লটিঘটি(৩)
ইমানবোৰ হোৱাৰ পাছতো
অনুভুতিজনীয়ে লগ নেৰা হ'ল বুজিছে। ইন্টাৰেষ্টিং কথা কি জানে? মই পুৱা গা
ধোৱাৰ আগতে হেৰিলৈ গ'লেও তাই মোৰ কান্ধতে উঠি লয়হি।ইমান ডবিয়াও, নামি
নাহেহে নাহে। অৱশ্যে এটা কথা মোৰ সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে কবিতাই
হওক অথবা অন্য সাহিত্যই হওক কচৰত্ কৰাৰ বাবে সেই বাথৰুমৰ লগতে লাগি থকা
হেৰি'তকৈ উপযুক্ত জাগা কিন্তু ভু ভাৰস্তত নাই।ইমান নিৰব জাগা সেইকন! ঘীন
কৰিলেও কৰিব দেই! মোৰ কিন্তু বেছিভাগ
লেখনীয়েই তাত ভুমিস্হ হোৱা। যি কি নহওক কিবা এটা ভাবি সেইদিনাও মই পাক এটা
ঘূৰিবলৈও ঠাই নোহোৱা সেই হেৰি'টোত বহি আছিলো।ভাবি আছো ভাবিয়েই আছো। আহিল
প্লট এটা।জুকিয়াই জুকিয়াই গৈ আছো। গৈ আছো।....হঠাত্
হুৰহুৰ হুৰহুৰ.. ঘটলং ঘটলং.. উ উ উ উ উ..
ভূমিকম্প ভূমিকম্প ভূমিকম্প। কেতিয়ানো দৰজাখন খুলি হেৰিৰ পৰা চোতাল পালোহি
গমেই নাপালো। মই চোতাল পোৱালৈ ৰিখটাৰ স্কেলডালেও জিৰণি ললেগৈ
চাগে।তেনেকুৱাতে মায়ে মোক উদ্যেশি কলেঃ 'ঐ নীলাজ, নীলাজ? যা ইয়াৰপৰা'।
তেতিয়াহে চকু পৰিল তললৈ।আদিম মানৱ এজন হৈ লাজতে দৌৰি আহিলো বুজিছে 'কোলাবেৰী কোলাবেৰী' গীতটো গাই।
(ক্ৰমশ)
No comments:
Post a Comment