Tuesday, March 5, 2013

মোৰ কাহিনী (৫)

মোৰ কাহিনী (৫)

.....
তেনেতে দেখিলো বিছাৰি ফুৰা ভন্টীজনী শান্ত শিষ্ট হৈ পঢ়াৰ টেবুলত বহি কিবা এটা লিখি আছে। ভালকৈ দেখিলো তাই ইর্মাজেন্সী হলেহে লিখিবলৈ দিয়া ফুলস্কেপ কাগজ দিস্তাত কলম এটাৰে লিখি আছে। টিঙিচকৈ খঙটো উঠিলেই মোৰ। তাইক ঘৰত লিখিবৰ বাবে বাইদেউৱে টিউচন কৰা মানুহবোৰৰ ঘৰৰ পৰা কাঠ পেন্সিলবোৰ আনিয়েই দিয়ে। কাগজৰো কোনো অভাৱ নাই। ইলেকচনৰ সময়ত গাঁৱত মাৰিবলৈ দিয়া পোষ্টাৰবোৰ দম খাই আছেই। তাৰোপৰি বাতৰি কাকতৰ নিলিখা খালী বগা অংশবোৰ মই কাটি কাটি ৰিবন বনাই থৈ দিছোৱেই তাই নোট লিখিবৰ বাবে।
তথাপিতো তাইৰ বাহাদুৰি চা।
পূর্ণহতীয়া চৰ এটা সোধাই দিলোৱেই ৰৈয়েই নাথাকিলো। ঘৰখনৰ কাৰোবাৰ নহয় কাৰোবাৰ পৰা তাই মাৰ খায়েই। নাখাব কিয় যিখনহে ওভতি ধৰে তাই। ঘটাবোৰেহে জানো এক পইচাটোও ঘটিবলৈ কিমান মাথা মাৰিব লাগে। তহঁত বহি খোৱাবোৰে কি বুজিবি? মূখ মেলিছ খাইচ আৰু পোকৰ মেলিছ হাগিচ! তহতৰ কাৰণে দিনে ৰাতিয়ে দেউতা আৰু মই কিমান চিন্তা কৰি থাকো আমিহে জানো।
এইবোৰ কথা ভাৱিলে মোৰ চাউতকৰে সিদিনাৰ কাহিনীটোলৈ মনত পৰে। লগৰ লৰা এটাৰ ঘৰলৈ বুলি যাঁওতে ঠিক কানিমুনি আন্ধাৰ হৈছিল। গেটখন খুলি সোমাই যাওতে দেখিলো এটা মস্ত তলা বাৰান্দাৰ গেটখনত।
তথাপিতো কিজানি মানুহ সোমাই আছেই এই ভাৱি কলিং বেলটো টিপিলো। তিনিবাৰকৈ বেলটো বজোৱাৰ পাছতো যেতিয়া ভিতৰত কাৰোৰ একো সাৰ সিকটি নুশুনিলো তেতিয়া মোৰ লুভীয়া জিভাখন ১৬ ফুটমান দীঘল হৈ মূখৰ বাহিৰলৈ ওলাই আহি লিকলিকাব ধৰিলে। গ্ৰিলৰ ফাকেৰে বাৰান্দাত মাইকী ছোৱালীৰ চেন্দেল দুযোৰহে দেখা পালো। চেন্দেল দুযোৰ আনিবলৈও প্ৰব্লেম নহল। ওখ ডালিয়া জাতীয় ফুল এজোপাত খুটি এটাৰে ঢোকা দি থোৱা আছিল। সেইটোকে উভালি লৈ গ্ৰীলৰ সিপাৰৰ পৰা চেন্দেল দুযোৰ আনিলো। আৰু কিবা পাও বুলি এইবাৰ চাৰিওফালে চকু ফুৰাওতে নাইটী এটা আৰু আন্দাৰপেন্ট দুটা ডাৰ এডালত মেলি থোৱাত পালো। গোটেই কেইটা বেগটোত ভৰাই ৰৈয়েই নাথাকিলো। আহোতে আকৌ তিনিআলিৰ চুকৰ কনদাইটিৰ দোকানখনলৈ চকু পৰাত দেখিলোঃ মম এডাল জ্বলাই কনদাইটিয়ে গ্ৰাহকৰ বাবে টোপনীয়াই আছে। সূযোগটোনো কেলেই অথলে যাব দিও? পকেটত লৈ ফুৰা টেটেলি পেকেটত যে আহে নকল নোটবোৰ তাত পোৱা ১০ টকীয়া নোট এখন দি কাগজ এক দিস্তা কিনি আনিলো। কনদাইটীয়ে লাইটৰ পোহৰ নহলে যে একো মনিব নোৱাৰে সেই কথাটো আগতেই জানো।
বেলেগ গ্ৰাহক নথকাৰ বাবে ভালেই পালো। অ পাহৰিলোৱেই। ১০ টকা দি মচুৰ দালি ১৫০গ্ৰামো আনিলো। সেইটো কেনেকৈ জানে? আজিকালি যে নচলে ৫০ পইচাৰ মূদ্ৰা তাৰ দুটা লৈ ফেভিকল অকনমান দি যোৰা লগালে ৫ টকীয়া মুদ্ৰাটোৰ দৰে হৈ পৰে। তেনেকুৱা ৫ টকীয়া দুটা আছিল পকেটত। কনদাইটিয়ে সেই দুটা হাতেৰেই চুই চাই কেচ বক্সত ভৰাই থোৱা দেখি হাঁহিও উঠিছিল অৱশ্যে।

কথাখিনি এইবাবেই কলো যে ঘৰখনৰ কাৰণে দিনে ৰাতিয়ে কিমানখিনিলৈকে চিন্তা কৰো চাওকচোন। এইবোৰ কথা ঘৰখনৰ বাকীসকলে চিন্তা কৰিব লাগেনে নালাগে বাৰু আপুনিয়েই কওকচোন হেৰি।...
(ক্ৰমশ)

No comments:

Post a Comment