Tuesday, March 5, 2013

মোৰ কাহিনী (৪ নং খণ্ড)

মোৰ কাহিনী (৪)

.....
দেউতাক কথাখিনি কৈ চোতাল পোৱাহিয়েই নাই। আহিল নহয় তেনেকুৱাতে ফোনটো। পকেটৰ পৰা উলিয়াই দেখোঃ মৃদুলৰ ফোন। ভাল বিপদে পালে। তাৰপৰা টকা ৫০০০ ধাৰলৈ লৈছিলো। এবছৰৰ ওপৰ হল। ইদিন দিম সিদিন দিমকৈ থাকোতে দিয়াই নহল। আজিৰ ভিতৰত দিম বুলি কৈছিলো।
ৰিং কৰি কৰি ফোনটো অফ হৈ গল। তেতিয়াহে শান্তি পালো। নিজৰ কোঠাত সোমাই চকীখনত বহিছোহে আকৌ আহিল নহয় মৃদুলৰ ফোনটো। কান্দি দিম কান্দি দিম লাগিল। ঘপহকৰে বুদ্ধি এটা খেলাল মনত। ছিলিঙ ফেনখন চলাই দিলো। ফেনখন চলোতে ঘটক ঘটক শব্দ এটা হয়। চকী এখন ফেনখনৰ তললৈ চোঁচোৰাই আনিলো। তাৰ পাছত চকীখনত উঠি ফেনখনৰ একেবাৰে কাষলৈ মোবাইলটো নি ফোনটো ৰিচিভ কৰি কলোঃ
: হেল্ল
লগে লগে সিফালৰ পৰা ফায়াৰ বিগ্ৰেডৰ চাইৰেন বাজি উঠিলেই নহয়
: তই চবৰে লগত চুলুং মুলুং কৰিবি। মোৰ লগত নকৰিবি দেই!
মই কলোঃ
তেনেকুৱা উদ্দেশ্য থকাহলে তোৰ ফোনটো ৰিচিভ নকৰোৱেই।
খঙেৰেই সি কলেঃ
আজিৰ ভিতৰত মোক টকা লাগে
মইয়ো গহীন হৈ কলোঃ
টকা মোৰ ৰেডী হৈ আছে। কিন্তু মই এতিয়া ফেৰীৰে মাজুলীলৈ আহি আছো।
উত্তেজিত হৈ সি সুধিলেঃ
কিয়?
কোমলকৈ মই কলোঃ
বাইদেউৰ চিৰিয়াচ। খবৰ পাই ন বজাৰ ফেৰীখনতে উঠি দিলো।
অকনমান ফোনটো আৰু ফেনখনৰ শব্দটোৰ কাষলৈ দি আকৌ কলোঃ
তই ফেৰীৰ ঘট ঘট শব্দ শুনা নাইনে?
সি কলেঃ
পাইছো। কেতিয়া ঘূৰিবি?
সি অলপ শান্ত হোৱা দেখি হাঁহিও উঠিল এই ভাৱি যে সি মাজুলীলৈ মই গৈ থকা কথাটো বিশ্বাস কৰিছে।
তথাপি তাক কলোঃ আজি ঘূৰিব নোৱাৰিম। কালিলৈ পাৰিম ছাগে!
"ঘৰ পালেহি ফোন এটা কৰিবলৈ" কৈ সি ফোনটো থৈ দিলে। চকীখনৰ পৰা নামি দেখিলো দেউতা মা আৰু ভন্টীহঁতে মোক ঘেৰা কৰি আছে। উৰহীৰ ওৰ উলিয়াও মানে দেউতাৰ মূখখন চলিলেই।
: ফেনখন এইদৰে চলাই থাকিলে কত ভাল হৈ থাকিব?
মই কলোঃ কিবা এটা পাবৰ বাবে কিবা এটা কৰিবই লাগিব!
মোৰ কথা শুনি দেউতাই বিশেষ একো প্ৰতিক্ৰীয়া দেখুওৱা যেন নালাগিল।
মাথো নামি আহোতে মোক ফেনখনৰ কানেকচনটো কাটি থৈ আহিবলৈ কলে।
এইদৰে নামি আহি পুণৰ কোঠা পালোহি। কি কথাত জানো বিচনাৰ তলখনত চকু পৰাত চকুকেইটা থৰ হৈ গল।
কিয় জানে?
বিচনাৰ তলত নাৰিকলৰ পুলি এটা থিয় কৰি থোৱা আছে। পুলিটো চিনি পালো। এই নাৰিকলৰ পুলিটো আজিৰপৰা এমাহমানৰ আগতে দেউতাই গাঁৱৰ মূৰৰ সাগৰ খুড়াৰ বাৰীৰ পৰা চুৰ কৰি আনিছিল। তাৰ তিনিদিন পাছত পুলিটো সিখন গাঁৱৰ কলীয়া খুড়াক বিক্ৰী কৰিছিল ১০০টকাত। কলীয়া খূড়াৰ বাৰীত পুলিটো এদিনহে থাকিল। সেইদিনা ৰাতিয়েই দেউতাই পুলিটো উভালি আনি পুনৰ এশ টকাত বগাই খুড়াক বিক্ৰী কৰিলে। বগাই খুড়াৰ বাৰীৰ পৰা উভালি একেটা দামত পেটুৱা দাইটিক দিলে। পেটুৱা দাইটীৰ বাৰীৰ পৰা তিনিদিনৰ পাছত আকৌ উভালি আনি আমাৰ নিজৰ খুড়াক ৮০ টকাত বিক্ৰী কৰিলে। এই ঠাইতে প্ৰক্ৰীয়াটো শেষ হব বুলি ভাৱিছিলো। কিন্তু নহল। সেই একেটা পুলিয়েই এতিয়া মোৰ বিচনাৰ তলত.....

হে প্ৰভু আমাৰ এই বুঢ়াটো কম নহয় দেই। দেখিছেনে বাৰু এটা নাৰিকল পুলিৰ পৰা কেনেকৈ অমৃত মন্হন কৰি আছে!....
(ক্ৰমশ)

No comments:

Post a Comment