ঘৰখনৰ কোনো মানুহে মোক দেখিব নোৱাৰে। অথচ মোৰ
বাবেই তেওলোকে ভাতসাজ তৃপ্তিৰে খাব পাৰে।মোৰ ভাগৰ বস্তুটো বিছাৰি সদায় পুৱা
তেওঁলোক মোৰ কোঠালৈ আহে আৰু বস্তুটো নাপালে যিহে মোক চৈধ্য গোষ্ঠী উজাৰি
গালি এসোপা শুনাই গুছি যায়। কেনিও যাবই নোৱাৰো মই। চঞ্চল মনেৰে কেৱল
বাৰীখনৰ ভিতৰতহে ঘুৰি ফুৰিব পাৰো। চোতালখনলৈ গলেও বুঢ়াটোৱে খেদি আহে।
পাছফাললৈ গলেও বুঢ়ীজনী আৰু বোৱাৰীজনীয়ে যিহকে পায় তাকে দলিয়াই দিয়ে।মই হেনো
ফেৰেক ফেৰেক হাগো। সেয়ে তেওঁলোকে ঘীন
কৰে। হেৰ কোন জনমত মই তহঁতৰ ধাৰ খাই থৈছিলো তহঁতে যে মোক ইমান লেই লেই ছেই
কৰ? পুৱা গধুলি খুদকন এটাও যদি তাহঁতৰ পৰা পালোহলে! কেবাদিনো কথাবোৰ
লক্ষ্য কৰি আছিলো। ইহঁতকো এসেকা দিম ৰ বাপেক্কে।
তাহঁতকে দেখুৱাই
সেয়ে মই লেতেৰা বস্তুবোৰ খাব ধৰিলো। বুঢ়াটোৱে খেকাৰ এসোপা পেলায় তাকো সোলোপ
কৰে খাই থও। ইউৰিনেলৰ কাষৰ সেই পানী জমা হোৱা গেলা জেগাকনৰ পানীবোৰ খাও।
তাতকৈও আচৰিত ঘৰখনৰ পেন্দুকনাটোৱে উলিয়াই দিয়া পায়খানাবোৰো খাবলৈ হেলা নকৰো
আজিকালি!
চাল্লা। কনী খাবৰ বাবে 'মাইকী হাঁহ' পুহিব পাৰ অথচ দানা
খুৱাব নোৱাৰ? এতিয়া মই পৰা কনী খাই ভাল পাবি তহঁতে! তহঁতে ঘীন কৰা বস্তুকে
তহঁতক খুৱাম চাই থাক।
No comments:
Post a Comment