মোৰ অফিচতে বহি মোৰ ওকনি চাই থাকিবা। তেতিয়া অন্তত মই পৰহিলৈ মোৰ বচক কালি কিয় নাহিলা জাতীয় প্ৰশ্নৰ কৈফিয়ত্‍ দিব নালাগে।

HOW ARE YOU?

এজনক ইংৰাজীত সুধিলোঃ HOW ARE YOU?
তেখেতে কলেঃ FINE.
উত্তৰটো শুনি মূৰটোহে গৰম হল।
এইটোনো কি লাখটকীয়া প্ৰশ্ন হল যে মই FINE ভৰিব লাগে?

সিদিনা এজনক সুধিলোঃ আমুক আছেনে?
তেখেতে কলেঃগাৱঁৰ ফালে গৈছে।
মই কলোঃ গাঁওবোৰক আপোনালোকেই ফালি দেখুৱাইছে।
তেখেতে সুধিলেঃ কিয়?
মই বোলোঃগাঁৱলৈ গৈছে বুলি কলেনো কি হয়?

এদিন আলহী এজন আহিল।কিছুপৰ বহাৰ পাছত কলেঃ পানী এগিলাচ খাও।
মই বোলোঃআপুনি মোক নোসোধাকৈ পানী গিলাচো নাখায়নেকি?
তেতিয়া মানুহজনে কলেঃআপুনি ভিতৰৰ পৰা আনি দিলেহে খাব পাৰো!
মই বোলোঃআপুনিতো মোক পানী এগিলাচ আনা বুলি কব পাৰিলেহেতেন?

সৰুতে এবাৰ ছাৰে সুধিলেঃপৃথিৱীখন কেনেকুৱা?
মই বোলোঃধুনীয়া।
দুই চাট দি কলেঃ বুর্বক।পৃথিৱীখন গোলাকাৰহে।
মই বোলোঃ আপুনিতো মোক পৃথিৱীৰ আকাৰৰ বিষয়ে সোধা নাছিল?

আকৌ এদিন স্কুলত পঢ়োতে এবাৰ ছাৰে সুধিছিলঃ মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল?
মই বোলোঃ নামটো জানো ছাৰ। কিন্তু নকও।
মোক সুধিলেঃ কিয়?
মই বোলোঃ পুৱাই পুৱাই হত্যাকাৰী এজনৰ নাম নলও।
ছাৰে হাহি এটা মাৰি কলেঃএটা ফালৰ পৰা তোৰ কথাখিনিত সত্যতা আছে।
আচলতে মইহে জানোঃ কিমান সত্যতা আছিল তাত! সচাঁ কবলৈ গলে বহুদিনৰ পাছতহে জানিছিলো হত্যাকাৰী জনৰ নাম।

কবিতা - অংক

যোগ বিয়োগ
পূৰণ হৰণৰ
তুমি এটা সৰল
অথচ
জটিল সমীকৰণ।
অহংকাৰৰ 'যোগ'
সৰলতাৰ 'বিয়োগ'
উচ্চাকাঙ্খাৰ 'পূৰণ'
আৰু পৰিণতিত
মোৰ নিদ্ৰা 'হৰণ'।

কবিতা - তোমাক ফুৰাব নোৱাৰিম

'ভুটান'ৰ ৰাষ্ট্ৰীয় আয়েৰে
'ভাৰতবর্ষ' চলাব নোৱাৰি।
বেয়া নাপাবা,
দেওবাৰ হ'লেও আজি মই
তোমাক ফুৰাব নোৱাৰিম।।

কবিতা - মহানগৰীৰ ফ্লেট

মহানগৰীৰ ফ্লেট'ত থাকিলেও
তুমি কেতিয়াও মোতকৈ
নিমখ বেছি নোখোৱা।
তথাপিতো তুমি কিয়
নিমখ হাৰাম হ'লা?

পৰাগৰেণু

'পৰাগে' 'ৰেণু'ক বিয়া কৰোৱাৰ পাছৰে পৰা ধেমালিতে সিহঁতৰ নাম 'পৰাগৰেণু' বুলিয়েই জনাজাত হ'ল। সিঁহতৰ সন্তানৰ নাম চকুচৰহা মানুহে কিয়নো 'কলী' ৰাখিলে এই কথা নাম ৰখাবোৰেহে জানিব।তথাপিতো ইমান ধুনীয়া ছোৱালীজনীৰ নাম 'কলী' ৰাখিব লাগেনে বাৰু? যি কি নহওক 'কলী'য়ে কিন্তু নিজৰ নামৰ ক্ষেত্ৰত হোৱা অভিজ্ঞতাৰপৰা শিক্ষা লৈ নিজৰ জীয়েকৰ নাম বহুতো ভাৱি গুনি 'ফুল' ৰাখিলে।নিজা সৌন্দর্যৰে 'ফুল' বিখ্যাত হ'ল। 'ফুল'ৰ পুত্ৰ সন্তানৰ নাম 'ফল'। এই নামটোও 'ফুলে' নিজেই দিছিল। 'ফল'ৰ পুতেক বীজ হোৱালৈ 'ফুল' সিফলীয়া হ'ল। নাতিনীয়েকৰ মুখ চোৱাৰ হেপাহখিনি 'ফুল'ৰ কোনোদিন নহ'ল।

আবেলি পৰত...

আবেলি পৰত আহিনীয়া বেলিটো নিলাজ হৈ পৰে! ৰাতিপুৱাই ৰিভলভিং চেয়াৰ এখনত ভৰি তুলি পুবৰ পৰা পশ্চিমলৈ টোপনীতে কাতি হৈ হৈ নিমজ আকাশৰ মজিয়াখনত চেয়াৰখন চোচোৰাই আনি আনি যেতিয়া আমাৰ পশ্চিম কোনৰ তামোলজোপাৰ পাতবোৰত উঠেহি তেতিয়াই তাৰ আচল মতলবটো ধৰিব পাৰি।ভেন্টিলেটৰৰ ফাকেদি সি ভিতৰবোৰ জুমি জুমি চায়।আমাৰ বেৰখনত তেতিয়া নিজৰ ঘাট জাল এখনত বহি মকৰা এজনীয়ে সন্তানক গাখীৰ খুৱাই থাকে। মকৰাজনীয়ে লাজতে পোৱালীকেইটা আতৰাই পথায়। কেলেন্দাৰৰ আৰঁত গর্ভৱতী জেঠী জনীয়ে পেট পেলাই শুই থাকে তেতিয়া। আহিনীয়া বেলিৰ টর্চৰ পোহৰ জেঠীজনীৰ পেটটোতে পৰে।আমাৰ ষ্টৰ ৰুমৰ ভগা পাচী এটাত পইতাচোৰা এজনীয়ে কাপোৰ সলায় গা ধোৱে সেই সময়ত।আহিনীয়া বেলীয়ে তাইকো জুমি চায়।আমাৰ অশোকফুলজোপাত থকা মৌপিয়াৰ বাহটোত চৰাইহালৰ আলিংগনখিনিকো সি চুৰ কৰি উপভোগ কৰে। তাৰ মতলব যে ভাল নহয় সেই কথা সকলোৱে জানে। সকলোৱে তাক শাও দিয়ে। তাৰ চকুদুটা ফুটাই দিবলৈ কয়। আৰু শাও লাগেও। আঘোণ মাহত বেলীটোৰ চকুত কুৱলীয়ে ধুলি চটিয়াই দিয়ে।আৰু তিনিমাহৰ বাবে বেলীটোৱে চকুৰে ভালদৰে নেদেখা হয়।মাঘৰ মেজীয়েহে তাক আৰোগ্য কৰে।

বৰষুণ জাকৰ শব্দত...

বৰষুণ জাকৰ শব্দত সাৰ পাই গলো।ছেঃ আজি আৰু কেনিও যোৱা নহব।মোৰ ফালে পিঠিটো দি এও শুই আছিল।বেছেৰীলৈ বেয়াই লাগে।সাতটা সন্তানৰ মাক বুলি তাইক কোনেও নকয়।ওলাই গলে এতিয়াও দগাবাজ কেইটাই তাইৰ পাছ লয়।একেটা ঘৰতে থাকিলেও বেছেৰীলৈ কোনোদিন চোৱাই নহয় ভালকৈ।চাওনো কৰপৰা? সময় হলেহে! পুৱাৰ পৰা গধুলিলৈকে নিজৰ পেটটোৰ কথা চিন্তা কৰোতেই যায়। এয়াই জীৱন আমাৰ। মুঠতে জীৱন নহয় সংগ্ৰাম।
বৰষুণজাক সহজে এৰাৰ আশা নাই। গতিকে এওৰ লগতে অলপ স্ফুর্তি কৰো বুলি ভৰিকেইটা কোচাই পিঠিটো এওৰ গাত লগাই দিলো।লগে লগে মুৰটোৱে মোৰ কপালতে এক খুন্দা দি দিলে। মন ভাল নাথাকিলে এও তেনেকুৱা কৰেই। মুৰটো হাওলি এইবাৰ তেওৰ ভৰিৰ কৰঙনত গুজি দিলো।আপত্তি নকৰা দেখি ভালেই পালো। অবুজ তৃপ্তিত চকুকেইটা মুদি দিলো।তাৰ পাছৰ কথাখিনি কলে আপোনালোকৰ হাহিহে উঠিব। নেগুৰ ডাল দাঙি তেঁও অর্থাত্‍ কলা পখৰা গাইজনীয়ে যে মোৰ মুৰটোতে হাগি দিব ভবাই নাছিলো বুজিছে। মোৰ বগা মুৰটো গোবৰেৰে ভৰি পৰিল।আনকি শিঙ দুটাও গোবৰেৰে লেতেৰা হল।তেওক গালি কেইটামান দি আগঠেং দুটাত ভৰ দি উঠি নেজডাল দাঙি মুৰটো জোকাৰি দিলো। থল থলকৈ গোবৰ এখিনি সৰি পৰিল।

লটিঘটি (১)

লটিঘটি (১)

:'হেৰি মহাশয়, আপুনি অথনিৰে পৰা কিয় ভৰিখন খজুৱাই আছে?'...
সহযাত্ৰীজনৰ কথাত অস্বস্তিত পৰিলো।
:'খজুৱাইছে কাৰণে খজুৱাইছো।তাতে আপোনাৰনো কি হ'ল?'...অলপ উষ্মাৰেই কলো।
মোৰ কথাত তেখেত অলপ তভক মাৰি ৰৈ তত্‍মুহুত্বতে সুৰটো কোমল কৰি কলেঃ
'মোৰ একো হোৱা নাই। কিন্তু মহাশয় আপোনাৰ জ্ঞাতার্থে এটা কথা জনাও যে আপুনি খজুৱাই থকা ভৰিখনৰ গৰাকী মইহে, আপুনি নহয়'।
হে হে।লাজতে তলমুৰ কৰিলো বুজিছে। কানত ধৰিছোঃ বাছত যাত্ৰা কৰা অৱস্হাত কেতিয়াও কবিতা ভাৱি নাযাও। কেবাবাৰো লাজ পাই থৈছো। কিন্তু শিক্ষাহে নহ'ল।এইবাৰ শাওণমহীয়া পুৱাতেই কবিতা এটাই মনত সুৰসুৰণি তুলি দিয়াত কবিতাটো কেতিয়া লিখো কেতিয়া লিখো লগাত শুই উঠিয়েই গেষ্টিকৰ পিল বুলি শ্লিপিং টেবলেট এটা খাই হালখন লৈ গৈ পথাৰত শুই থকা অৱস্হাত ঘৰৰ মানুহে উদ্ধাৰ কৰি আনিলে বুজিছে। সিদিনা আকৌ কি হল জানে? এজনে কবিতা এটা লিখিব কোৱাত কবিতাটো বিছাৰি বিছাৰি চাইকেলখন লৈ গৈ থাকোতে একোবত চাইকেলৰ পামটো কমি যোৱা যেন অনুভৱ হোৱাত চাইকেল দোকান এখনত পামটো দি থাকোতেই টায়াৰটো ব্লাষ্ট হৈ গল।তেতিয়াহে গম পালো যে সেইখন মোৰখন চাইকেল নাছিল।বেলেগ এখনতহে পাম দিছিলো বুজিছে। এনেই ১৫০টকা ভৰিলো।
(ক্ৰমশ)

