যোৱাৰাতি সপোনত দেৱদূত এজনে মোক এটা মন্ত্ৰ
দিলে।পূৱা সাৰ পাই কিনো হয় চাও বুলি কাগজ এখনত মন্ত্ৰটো লিখি থলো।দিনটো
কামত বি জি থকাৰ বাবে কথাটো পাহৰিলো।আবেলি হঠাত্ মনত পৰাত মন্ত্ৰটো পঢ়ি
দিলো। আৰু বিশ্বাস কৰক মন্ত্ৰটো পঢ়াৰ পাছতে মোক কোনেও নেদেখা হৈ গল।মই
কিন্তু সকলোকে ঠিকে ঠাকে দেখিলো।পৰীক্ষাকে কৰি চাও বুলি দেউতাৰ গাত গাটো
লগাই পাৰ হৈ গলো। দেউতাই উচপ খাই উঠিল আৰু কোন অ বুলি চিঞৰি দিলে।এইবাৰ
দেউতাৰ পকেটত হাত ভৰাই দিলো।দেউতাই আকৌ
আয়ৈ এইটো কি অ বুলি তালফাল লগাই দিলে।পকেটৰ পৰা দেউতাৰ মনিবেগটো উলিয়াই
আনিলো।দেউতাৰ চিঞৰত মা ভন্টী দাদা সকলো দৌৰি আহিল।দেউতাই ভূত ভূত বুলি
চিঞৰিছে। মা দাদাহঁতে কত কত বুলি ইফালে সিফালে চাইছেহে চাইছে একো তত ধৰিব
পৰা নাই।এসময়ত মাহঁতে যেতিয়া শূণ্যত উপঙি থকা দেউতাৰ মনিবেগটো দেখিলে
তেতিয়া সকলোৱে সমস্বৰে ভূত ভূত বুলি চিঞৰি উঠিল।হাহিঁম নে কান্দিম
লাগিল।পৰিবেশটো অলপ বেলেগ ফালে ঢাল খোৱা দেখি দেউতাৰ মনিবেগটো আকৌ দেউতাৰ
পকেটত ভৰাই দিলোগৈ।মনিবেগটো শূণ্যত ওপঙি আকৌ দেউতাৰ পকেটলৈ ঘূৰি অহা দেখি
সকলো ফিউজ।চবৰে মূখৰ মাত নাইকীয়া হল। লাহেকৈ মন্ত্ৰটো মাতি পূণৰ মই
দৃশ্যমান হৈ পৰিলো।
(ধাৰাবাহিক লিখিম বুলি ভাৱিছো যদি আপোনালোকে ভাল পায়)
(ধাৰাবাহিক লিখিম বুলি ভাৱিছো যদি আপোনালোকে ভাল পায়)
No comments:
Post a Comment