Saturday, March 9, 2013

আবেলি পৰত...

আবেলি পৰত আহিনীয়া বেলিটো নিলাজ হৈ পৰে! ৰাতিপুৱাই ৰিভলভিং চেয়াৰ এখনত ভৰি তুলি পুবৰ পৰা পশ্চিমলৈ টোপনীতে কাতি হৈ হৈ নিমজ আকাশৰ মজিয়াখনত চেয়াৰখন চোচোৰাই আনি আনি যেতিয়া আমাৰ পশ্চিম কোনৰ তামোলজোপাৰ পাতবোৰত উঠেহি তেতিয়াই তাৰ আচল মতলবটো ধৰিব পাৰি।ভেন্টিলেটৰৰ ফাকেদি সি ভিতৰবোৰ জুমি জুমি চায়।আমাৰ বেৰখনত তেতিয়া নিজৰ ঘাট জাল এখনত বহি মকৰা এজনীয়ে সন্তানক গাখীৰ খুৱাই থাকে। মকৰাজনীয়ে লাজতে পোৱালীকেইটা আতৰাই পথায়। কেলেন্দাৰৰ আৰঁত গর্ভৱতী জেঠী জনীয়ে পেট পেলাই শুই থাকে তেতিয়া। আহিনীয়া বেলিৰ টর্চৰ পোহৰ জেঠীজনীৰ পেটটোতে পৰে।আমাৰ ষ্টৰ ৰুমৰ ভগা পাচী এটাত পইতাচোৰা এজনীয়ে কাপোৰ সলায় গা ধোৱে সেই সময়ত।আহিনীয়া বেলীয়ে তাইকো জুমি চায়।আমাৰ অশোকফুলজোপাত থকা মৌপিয়াৰ বাহটোত চৰাইহালৰ আলিংগনখিনিকো সি চুৰ কৰি উপভোগ কৰে। তাৰ মতলব যে ভাল নহয় সেই কথা সকলোৱে জানে। সকলোৱে তাক শাও দিয়ে। তাৰ চকুদুটা ফুটাই দিবলৈ কয়। আৰু শাও লাগেও। আঘোণ মাহত বেলীটোৰ চকুত কুৱলীয়ে ধুলি চটিয়াই দিয়ে।আৰু তিনিমাহৰ বাবে বেলীটোৱে চকুৰে ভালদৰে নেদেখা হয়।মাঘৰ মেজীয়েহে তাক আৰোগ্য কৰে।

1 comment: