তিনিটা ককাই ভাই। তিনিওটা বেলেগ বেলেগ। ডাঙৰ
দুজন মহাপ্ৰতাপী। সৰু জনৰ নাম কাতিৰাম কাই ওৰফে কাতি। ডাঙৰ দুয়োজনৰে অসমীয়া
সমাজত মহা প্ৰতিপত্তি। দুয়োজনৰ আগমনত প্ৰতিঘৰ অসমীয়াই কাম বন বাদ দি
তেওঁলোকৰ অভ্যর্থনাত ব্যস্ত হৈ পৰে।কিন্তু সৰুজন এলাগী।শাওণৰ পথাৰত ৰ'দে
পোৰা গালখন লৈ তেওঁ দুৱাৰত টুকুৰিয়াইহি। পাত্তাই নিদিয়ে অসমীয়াই। দিনটো
পানী অকনো নিদিয়াকৈ তুলসী ভেটীটোতে বহিব দিয়ে। ডাঙৰ দুজন হোৱা হ'লে চিধাই
ড্ৰইংৰুমত নি দৈ চিৰা পিঠা পনাৰে দকচি
দকচি খুৱায়। কাতিৰাম কাই ভিকহু বাবেই আদৰ নাই। অভ্যর্থনা নাপায়। কালিও
আহিছিল তেও। দিনটো চোতালৰ আগৰ তুলসীৰ ভেটীটোতে বহি থাকিল। ৰ'দত ভোকে পিয়াহে
পেট পুৰিল। চাহ একাপ খাওক বুলিও নকলে কোনো গৃহস্হই। সন্ধিয়ালৈ মাহ প্ৰসাদ
কেইটামান দিলে অৱশ্যে। তেতিয়ালৈ কাতিৰাম কাই অৱশ হৈ পৰিল। অথচ প্ৰতিবছৰে
কাতিৰাম কাইয়ে প্ৰতিঘৰ কৃষিজীৱি মানুহলৈ সোণোৱালী আশা এমোনা কঢ়িয়াই আনে।
সেই আশাতে মানুহে নিজৰ ভৰালঘৰবোৰ মেৰামতি কৰে। ইমানবোৰৰ পাছতো কাতিৰাম কাইৰ
আদৰ নাই। মাহ প্ৰসাদকেইটা খায়েই কাতিৰাম কাই গুছি গল। তেওঁৰ চিগনেল পালেহে
আঘোণ আহে।
আশা কঢ়িয়াইয়ো যুগে যুগে এনেকৈয়ে কাতিৰাম কাই অনাদৃত হৈ আহিছে।
No comments:
Post a Comment