পথাৰ এডৰাৰ আলিবোৰে সিহতৰ মালিকৰ ধুনীয়া
চিতপখিলাৰ দৰে জীয়েক দুগৰাকীক ধান দাবলৈ সেই মাটিডৰালৈ অহা দেখি আনন্দত
জপিয়াই উঠিল।ৰ'দ আহি নিয়ৰসিক্ত সেউজ দলিচাখন শুকাবলৈ নৌপাওতেই দাৱনী আহি
পোৱাত আলিবোৰৰ লৱনী মাকৰ তৰণী নাইকীয়া হ'ল। দাৱনী ৰুপী মালিকৰ সুন্দৰী
জীয়েক দুজনীলৈ সিহতে ভেৱা লাগি চাই থাকিল। কাচি ঘূৰোৱাৰ ছন্দে ছন্দে সিহতে
মহানন্দেৰে ৰঞ্জিত হৈ পৰিল। বেলীটোৱে পাক এটা মাৰি ঘৰলৈ যাবলৈ লওতেই মাক
আৰু ছোৱালী দুজনী জিৰণী লবলৈ আলি এটাত
বহিব খোজাত চাৰিওটা আলিয়েই পিঠি পাতি দিলে যদিও ঘাহ বন কম থকা আলিটোতহে
তেওলোক বহিল। বাকী আলি তিনিটাই থোট মূখ চেলেকি থাকিল।নাথাকিব কিয়? ইমান
ধুনীয়া ছোৱালী দুজনী পিঠিত উঠাবলৈ কোনটো পথৰুৱা আলিয়ে কামনা নকৰিব!
আলিকেইটাই ছোৱালী কেইজনীলৈ তন্ময় হৈ চাই থাকোতেই মাকে এজনী ছোৱালীক ডবিয়াই
উঠিলঃ তোৰ যদি পেটটো ইমান বেয়াই আছিল তেন্তে কিয় আহিছিলি? কাপোৰে কানীয়ে
চেৰেলি বালি যেতিয়া যা ঘৰলৈকে যাগৈ।
ইজনী ছোৱালীয়ে তেতিয়া নিজৰ নাকটোত ধৰি চিঞৰি উঠিলঃ ইচ ৰাম! বায়ে গোটেই আলিটোত ফুল বাচি পেলালে!
আলিকেইটাই হাহি হাহি বাগৰি পৰিল।নপৰিবনো কিয়? ইমান আশা দেখাকৈ সিহতে তাহঁতক চাবলৈ খাপ পিটি আছিল! কিন্তু এনেদৰে....!
No comments:
Post a Comment