লটিঘটি(৫)
আমাৰ ক্লাৱৰ ৰুপালী জয়ন্তী
অনুষ্ঠানলৈ তেতিয়া এসপ্তাহ আছিল।প্ৰকাশ পাবলগীয়া আলোচনীখন পাছদিনা প্ৰেছত
দিব লাগে।লগৰ কেবাজনে ৰাতি ক্লাবত বহি লিখনী বোৰ চাই আছে।মই সম্পাদকীয়টো
লিখি আছো।কেতিয়ানো ১২ বাজিল গমেই নাপালো।এজন এজনকৈ সকলো ইতিমধ্যে গুছি
গৈছে। ৰুবুল আৰু মইহে যাব পৰা নাই।চুক এটাত বহি চিগাৰেটৰ কুণ্ডলী উৰুৱাই
ৰুবুলে হিচাব নিকাচ মিলাই আছে।কেবাবাৰো চেষ্টা কৰিও সম্পাদকীয়টো মই
সম্পূর্ণ কৰিব পৰা নাই।এবাৰ লিখো এবাৰ
কাটো।ইপিনে টোপনীয়ে আগুৰি ধৰিছে।ৰুবুল তেতিয়াও নিজৰ কামত ব্যস্ত।একোবত
কালিলৈ পুৱা লিখিম বুলি ঘৰ পালোহি। বিচনাত পৰি দিয়া মাত্ৰকে টোপনি গ'ল।
পুৱা হুলস্হুলত সাৰ পাই গলো। ৰুবুলৰ গোটেই পৰিয়ালটো উঠি আহিছে।ৰুবুল নাই।
বুকুখন চিৰিংকৈ গল। কেনি গল ৰুবুল? ঘৰৰ মানুহে কন্দা কটা কৰিছে। মানুহবোৰ
পিঙা পিঙি দি ৰুবুলক বিছাৰি ফুৰিছে। পেন্টটো পিন্ধিবলৈ লওতেই পকেটৰ পৰা
ক্লাবৰ ছাবি কোচা সৰি পৰিল। আৰু সেই ছাবি কোচাতে ৰুবুলৰ সন্ধান পাই গলো।
লৰালৰিকৈ ক্লাব পালোগৈ।দৰজাখন খুলি দিলো।হাও হাওকৈ ওপৰলৈ মূখ মেলি চকীখনকে
ৰুবুলে ঘৰৰ বিচনা কৰি লৈছে।চবে মোক কুকুৰে কাইট নোখোৱা কৰিলে। কাৰণ আগদিনা
ৰাতি ময়েই তাক বন্দী কৰি থৈ গৈছিলো।
(ক্ৰমশ)
নিজৰ মনোজগতত খুদুৱনি তুলি থকা ভাৱৰ বুৰবুৰণিবোৰক শব্দৰ মাধ্যমত প্ৰকাশ কৰাৰ এইয়া এক প্ৰচেষ্টাহে। সাহিত্য হৈছেনে নাই তাৰ বিচাৰৰ ভাৰ আপোনালোকৰ ওপৰত। ভুলবোৰ আঙুলিয়াই দিলে আলফুলে আকোৱালি লৈ সংশোধন কৰাৰ চেষ্টা কৰিম। - দিগন্ত বৰা৷
Saturday, March 9, 2013
শৰত আৰু বৰষুণ
শৰত আৰু বৰষুণ। ইটোৰে সিটোৰ ৰাহি যোৰা নাহে।
একেৰাহে বৰষুণ দি থকাৰ বাবে শৰতৰ মাদকতাখিনি এতিয়ালৈকে আমাৰ অগোচৰেই হৈ
আছে।ওন্দোলা আকাশখন দেখি কিবা এটা কৰো বুলি পুৱাতে মনটো বান্ধি ল'লো। আমাৰ
ঘৰৰ সন্মুখতে খুউব ওখ ইউকেলিপটাছ এজোপা আছিল। ১০০ মিটাৰ দীঘল ওৱায়েৰ এডাল
লৈ এমুৰে প্লাগ এটা ফিটিং কৰি টেবুল ফেন এখনৰ সৈতে সংযোগ কৰিলো।তাৰ পাছত
টেবুল ফেনখন পিঠিত বান্ধি লৈ গছজোপাৰ একেবাৰে ওপৰৰ ডাল এটাত আকাশলৈ মুৰ কৰি
