Tuesday, March 5, 2013

ভেকুলীৰ ভেলেন্টাইন দে

বছৰৰ প্ৰথম বৰষুণজাক কিনকিনাবলৈহে পালে আমাৰ পুখুৰীটোত থকা ভেকুলীকেইটাৰ গাত ততেই নোহোৱা হল। ডেকেৰুৱা ভেকুলী এটাই চেঙেলীয়া এজনীক কৈয়েই দিলে নহয়ঃইউ আৰ মাই ভেলেন্টাইন বুলি!
যুৱতী ভেকুলীজনী লাজতে ৰঙা চিঙা পৰি বোকা এখিনিৰ মাজত সোমাই পৰিল।যুৱক ভেকুলীয়ে সেইটো গ্ৰীন চিগনেল হিচাবে লৈ টোৰটোৰাবলৈ লাগি গল।তাৰ টোৰটোৰনিত গোটেই পুখুৰীটো ৰজনজনাই গল।লগৰ ভেকুলীবোৰ তেতিয়া আন্ডাৰগ্ৰাউণ্ড কোঠাত থকা বিচনাত শুই আছিল।ইয়াৰ টোৰটোৰনিত সিহঁতজাক চেঙালুটি পাৰি মুকলি আকাশলৈ ওলাই আহিল।অলপ বয়সস্ক কেইটা আগেয়ে ওলাই আহিল।আহিয়েই যি দৃশ্য দেখিলে সেই দৃশ্য দেখি বূঢ়া ভেকুলীটোৰ মাথা গৰম হৈ গল।সোধ নাই পোছ নাই যুৱক ভেকুলীটোক এথাপৰ সোধায়েই দিলে সি।চেঙেলীয়া কাইটিয়ে আচৰিত হৈ ভেকোলা কাইলৈ চাওতে ভেকোলাই আকৌ এক চৰ দি কলেঃএইবোৰ ভেলেন্টাইন দে আমাৰ বাবে নহয়।ফাগুণমহীয়া আবতৰীয়া বৰষুণজাক কেতিয়াও বাৰিষাৰ আগজাননী হব নোৱাৰে।এতিয়া যি চলু পানী দেখিছ কাইলৈকে সি শুকাই যাব।চতমহীয়া বাৰ খৰ কেইটা আছেই।এতিয়াই পৰিয়াল পৰিকল্পনা কৰি আহিবলগীয়া লালুকীজাকক এলাই আথানি কৰিব খুজিছ?হেৰ দুদিন ধৈয্য ধৰচোন।বাৰিষা আহিলে ভেলেন্টাইন দে মনাৰ চিগনেল আমিয়েই দিম দেখোন!

No comments:

Post a Comment