লটিঘটি(৫)
আমাৰ ক্লাৱৰ ৰুপালী জয়ন্তী
অনুষ্ঠানলৈ তেতিয়া এসপ্তাহ আছিল।প্ৰকাশ পাবলগীয়া আলোচনীখন পাছদিনা প্ৰেছত
দিব লাগে।লগৰ কেবাজনে ৰাতি ক্লাবত বহি লিখনী বোৰ চাই আছে।মই সম্পাদকীয়টো
লিখি আছো।কেতিয়ানো ১২ বাজিল গমেই নাপালো।এজন এজনকৈ সকলো ইতিমধ্যে গুছি
গৈছে। ৰুবুল আৰু মইহে যাব পৰা নাই।চুক এটাত বহি চিগাৰেটৰ কুণ্ডলী উৰুৱাই
ৰুবুলে হিচাব নিকাচ মিলাই আছে।কেবাবাৰো চেষ্টা কৰিও সম্পাদকীয়টো মই
সম্পূর্ণ কৰিব পৰা নাই।এবাৰ লিখো এবাৰ
কাটো।ইপিনে টোপনীয়ে আগুৰি ধৰিছে।ৰুবুল তেতিয়াও নিজৰ কামত ব্যস্ত।একোবত
কালিলৈ পুৱা লিখিম বুলি ঘৰ পালোহি। বিচনাত পৰি দিয়া মাত্ৰকে টোপনি গ'ল।
পুৱা হুলস্হুলত সাৰ পাই গলো। ৰুবুলৰ গোটেই পৰিয়ালটো উঠি আহিছে।ৰুবুল নাই।
বুকুখন চিৰিংকৈ গল। কেনি গল ৰুবুল? ঘৰৰ মানুহে কন্দা কটা কৰিছে। মানুহবোৰ
পিঙা পিঙি দি ৰুবুলক বিছাৰি ফুৰিছে। পেন্টটো পিন্ধিবলৈ লওতেই পকেটৰ পৰা
ক্লাবৰ ছাবি কোচা সৰি পৰিল। আৰু সেই ছাবি কোচাতে ৰুবুলৰ সন্ধান পাই গলো।
লৰালৰিকৈ ক্লাব পালোগৈ।দৰজাখন খুলি দিলো।হাও হাওকৈ ওপৰলৈ মূখ মেলি চকীখনকে
ৰুবুলে ঘৰৰ বিচনা কৰি লৈছে।চবে মোক কুকুৰে কাইট নোখোৱা কৰিলে। কাৰণ আগদিনা
ৰাতি ময়েই তাক বন্দী কৰি থৈ গৈছিলো।
(ক্ৰমশ)
No comments:
Post a Comment