টানি বান্ধি দিলো। কামটো কৰি নামি আহিলো
আৰু প্লাগটো চুইচ বর্ডখনৰ পিনকেইটাত ভৰাই চুইচটো দি দিলো। লগে লগে গছজোপাৰ
ওপৰত ফেনখন তীব্ৰভাৱে ঘূৰিব ধৰিলে। ডাৱৰবোৰ চেদেলি ভেদেলি হৈ গ'ল।
দুঘন্টামানৰ পাছত ক'ৰ ডাৱৰ কলৈ গ'ল ঠিকনা নাই। হাহি হাহি বেলিটো ওলাই আহিল।
যোৰহাটৰ আকাশ মোৰ বাবেই ফৰকাল আজি।আন জিলাইয়ো যদি মোৰ এই কাণ্ডৰ পৰোক্ষ
সুবিধা পাইছে নাজানো। আমি প্ৰচাৰ বিমুখ মানুহ।কোনো এটা নিউজ চেনেল আগবাঢ়ি
নাহিল বুজিছে টেলিকাষ্ট কৰিবলৈ।
বেলেগে এই কামটো কৰাহ'লে দেখিলেহেতেন! গোটেই দিনটো লাইভকে দেখাই থাকিলেহেতেন! আপোনালোকেতো কমচেকম আপডেট এটা দিব পাৰিলেহেতেন!
বেলেগে এই কামটো কৰাহ'লে দেখিলেহেতেন! গোটেই দিনটো লাইভকে দেখাই থাকিলেহেতেন! আপোনালোকেতো কমচেকম আপডেট এটা দিব পাৰিলেহেতেন!
লটিঘটি(৬)
লটিঘটি(৬)
সম্পর্কীয় জেঠাই এগৰাকীৰ গিৰিয়েক ঢুকাল।খবৰ কৰিবলৈ মায়ে খুউব কৈ আছিল।দেউতাই আগদিনাই কিবা কিবি আনি বেগত ভৰাই ফিটিং কৰি ৰাখিছে।মুঠতে মই লৈ গলেই হল।মৰাঘৰীয়াৰ মাতষাৰতো সুদা মুখেৰে লগাব নোৱাৰি।মাহ কল আপেল কমলা নাৰিকল এইকেইটা বস্তু হলেহে বেগটো গহীন হয়।দুপৰীয়া ১ মান বজাত তালৈকে উদ্যেশি ওলালো। মায়ে কলেঃবেগটো ষ্টৰ ৰুমতে আছে।চব ভৰাই থৈছো। বেগটো লৈ লৰালৰিকৈ মৃতকৰ ঘৰ পালোগৈ। জেঠাইৰ পুতেক বোৱাৰীয়েক ওলাই আহিল।ড্ৰইং ৰুমতে বহিবলৈ দি তেওঁলোকো ফ্লৰৰ কার্পেটখনতে বহি পৰিল।তেনেতে জেঠাই ওলাই অহাত বেগটো জেঠাইক দিলো।চাহ দিলে। প্ৰসাদ দিলে।এটা সময়ত যাও বুলি কৈ উঠি আহিব খোজোতে সকলোৰে মুখবোৰ সেমেনা সেমেনি কৰা দেখিলো।জেঠায়ে কলেঃ কথা এটা কও বেয়া নাপাবি।
মই কলোঃ নাপাও কোৱা জেঠাই।
জেঠায়ে কলেঃ খেতি খুউব কৰনেকি তই?
মই কলোঃদেউতাইহে কৰে।
আকৌ জেঠায়ে কলেঃ
সাৰ চাৰ দিয়নে নাই?
মই উত্সাহেৰে কলোঃ
দিয়ে। দিয়ে। খুউব দিয়ে।
কিছুপৰ ৰৈ জেঠায়ে পুণৰ কলেঃ
তেনেহলে তই বেগটো লৈ যা। দেউতাই সাৰ আৰু শইচৰ গুটি আনি থোৱা বেগটোকে তই লৈ আহিলি।তই অহাৰ পাছতে মাৰে কথাটো জানি মোক ফোনতে কথাবোৰ কৈছে।তই হেনো আজিকালি খুউব চিন্তা কৰি থাক?
শিল পৰা কপৌৰ দৰে মই থৰ লাগিলো।

নতুন বোৱাৰী
নতুন বোৱাৰীজনীৰ বাউসীটোৰ পৰা খেদা খাই বুঢ়ী
মহজনীয়ে কোনকোনাই কোনকোনাই মানুহ নথকা কোঠা এটাত উৰি ফুৰোতে বেৰৰ গজাল এটাত
ওলোমাই থোৱা প্লাষ্টিকৰ ৰঙীণ বেগ এটা দেখিলে।বেগটোৰ বাহিৰত লিখি থোৱা
আখৰবোৰ দেখি যেতিয়া গুৱাহাটীৰ জি এন আৰ চিৰ বেগ বুলি গম পালে তেতিয়া লাহেকৈ
তাই বেগটোৰ ভিতৰত সোমাই গ'ল। চিকিত্সালয়ৰ কাগজবোৰ তাই জোটাই পঢ়ি যাওতে
যাওতে একোবত ব্লাড ৰিপর্টটোত চকু পৰিল।ব্লাড ৰিপর্টটো পঢ়ি তাই ৰৈয়েই
নাথাকিল।একেটা কোঠাতে থকা আলমাৰী এটাৰ তলত থকা তাইৰ ঘৰ পালেগৈ। লগৰ আটাইবোৰকে মাতি আনি তাই কলেঃ এই পৰিয়ালৰ মানুহ এজনৰ মেলেৰীয়া হৈছে।
তাইৰ কথাত আটাইবোৰ ম'হে আনন্দতে জপিয়াব ধৰিলে।কুন কুন কৰি ইমানেই আনন্দত জপিয়াব ধৰিলে যে সেই সময়ত টি ভি চাই থকা বোৱাৰীজনীয়ে "উঃস ইমান ম'হ!" বুলি কৈয়েই পেলালে। মাইকী ম'হজনীয়ে তেতিয়া আটাইকে থেলামুৰি একোটা দি কলেঃএইটো আনন্দৰ কথা হলেও ই আমাৰ বাবে বিপদৰো আগজাননী। স্বাস্হ্য বিভাগে এতিয়া আমাৰ বিৰুদ্ধে ডি ডি টি নামৰ ইউনিফাইণ্ড কমাণ্ড লগোৱাটো নিশ্চিত। গতিকে আজিৰ ভিতৰত যি যেনেকৈ পাৰে যাকে তাকে কামুৰি বাসস্হান বদলি কৰিব লাগিব। চব নিজৰ কামত যা এতিয়াই। মহজনীৰ কথাত ম'হজাক নিজৰ নিজৰ কামত উৰা মাৰিলে।

লটিঘটি(৭)
লটিঘটি(৭)
সৌ সিদিনাৰ কথা। শাওণ মহীয়া পুৱা। চাৰে তিনি মানতে পোহৰ হয়েই।চাহ একাপ খাই গৰুহাল মেলি হাললৈ যাব ওলাওতেই ক'ৰপৰানো জানো অনুৰাগ এখিনিয়ে কুটকুটাই দিলেহি মনটোত! শাওণ মাহ।মৃদু বতাহ এছাটিয়ে শৰীৰত ঢৌ তুলি অদ্ভুতভাৱে মনটো পুলকিত কৰি তুলিলে।গৈ গৈ গাৱঁৰ মুৰ পালোগৈ। মোৰ আগে আগে বিমল গৈ আছিল। লগ এটা বিছাৰি সিও পাছলৈ ঘুৰি ঘুৰি চাই গৈ আছিল। মোক দেখি সি ৰৈ দিলে। আতৰৰ পৰাই সি চিঞৰি চিঞৰি সুধিলেঃ 'ক'ত যাৱ?'
অপ্ৰত্যাশিত প্ৰশ্নটো শুনি আপুনিয়েই কওকচোন মানুহে বিমলক মগজুৰ বিকৃতি ঘটা বুলি নাভাবিবনে বাৰু? তাৰ প্ৰশ্নত মই কলোঃ'ৰাষ্ট্ৰপতি ভৱনৰ পৰা আহোগৈ।'
লগে লগে বিমলে কলেঃ 'তই যে তালৈকে যাবলৈ ওলাইছ, তোৰ চেহেৰা দেখিয়েই বুজিছো।'
বিমলৰ কথাত আচৰিত হৈ নিজৰ চেহেৰাটো পৰীক্ষা কৰিলো।থিকেই আছে চেহেৰা। আনদিনাৰ দৰে একো নিপিন্ধাকৈ থকা নাই। চব পিন্ধিছো। সেয়ে প্ৰত্যয়েৰে কলোঃ 'টোপনীৰ জালত উঠি আহিছ যে! চেহেৰা বেলেগ দেখিবিয়েই।'
তেতিয়াই সি মোক যিটোহে য়র্কাৰ মাৰি দিলে যে উইকেট বচাবই নোৱাৰিলো বুজিছে।নিজকে নিজে সুধিলোঃ
'হে যশোদা নন্দন! এটা গ'ৰু মই ক'ত এৰি থৈ আহিলো বাৰু! গোহালীতে এৰি আহিলো ছাগে!'

কাতি বিহুৰ পকেট খৰছ
মোৰ কথা শুনি মানুহগৰাকীয়ে নিজা স্বামীক মাতি
আনিলে। ভয়ো লাগিল ধৰা পৰো বুলি।তথাপি লগোৱা দাড়ি কোচা থকাৰ বাবে আৰু মাতটো
সলাব পৰা গুণটোৰ বাবে মোৰ সাহস বাঢ়িল। মোৰ কথাবোৰ শুনি মানুহগৰাকীৰ
স্বামীদেৱতাও তবধ মানিলে। নামানিব কিয়। তেখেতৰ ঘৰখনৰ হুবহু বর্ণণা মই দি
দিছো। সৰু পুতেকটোৰ পৰা যে তেওঁলোকৰ অশান্তি হৈছে সেই কথাও কৈছো। অলপ দিনৰ
আগতে যে তেখেতৰ পকেটৰ পৰা টকা পাচ হাজাৰ হেৰাইছে তাকো কৈছো। তেখেতৰ এ টি
এমত যে টকা ১২৭৬২ টকা আছে সেই কথাও কৈছো।
তাৰোপৰি তেখেতৰ শোৱা ৰুমৰ টি ভি টোৰ কাষত যে গনেশৰ মূর্তি এটা আছে নোচোৱাকৈ
সেই কথাও কৈছো। এজন অচিনাকী সাধুৱে আপোনাৰ ঘৰত প্ৰবেশ কৰি এই কথাকেইটা কৈ
দিলে আপুনিও তবধ মানি নাযাব। অলপ পাছতে চাহ আহিল। জলপান আহিল। আৰু তেখেতৰ
সৰু লৰাটোৰ বাবে তাবিজ এটাৰো প্ৰস্তাৱ আহিল। ফুং ফাং কৰি বেগৰ পৰা তাবিজ
এটা উলিয়াই দি পশ্চিম দিশত পুতি থবলৈ কলো। নগদ এক হাজাৰ দি সেৱা কৰি মোক
বিদায় দিলে। বিদায় লৈ ইফালে সিফালে চাই কোনো মানুহ নেদেখাত কাষৰ হাবি এখনলৈ
সোমাই গলো।আৰু পোছাকযোৰ খুলি পেলালো।
প্ৰিয় পাঠক,এই যোগীজনেই মই অর্থাত্ সেই দম্পতিহালৰ সৰু পুতেকজন। কেনেকৈ নিজা ঘৰৰ পৰাই কাতি বিহুৰ পকেট খৰছ উলিয়ালো দেখিলে?
প্ৰিয় পাঠক,এই যোগীজনেই মই অর্থাত্ সেই দম্পতিহালৰ সৰু পুতেকজন। কেনেকৈ নিজা ঘৰৰ পৰাই কাতি বিহুৰ পকেট খৰছ উলিয়ালো দেখিলে?
কবিতা - মৃগ পহু
আজি সন্ধিয়া তুমি
মৃগ পহু এজনী হৈ
তুলসীৰ তলত চৰি থাকিবা।
ৰামচন্দ্ৰ হৈ মই
শৰ মাৰি দিম।
হাতৰ প্ৰসাদ হাততে থাকিব
খাবলৈ পাহৰি থাকিবা।
মৃগ পহু এজনী হৈ
তুলসীৰ তলত চৰি থাকিবা।
ৰামচন্দ্ৰ হৈ মই
শৰ মাৰি দিম।
হাতৰ প্ৰসাদ হাততে থাকিব
খাবলৈ পাহৰি থাকিবা।
ককাই ভাই
তিনিটা ককাই ভাই। তিনিওটা বেলেগ বেলেগ। ডাঙৰ
দুজন মহাপ্ৰতাপী। সৰু জনৰ নাম কাতিৰাম কাই ওৰফে কাতি। ডাঙৰ দুয়োজনৰে অসমীয়া
সমাজত মহা প্ৰতিপত্তি। দুয়োজনৰ আগমনত প্ৰতিঘৰ অসমীয়াই কাম বন বাদ দি
তেওঁলোকৰ অভ্যর্থনাত ব্যস্ত হৈ পৰে।কিন্তু সৰুজন এলাগী।শাওণৰ পথাৰত ৰ'দে
পোৰা গালখন লৈ তেওঁ দুৱাৰত টুকুৰিয়াইহি। পাত্তাই নিদিয়ে অসমীয়াই। দিনটো
পানী অকনো নিদিয়াকৈ তুলসী ভেটীটোতে বহিব দিয়ে। ডাঙৰ দুজন হোৱা হ'লে চিধাই
ড্ৰইংৰুমত নি দৈ চিৰা পিঠা পনাৰে দকচি
দকচি খুৱায়। কাতিৰাম কাই ভিকহু বাবেই আদৰ নাই। অভ্যর্থনা নাপায়। কালিও
আহিছিল তেও। দিনটো চোতালৰ আগৰ তুলসীৰ ভেটীটোতে বহি থাকিল। ৰ'দত ভোকে পিয়াহে
পেট পুৰিল। চাহ একাপ খাওক বুলিও নকলে কোনো গৃহস্হই। সন্ধিয়ালৈ মাহ প্ৰসাদ
কেইটামান দিলে অৱশ্যে। তেতিয়ালৈ কাতিৰাম কাই অৱশ হৈ পৰিল। অথচ প্ৰতিবছৰে
কাতিৰাম কাইয়ে প্ৰতিঘৰ কৃষিজীৱি মানুহলৈ সোণোৱালী আশা এমোনা কঢ়িয়াই আনে।
সেই আশাতে মানুহে নিজৰ ভৰালঘৰবোৰ মেৰামতি কৰে। ইমানবোৰৰ পাছতো কাতিৰাম কাইৰ
আদৰ নাই। মাহ প্ৰসাদকেইটা খায়েই কাতিৰাম কাই গুছি গল। তেওঁৰ চিগনেল পালেহে
আঘোণ আহে।
আশা কঢ়িয়াইয়ো যুগে যুগে এনেকৈয়ে কাতিৰাম কাই অনাদৃত হৈ আহিছে।
আশা কঢ়িয়াইয়ো যুগে যুগে এনেকৈয়ে কাতিৰাম কাই অনাদৃত হৈ আহিছে।
কি খুৱাম চাই থাক
ঘৰখনৰ কোনো মানুহে মোক দেখিব নোৱাৰে। অথচ মোৰ
বাবেই তেওলোকে ভাতসাজ তৃপ্তিৰে খাব পাৰে।মোৰ ভাগৰ বস্তুটো বিছাৰি সদায় পুৱা
তেওঁলোক মোৰ কোঠালৈ আহে আৰু বস্তুটো নাপালে যিহে মোক চৈধ্য গোষ্ঠী উজাৰি
গালি এসোপা শুনাই গুছি যায়। কেনিও যাবই নোৱাৰো মই। চঞ্চল মনেৰে কেৱল
বাৰীখনৰ ভিতৰতহে ঘুৰি ফুৰিব পাৰো। চোতালখনলৈ গলেও বুঢ়াটোৱে খেদি আহে।
পাছফাললৈ গলেও বুঢ়ীজনী আৰু বোৱাৰীজনীয়ে যিহকে পায় তাকে দলিয়াই দিয়ে।মই হেনো
ফেৰেক ফেৰেক হাগো। সেয়ে তেওঁলোকে ঘীন
কৰে। হেৰ কোন জনমত মই তহঁতৰ ধাৰ খাই থৈছিলো তহঁতে যে মোক ইমান লেই লেই ছেই
কৰ? পুৱা গধুলি খুদকন এটাও যদি তাহঁতৰ পৰা পালোহলে! কেবাদিনো কথাবোৰ
লক্ষ্য কৰি আছিলো। ইহঁতকো এসেকা দিম ৰ বাপেক্কে।
তাহঁতকে দেখুৱাই সেয়ে মই লেতেৰা বস্তুবোৰ খাব ধৰিলো। বুঢ়াটোৱে খেকাৰ এসোপা পেলায় তাকো সোলোপ কৰে খাই থও। ইউৰিনেলৰ কাষৰ সেই পানী জমা হোৱা গেলা জেগাকনৰ পানীবোৰ খাও। তাতকৈও আচৰিত ঘৰখনৰ পেন্দুকনাটোৱে উলিয়াই দিয়া পায়খানাবোৰো খাবলৈ হেলা নকৰো আজিকালি!