লটিঘটি(২)

লটিঘটি(২)

ইমানবোৰ লাজ পাইয়ো কবিতা ভাবিবলৈ এৰা নাই বুজিছে।নুমলিগড়ত মোৰ পেহীজনীৰ ঘৰ।সিদিনা পুৱা পেহীৰ ঘৰত বিয়া খাবলৈ বুলি নগাওমুখী বাছ এখনত উঠিলো।বাছৰ কোমল চিটত হাউলিবলৈ পালেই মোৰ অনুভৱৰ চিটপখিলীজনী বহু সাগৰ, বহু ডাৱৰ পাৰ হৈ যাব খোজে। ভাড়া নিবলৈ আহি কন্ডাক্টৰ জনে তেনেতে ক'ত যাম সুধিলে।মই যোৰহাটলৈ যাম বুলি কবলৈহে পালো দুজনমানে বগা দাতকেইটা উলিয়াই হাহিয়েই দিলে। ভাৱত বিভোৰ হৈ থকাৰ বাবে যেনিবা নুমলিগড় বুলি নকৈ যোৰহাট বুলি কলোৱেই তাতনো কি ৰামায়নখন শকুনিয়ে লিখা বুলি কলো,ঢেকঢেককৈ যে হাহিব লাগে! এইবোৰকে লৈ কাহিনী এটা সাজো বুলি চকু মুদি ভাৱি থাকোতে থাকোতে নুমলীগড় পাৰ হৈ হতচিৰীহোৱা বাছখন বোকাখাট পালেগৈ।মইতো অসমৰ মুখ্যমন্ত্ৰী নহয় যে বোকাখাটৰ পৰা বাছখন নুমলীগড়লৈ বেক কৰি লৈ আহিম! বাছখন এৰি গোলাঘাটলৈ যোৱা 609এখনত উঠিলো। অনুভুতিবোৰে কনী অলপ পাৰি লৈ বাছৰ চীটৰ টেম্পেচাৰতে কনীবোৰ উমনী লৈ পোৱালী এসোপা জগাই জগাই আহি থাকোতে বাছৰ হেন্দিমেনৰ 'নামক, নামক' চিঞৰত সাৰ পাই খকমককৈ নামি আহিলো।কিন্তু হে প্ৰভু!এইখন দেখোন গোলাঘাটহে! নুমলীগড়খন ক'ত গল?
(ক্ৰমশ)

আমদালি

অৱশেষত তেঁও আহিল।
মোৰ দুৱাৰদলিৰ
শুকান আমদালিডালে
বতাহত তেতিয়া
হালি জালি আছিল।


অৱশেষত তেঁও আহিল।
মোৰ দুৱাৰদলিৰ
শুকান আমদালি
তেঁও তেতিয়াও দেখা নাছিল।

টকা এশ আৰু অপমানৰ পৰা ৰেহাই

:মোক টকা এশ দিয়ক। মই আপোনাক অপমানিত হোৱাৰ পৰা বচাম।
:কিনো? কথাটো কোৱাচোন।
:বিশ্বাস নকৰে যদি নালাগে। আৰু মই ডাঠি ক'ব পাৰো আপুনি অপমানিত হ'বই আজি।
:ছেঃ খেলিমেলি লগাই দিলা তুমি।
খুলি কোৱাচোন আগতে।
:আগতে টকা শ দি লওক।
:এহ কি বুলি বিশ্বাস
কৰিম তোমাক?
:মোৰ কথা মিছা হলে টকা ঘুৰাই দিম!
:লোৱা, লোৱা। এতিয়া কোৱা, কথাটো কি?

প্ৰিয় ৰাইজ,
আজি আবেলি মোৰ হাতত টকা নাছিল। তেনেতে দোকানৰ গাদীত মাৰোৱাৰী এজনক বহি থকা দেখিলো। ওপৰৰ কথাখিনি মাৰোৱাৰীজন আৰু মোৰ কথোপকথনহে দেই।
মাৰোৱাৰীটোৰ পৰা টকা শ লৈ তাক কলোঃ "পেন্টৰ চেইনডাল মাৰি লওক। মোৰ দেৰী হৈছে। যাও এতিয়া"। গুপগুপকৈ ওলাই আহিলো।

লটিঘটি(৩)

লটিঘটি(৩)

ইমানবোৰ হোৱাৰ পাছতো অনুভুতিজনীয়ে লগ নেৰা হ'ল বুজিছে। ইন্টাৰেষ্টিং কথা কি জানে? মই পুৱা গা ধোৱাৰ আগতে হেৰিলৈ গ'লেও তাই মোৰ কান্ধতে উঠি লয়হি।ইমান ডবিয়াও, নামি নাহেহে নাহে। অৱশ্যে এটা কথা মোৰ সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে কবিতাই হওক অথবা অন্য সাহিত্যই হওক কচৰত্‍ কৰাৰ বাবে সেই বাথৰুমৰ লগতে লাগি থকা হেৰি'তকৈ উপযুক্ত জাগা কিন্তু ভু ভাৰস্তত নাই।ইমান নিৰব জাগা সেইকন! ঘীন কৰিলেও কৰিব দেই! মোৰ কিন্তু বেছিভাগ লেখনীয়েই তাত ভুমিস্হ হোৱা। যি কি নহওক কিবা এটা ভাবি সেইদিনাও মই পাক এটা ঘূৰিবলৈও ঠাই নোহোৱা সেই হেৰি'টোত বহি আছিলো।ভাবি আছো ভাবিয়েই আছো। আহিল প্লট এটা।জুকিয়াই জুকিয়াই গৈ আছো। গৈ আছো।....হঠাত্‍
হুৰহুৰ হুৰহুৰ.. ঘটলং ঘটলং.. উ উ উ উ উ..
ভূমিকম্প ভূমিকম্প ভূমিকম্প। কেতিয়ানো দৰজাখন খুলি হেৰিৰ পৰা চোতাল পালোহি গমেই নাপালো। মই চোতাল পোৱালৈ ৰিখটাৰ স্কেলডালেও জিৰণি ললেগৈ চাগে।তেনেকুৱাতে মায়ে মোক উদ্যেশি কলেঃ 'ঐ নীলাজ, নীলাজ? যা ইয়াৰপৰা'।
তেতিয়াহে চকু পৰিল তললৈ।আদিম মানৱ এজন হৈ লাজতে দৌৰি আহিলো বুজিছে 'কোলাবেৰী কোলাবেৰী' গীতটো গাই।
(ক্ৰমশ)

হাতীপটী

ৰাতিৰ আকাশত ধিমিক ধামাক কৰা তৰাবোৰ কি বুলি ভাৱিছে? আমাৰ আইতা আজোআইতাহঁতে সন্ধা জ্বলোৱা মাটিচাকিহে সেইবোৰ।মৰাৰ পাছতো তেঁওলোকে পুৰণি অভ্যাস এৰি দিয়া নাই।আকাশত থাকি থাকি সেইবোৰকে কৰি থাকে।চাকিবোৰো সৰু নহয় কিন্তু।আমি ইয়াৰপৰা দেখোতেহে সৰু যেন দেখো।প্ৰায় এপোৱামান মিঠাতেল ধৰে তাত।সেয়ে ৰাতিটো ধিমিক ধামাককৈ জ্বলি থাকিব পাৰে। আকাশত কপাহ নথকা বাবে তেঁওলোকৰ শলিতাৰ অভাৱ হয়।সেয়ে শলিতা নথকাৰ দিনাই বতৰটো অটোমেটিক ডাৱৰীয়া হয়।ডাৱৰীয়া হলে তেঁওলোকে ভালেই পায়।ডাৱৰৰ পৰা শলিতা বনাই লয় সেইকেইদিন।তাৰ পাছত দিনৰ তাপত শুকুৱাই আকৌ চাকিবোৰ জ্বলায়। মৰাৰ পাছত মানুহবোৰক ভগবানে সেয়ে আকাশত মাটিচাকী জ্বলাবৰ বাবে ওপৰলৈ লৈ যায়। সেয়েহে আমি মৰাৰ পাছত মানুহবোৰ পৃথিবীত বিছাৰি নাপাও আকৌ। তেঁওলোকে আকৌ কেতিয়াবা কেতিয়াবাহে খোৱা বোৱা কৰে।তেঁওলোকে খাবৰ দিনা আপুনি ইয়াত থাকিয়েই গম পাই যাব কথাটো। তেঁওলোকে যেতিয়া ইমানবোৰ মানুহৰ বাবে ভাত বনায় তেতিয়া তেঁওলোকৰ পাকঘৰৰ পৰা যি ধোৱা ওলায় সেই ধোৱাৰ নামেই হাতীপটী আকৌ।সেয়ে ৰাতি এবাৰ তৰাবোৰ চাব।আপোনাৰ আপোনজনক তাতে পাব।

লটিঘটি(৪)

লটিঘটি(৪)

ঘৰত এদিন ভাত ৰন্ধাৰ পালটো মোৰ ভাগত পৰিল।অকল ভাত ৰন্ধাই নহয় নবৌ কিবা কামত বি জি থকাৰ বাবে এবছৰীয়া ভতিজাটোও মোৰ কোলাতে আছিল।মূঢ়া এটাত তাক বহুৱাইয়ো ৰাখো আৰু থুনথুনালে কোলাতো লও। মুঠতে এক গুলী দুই চিকাৰ।মনত তেতিয়াও হাজাৰ ভাৱৰ গুঞ্জন। কিবা এটা লিখাৰ তাগিদা। ভাৱি আছো ৰান্ধি আছো কেচুৱা লৈয়ো আছো।তেনেতে প্ৰেচাৰ কুকাৰে সুহুৰি মাৰিলে।কুকাৰটো ফ্লৰতে নমাই কেৰাহীখন পাতিলো।তেল দিলো।তেল পকি গল।নহৰু মেথি পাচফুৰণ দিলো।চৰচৰাই উঠিল।কলডিলৰ আঞ্জা বনাব লাগে। কলডিল দিবলৈ লওতে দেখিলো কলডিল কুটাই নাই। হে প্ৰভু!কি কৰো? যি হয় হব বুলি কটাৰীখনেৰে কলডিলটো বেঙেনা কটাৰ দৰে চকল কৰি দিলো ভাজি।খালে খাব নাখালে নাই সেই ভাৱত।তাৰ পাছত কুকাৰৰ ঢাকোন খুলি দাইল কন ঠাণ্ডা হব দিলো।ঢাকোনখন খুলি কলডিল ফ্ৰাইখিনি লৰাই দিলো।তেনেতে ভতিজাটোৱে দিলে নহয় কান্দি।আকৌ তাক লৈ এহাতেৰে ঢাকোনখন মাৰি তাক পুণৰ মূঢ়াটোত বহুৱাই দিলো।কিন্তু এইয়া কি?মূঢ়াটোত বহুওৱাৰ লগে লগে সি দেখোন জিকাৰ এটা মাৰি ঠেৰেঙা লাগিল!
'আয়ৈ খালে ঐ' বুলি চিঞৰি উঠিলো। ভতিজাটোৰ টিকাৰ মঙহ কুকাৰৰ দাতিত লাগি আহিল।মূঢ়া বুলি গৰম কুকাৰটোতে তাক মই পাপীষ্ঠই বহুৱাই দিছিলো।হায়। অনুভূতি।শেষ কৰি দিলা মোক!
(ক্ৰমশ)