চাল্লা। কনী খাবৰ বাবে 'মাইকী হাঁহ' পুহিব পাৰ অথচ দানা খুৱাব নোৱাৰ? এতিয়া মই পৰা কনী খাই ভাল পাবি তহঁতে! তহঁতে ঘীন কৰা বস্তুকে তহঁতক খুৱাম চাই থাক।

কবিতা- সদ্যস্নাতা গাভৰুৰ মেঘালী চুলিৰ...
সদ্যস্নাতা গাভৰুৰ
মেঘালী চুলিৰ পানীবোৰেই
বাস্প হৈ আকাশত আজি
শৰতৰ শুকুলা ডাৱৰ হ'ল।
মেঘালী চুলিৰ পানীবোৰেই
বাস্প হৈ আকাশত আজি
শৰতৰ শুকুলা ডাৱৰ হ'ল।
কবিতা - ওৱেটিং লিষ্টত তুমি
তোমাৰ কথা ভাবি
ভগবানৰ কথা পাহৰিলো।
সেয়ে ছাগে এতিয়া
মোৰ আবেদনবোৰ ভগবানে
ওৱেটিং লিষ্টত ৰাখিছে।
ভগবানৰ কথা পাহৰিলো।
সেয়ে ছাগে এতিয়া
মোৰ আবেদনবোৰ ভগবানে
ওৱেটিং লিষ্টত ৰাখিছে।
লটিঘটি(৮)
লটিঘটি(৮)
বাল্যকালৰ কথা। মোক টিউচন কৰিবলৈ আবেলি আমাৰ ঘৰলৈ অহা বাইদেউ গৰাকীৰ পৰা আবেলি মোৰ খেলা কার্যত ব্যাঘাট হৈছিল।সেয়ে বাইদেউগৰাকীক দেখিবলৈ মন নোযোৱা হৈছিল। আবেলিৰ সময়কন আমাৰ বাবে মূল্যবান আছিল।স্কুলৰ পৰা আহি কিবা এটা খাই খেলিবৰ যো জা কৰোহে তেখেত আহি ওলাইহিয়েই নহয়। মূৰটো আচন্দ্ৰাই যায় একেবাৰে। সেইদিনাও খেলিবৰ বাবে পথাৰলৈ যাবলৈ ওলাইছোহে। আহিল নহয় বাইদেউ। খঙটোৱে মুৰত উঠিলগৈ। বাইদেউক কিবা এটা কৰিবই লাগিব বুলি মন বান্ধিয়েই পেলালো।খঙৰ ভমকতে জুইশালত দেউতাই গৰম আঙঠাত ৰঙা কৰি ৰখা লোহাৰৰ বিন্ধনাটোকে লৈ বাইদেউৰ পেটত ভৰাবলৈ খেদি গ'লো। বাইদেউৱে মোৰ হাতত তপত বিন্ধনা দেখি চিঞৰি চিঞৰি আমাৰ ঘৰৰ চাৰিওফালে দৌৰিব ধৰিলে। বাইদেউৰ চিঞৰ শুনি দেউতানো ক'ৰ পৰা ওলালহি জানো হালোৱা এচাৰি এডাল লৈ মোক খেদি গ'ল।বাইদেউক এৰি এইবাৰ মই দেউতাৰ ভয়তহে পলাব লগা হ'ল। দেউতাই খেদি আছে মই দৌৰি আছো। এপাকত পাছফালৰ দৰজাখনেৰে সোমাই গৈ দৰজাৰ চুকটোত লুকালো। দেউতা মোৰ কাষেৰে পাৰ হৈ গ'ল। তেতিয়াই কাম এটা কৰিলো। তপত বিন্ধনাটো লুকুৱাবলৈ জেগা বিছাৰি নাপায় মোৰ পেন্টৰ চাইড পকেট এটাতে ভৰাই দিলো। তাৰ পাছত কি হ'ল সেইয়া নকলেও হ'ব ছাগে। এতিয়াও কৰঙনত মোৰ সেই দাগ জিলিকি আছে।

Subscribe to:
Posts (Atom)